প্ৰেমৰ প্ৰস্তাৱ অমান্য কৰা বাবে মহিলাক হানি খুচি হত্যা যুৱকৰ

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ কৰিমগঞ্জ সমষ্টিৰ মিৰ্জাপুৰ মানদাপাৰা গাঁৱত যোৱা মাজনিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। শ্বেৰালিপুৰ গাঁৱৰ এজন যুৱকে মানদাৰপাৰা গাঁৱৰ এটা ঘৰত প্ৰৱেশ কৰি দুটা সন্তানৰ মাতৃক ডেগাৰেৰে হানি খুচি হত্যা কৰে।  জানিব পৰা মতে, বৃদ্ধা মাতৃ আৰু দুই সন্তানৰ সৈতে শুই আছিল ছাজনা বেগম নামৰ মহিলাগৰাকী। তেতিয়া ঘৰটোত প্ৰৱেশ ঘটিছিল প্ৰতিৱেশী ছাব্বিৰ আহমেদৰ। হাতত ডেগাৰ লৈ ঘৰটোত প্ৰৱেশ কৰা ছাব্বিৰ আহমেদে শুই থকাৰ অৱস্থাতে এগৰাকী মহিলাক হত্যা কৰে। মৃত মহিলাগৰাকীৰ নাম ছাজনা বেগম। শ্বেৰালিপুৰ গাঁৱৰ ছাব্বিৰ আহমেদ ঘাতকটোৱে প্ৰাণ ল’লে মহিলাগৰাকীৰ। মাজনিশা ঘৰৰ দুৱাৰ ভাঙি ডেগাৰেৰে হানি-খুঁচি হত্যা কৰে মহিলাগৰাকীক। নিজ কন্যাক চকুৰ সন্মুখতে আক্ৰমণ কৰি থকা দেখা পাই বচাবলৈ গৈছিল বৃদ্ধা মাতৃয়ে আৰু তেতিয়াই ছাজনাৰ বৃদ্ধা মাতৃকো আক্ৰমণ কৰে ছাব্বিৰে। কন্যাক বচাবলৈ চেষ্টা কৰোতেই আঘাতপ্ৰাপ্ত বৃদ্ধা মাতৃও। জানিব পৰা অনুসৰি ছাজনা নামৰ মহিলাগৰাকীক দীৰ্ঘদিনে প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল ছাব্বিৰ আহমেদ নামৰ যুৱকজনে। কিন্তু মহিলাগৰাকীয়ে কোনোপধ্যে প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল। মহিলাগৰাকীক বিভিন্ন ধৰণে ব্লেকমেইলিং কৰি আহিছিল ছাব্বিৰে।প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে ছাব্বিৰে মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।  ইফালে আক্ৰমণত গুৰুতৰ আঘাত পোৱা মাতৃ ৰাণু বিবিৰ চিঞৰ বাখৰত চাৰিওফালৰ মানুহবোৰক গোট খোৱা দেখি আক্ৰমণকাৰীয়ে কোনোমতে পলায়ন কৰিবলৈ সক্ষম হয়। স্থানীয় ৰাইজে থানাক খবৰ দিয়াৰ পিছত বদৰপুৰ আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰি সজনা বেগমৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আনহাতে বদৰপুৰ আৰক্ষীয়ে হত্যা কাণ্ডৰ আৰত কি ৰহস্য লুকাই আছে তাকেই লৈ তদন্ত অব্যাহত ৰাখিছে।উল্লেখ্য যে মৃত ছাজনাৰ স্বামী ডিমাপুৰত কৰ্মৰত আছিল। ইতিমধ্যে বদৰপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘাতক ছাব্বিৰ আহমেদক।