মানসিক ৰোগ
ৰূপালী গগৈ চুতীয়া
ডিব্ৰুগড়
দুদিনৰ আন্তৰিকতাক
আঁকোৱালি লৈ অন্তৰত
এবুকু সঁচা মৰম ঢালি দিলোঁ,
অবাঞ্চিত বানে উটুৱাই
লৈ গ’ল সঁচা মিছাৰ
শব্দৰ চানেকি পাছত হে
বুজি পালোঁ।
মানসিক ৰোগত ভুগিছে কোন
সুবিধা লবলৈ আৰম্ভ কৰা
লোকবোৰ আপোনাৰেই আপোন ,
হকে বিহকে আঘাত দি
সুখী হৈছে যেতিয়া আমিও
শিৰ পাতি ল’লোঁ
যি মন যায় কৈ যাওঁক
অসুখী আজি মন দাপোন ।
পাৰিলে এবাৰ ভাবি চাব চোন
কাক কেতিয়া কি কথা কয়
আপোনাৰ ব্যৱহাৰত পোৱা যায়
পৰিচয় আচল স্বৰূপ
তথাপিও আঁকোৱালি লৈ
লগত আছোঁ
এইয়াই মোৰ সঁচা আকুলতাৰ
হেঁপাহৰ সপোন
আজি মানসিক ৰোগত ভূগি আছোঁ
আপুনি জানিও ভাও ধৰিছে জানো
আপোনাৰ সুন্দৰ অভিনয়ত
মইও আপ্লুত হ’লো
সঁচাই আপ্লুত হ’লো ।