চিনাকি জোনটোৰ পোহৰত – মানসী মিশ্ৰ

Pc- istock

চিনাকি জোনটোৰ পোহৰত

মানসী মিশ্ৰ

পিৰালিতে আছোঁ ৰৈ…
এজাক মুকলি বতাহৰ বাবে ৰৈ
পূৰ্ণিমাৰ পিছৰ আকাশখনত
চিনাকি জোনটোৰ শেতা পোহৰ

২)
কেতিয়াবা  এন্ধাৰৰ সতেও
মিতিৰালি কৰি বৰ ভাল লাগে
নিশাফুলা ৰজনীগন্ধাৰ সুবাসত
হৃদয়খন আমোলমোল হৈ উঠে

৩)
সময়বোৰ একে নাথাকে অ’
আশাবোৰক কেতিয়াবা কেতিয়াবা
নিৰাশাৰ মেটমৰা বোজাটোক
হেঁপাহ পলুৱাই গিলিব খোজে।

৪)
এন্ধাৰৰ পিছত দেখোন পোহৰ আহে
মৰহা ফুলবোৰত আকৌ পাহি মেলে
বিচাৰি থকা মুকলি বতাহজাকে আকৌ
সমগ্ৰ পিৰালিকে পোহৰ কৰি তোলে।