তামাচা যেতিয়া জীৱনৰ হয়,তেতিয়া কলাকাৰ সমূহ বেছিভাগে নিজৰ মানুহে উলাই – চন্দ্ৰ শেখৰ পৰাজুলী

Pc- istock

তামাচা যেতিয়া জীৱনৰ হয়,তেতিয়া কলাকাৰ সমূহ বেছিভাগে নিজৰ মানুহে উলাই

চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি

মানুহৰ লগত মানুহৰ সম্পৰ্ক সদায় প্ৰেম আৰু বিশ্বাসৰ মাজেৰেই তিষ্ঠি থাকে। যেতিয়া মানুহৰ মাজত থকা প্ৰেম আৰু বিশ্বাসত অৱনতি ঘটে ঠিক তেতিয়া লাহে লাহে কৰি সম্পৰ্কবোৰৰ মাজত ফাট মেলিবলৈ ধৰে। এতিয়া কথা হল আমি জন্ম লোৱাৰ পিছৰে পৰা তেজৰ সম্পৰ্কৰ দ্বাৰা নাইবা অন্যান্য নানান আন্তৰিক সম্পৰ্কবোৰৰ জৰিয়তে কেতবোৰ মানুহক অন্যান্য মানুহৰ তুলনাত অতিকৈ আপোন বুলি ভাবিবলৈ ধৰো।কিন্তু বেচিভাগ ক্ষেত্ৰতে আমি সচাকৈ অতি আপোন মানুহবোৰক চিনাক্ত কৰিবলৈ বহু পলম কৰি দিওঁ নহয়নে ? ইয়াৰ ফলত আমি বেছিকৈ বিশ্বাসত লোৱা মানুহবোৰৰ পৰা সদায় আন্তৰিক কষ্ট পাবলগিয়া হয়।ইয়াৰ একমাত্ৰ কাৰণ হল অন্যান্য আত্মীয়, সম্পৰ্কীয় মানুহবোৰক নিজৰ দৰে ভাবিবলৈ আৰম্ভ কৰি দিয়া। আচলতে আপোনাৰ ভাল দিনবোৰত আপোনাৰ আপোন মানুহবোৰেও আপোনাৰ লগ দিবলৈ সুযোগ বিচাৰি ফুৰিব। কাৰণ আপোনাৰ পৰা নিজ নিজ স্বাৰ্থ সমূহ পূৰণ কৰাই তেওঁলোকৰ প্ৰধান লক্ষ্য হৈ পৰে।আৰু যেতিয়াই আপোনাৰ জীৱনৰ বেয়া দিনবোৰ আহিবলৈ ধৰিব তেতিয়াই আপোনাৰ স্বাৰ্থপৰ সম্বন্ধবোৰ উজাগৰ হবলৈ আৰম্ভ কৰিব।

আমি হয়তো সকলোৱে সমানেই ভুক্তভোগি যে,তামাচা যেতিয়া জীৱনৰ হয়,তেতিয়া কলাকাৰ সমূহ বেছিভাগে নিজৰ মানুহে উলাই । আচলতে আমি নিজৰ বুলি যিবোৰ স্বাৰ্থপৰ মানুহক বিশ্বাস কৰি লও সেইবোৰ মানুহে আপোনাৰ অনিষ্ট সাধনৰ বাবে ভিতৰি ভিতৰি সদায় ষড়যন্ত্ৰ চলায় থাকে। আৰু লগতে বাহিৰেদি আপোনাৰ লগত এক মধুৰ সম্পৰ্ক ৰক্ষা কৰি থকাৰ ভেকুভাওনা ধৰে। গতিকে নিজৰ জীৱনৰ তামাচা বনোৱাৰ পৰা বঞ্চিত হবলৈ হলে সদায় সতৰ্কতা অৱলম্বন কৰি চলক। আৰু একেবাৰে প্ৰকৃত অৰ্থত আপোনাৰ হিতকাৰী মানুহৰ লগতে সম্পৰ্কবোৰ ৰক্ষা কৰি আগুৱাই যোৱাৰ চেষ্টা অব্যাহত ৰাখক। অন্যথা কলাকাৰ সমূহৰ কলাত্মক কলা-কৌশলবোৰে আপোনাৰ জীৱনৰ এদিন নহয় এদিন তামাচা বনাইহে আত্মসন্তষ্টি লাভ কৰিব। তেতিয়া না ভালদৰে হাঁহিব পাৰিব না ভালদৰে কান্দিব পাৰিব।