বিশিষ্ট নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্তৰ দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ সাংস্কৃতিক জগতলৈ এক দুখৰ খবৰ । এটা যুগৰ অৱসান ঘটিল। এগৰাকী মহীৰূহে আজি ইহজীৱনৰ পৰা বিদায় মাগিলে।অসমৰ নাট্য জগতক উকা কৰি চিৰদিনৰ বাবে উভতি নহা বাটে গুচি গ’ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ তথা ৰাজ্য চৰকাৰৰ ‘অসম সৌৰভ’ বঁটাৰে বিভূষিত হেমন্ত দত্ত । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যৰ নাট্য আন্দোলনৰ পুৰোধা ব্যক্তিগৰাকীয়ে । হৃদৰোগ আৰু স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বিশিষ্ট নাট্যকাৰগৰাকী । কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত দেওবাৰে তেওঁক জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল। তাতেই চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে অসমৰ নাট্য জগতৰ মহীৰূহ হেমন্ত দত্তই । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ । তেওঁৰ মৃত্যুৰ খবৰে অসমৰ সাংস্কৃতিক জগতত এক অপূৰণীয় ক্ষতিৰ সৃষ্টি কৰিছে। এগৰাকী বিশিষ্ট অসমীয়া নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক আছিল তেওঁ। তেওঁ অসমৰ সাংস্কৃতিক জগতত নাটক, ভ্রাম্যমাণ থিয়েটাৰ আৰু চলচ্চিত্ৰৰ ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়াইছিল। ১৯৪১ চনৰ ২৪ ছেপ্টেম্বৰত দৰং জিলাৰ খাৰুপেটীয়াত জন্মগ্রহণ কৰা হেমন্ত দত্তই মঙলদৈত স্কুলীয়া শিক্ষা আৰু ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত কলেজীয়া শিক্ষা লাভ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল হলিৰাম দত্ত আৰু মাতৃৰ নাম বিৰজা বালা দত্ত।পিতৃ-মাতৃৰ চতুৰ্থ সন্তান আছিল তেওঁ। মঙলদৈত স্কুলীয়া শিক্ষা লাভ কৰা হেমন্ত দত্তই পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত কলেজীয়া শিক্ষা লাভ কৰিছিল। জানিব পৰা মতে, কানৈ মহাবিদ্য়ালয়ত পঢ়ি থাকোতে তেওঁ চৈয়দ চাদুল্লা, ৰাজেন গোঁহাই, হীৰেন গোঁহাই, ভবেশ গোস্বামী, প্ৰিন্স আদিৰ সংস্পৰ্শলৈ আহে। সেই সময়ত তেওঁ ‘কুইভাৰ্ছ বেণ্ড’ নামৰ এক সাংস্কৃতিক গোষ্ঠী গঠন কৰিছিল। তেওঁ লিখা প্ৰথম গীতটি ব্ৰজেন দাসে ডিব্ৰুগড়ৰ ‘ইণ্ডিয়া ক্লাব’ত পৰিৱেশন কৰিছিল। পৰৱৰ্তী সময়ত ১৯৭৭ চনত ‘নতুন আশা’ চলচ্চিত্ৰৰ জৰিয়তে তেওঁ পেছাগতভাৱে গীত ৰচনা কৰিবলৈ ধৰে। হেমন্ত দত্তই তেওঁৰ জীৱন কালত ৫০০তকৈ অধিক গীত ৰচনা কৰিছে। তাৰ ভিতৰত মই যি বাটেৰে ওলালো আজি, এই আকাশ বৰ বিশাল, তুমি আহিছিলা চেনাই আদি অতি জনপ্ৰিয়। তেওঁৰ গীতত জয়ন্ত হাজৰিকা, চাৰু গোঁহাই, মালবিকা বৰা, ৰাজেন গোঁহাই, ডলী ঘোষ, শান্তা উজীৰ, সমৰ হাজৰিকা আদিয়ে কন্ঠদান কৰিছে। তেওঁ সাদৰী, সোণমইনা, জীৱন সুৰভি, বহাগৰ দুপৰীয়া, শেৱালি, ইমান মৰম কিয় লাগে, এই মৰম তোমাৰ বাবে, হিয়া দিয়া নিয়া, নায়ক আদি চলচ্চিত্ৰৰ বাবেও গীত ৰচনা কৰিছিল। পিতা-পুত্ৰ ছবিখনত তেওঁ লিখা ১১৬ শাৰীৰ ‘বন্ধ কৰিব হাত, বন্ধ কৰিব মাত’ গীতটি সকলোতকৈ দীঘল অসমীয়া গীত বুলি কোৱা হয় । অসমৰ ভ্ৰাম্যমাণ নাট্য জগতত বিশিষ্ট নাট্যকাৰগৰাকীৰ বহু অৱদান আছে । ৩৫০ৰো অধিক নাটক ৰচনাৰ লগতে পৰিচালনা কৰি গৈছে বিশিষ্ট নাট্যকাৰ তথা পৰিচালকগৰাকীয়ে । ইয়াৰ উপৰি ৩ শতাধিক নাটকত অভিনয়ও কৰিছে বিশিষ্ট অভিনেতা হেমন্ত দত্তই । আনহাতে, নাট পৰিচালনা কৰাৰ উপৰি তেওঁ ১৯৮০ চনত মুক্তিপ্ৰাপ্ত ছবি ‘উপপথ’ পৰিচালনা কৰিছিল । তেওঁৰ নাট্য জগতলৈ অপূৰ্ব তথা অনন্য অৱদান হৈছে ‘টাইটানিক’ । ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে হেমন্ত দত্তৰ অপূৰ্ব সৃষ্টি এই ‘টাইটানিক’ৰ নাম শুনিলে আজিও দৰ্শক শিহৰিত হয় ৷ ‘৯০ৰ দশকতেই ‘টাইটানিক’ক ভ্ৰাম্যমাণৰ জৰিয়তে বাস্তৱ ৰূপ প্ৰদান কৰিছিল এইগৰাকী নাট্যকাৰে । পৰৱৰ্তী সময়ত এই নাটকখনে অভিলেখো সৃষ্টি কৰে ৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ সেই অভিলেখ আজিও ভংগ কৰিব পৰা নাই কোনো নাটকে ৷ ইয়াৰ উপৰি তেখেতৰ উল্লেখযোগ্য কেইখনমান নাট হৈছে, এটা নষ্ট ল’ৰাৰ গল্প, পথ, সেন্দূৰ, আকাশৰ দৰে মন, মুক্তি, চক্ৰবেহু, জেতুকা পাতৰ ৰং আদি । ইয়াৰ সমান্তৰালভাৱে ৫ শতাধিক গীতো ৰচনা কৰি গৈছে হেমন্ত দত্তই । ১৯৭৭ চনত ‘নতুন আশা’ চলচ্চিত্ৰৰ জৰিয়তে তেওঁ পেছাগতভাৱে গীত ৰচনা কৰিবলৈ ধৰে । হেমন্ত দত্তৰ ‘মই যি বাটেৰে ওলালোঁ আজি’, ‘এই আকাশ বৰ বিশাল’, ‘তুমি আহিছিলা চেনাই’ আদি গীত বহুলভাৱে আজিও জনপ্ৰিয় । আনহাতে, বিশিষ্ট নাট্যকাৰ, গীতিকাৰ তথা অভিনেতা হেমন্ত দত্তৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যমত লিখা এক শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে লিখিছে, “প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, অভিনেতা, পৰিচালক আমাৰ অতি শ্ৰদ্ধাৰ হেমন্ত দত্ত ডাঙৰীয়াৰ প্ৰয়াণৰ খবৰ শুনি অতিকৈ মৰ্মাহত হৈছোঁ ৷ কেইবা দশক ধৰি সাংস্কৃতিক ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়োৱা দত্ত ডাঙৰীয়াই লিখা প্ৰতিটো গীতেই একো একোটি চিৰসেউজ গীত ৷ একেধৰণে তেখেতৰ দ্বাৰা সৃষ্ট নাটকসমূহে প্ৰতিগৰাকী শ্ৰোতা-দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল ৷ প্ৰবীণ শিল্পীগৰাকীৰ বিয়োগ অসমৰ সমাজ জীৱন তথা সাংস্কৃতিক পৰিমণ্ডলৰ বাবে অপূৰণীয় ক্ষতি ৷ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ অৰ্থে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধক সমবেদনা জ্ঞাপন কৰিলোঁ ৷”