জনজাতিকৰণ আৰু ভূমি অধিকাৰৰ দাবীত ডিব্ৰুগড়ত আটাছুৰ জোঁৰলৈ সমদল
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ পুৰণি হাইস্কুল খেলপথাৰৰ পৰা জোঁৰলৈ সমদল বাহিৰ কৰে আটাছুৰ দুই শতাধিক কৰ্মকৰ্তাই। তাই আহোম জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ কৰাৰ লগতে খিলঞ্জীয়া ভূমি অধিকাৰ সুৰক্ষিত কৰা আৰু অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবীত জোঁৰলৈ সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আটাছুৱে। ডিব্ৰুগড়ৰ পুৰণি হাইস্কুল খেলপথাৰৰ পৰা থানা চাৰিআলিৰ লৈকে জোঁৰলৈ সমদল বাহিৰ কৰিছিল যদিও আদবাটতে আৰক্ষীয়ে বাধা আৰোপ কৰে প্ৰতিবাদকাৰীক। ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় তীব্ৰ বাকবিতন্দাৰ। উল্লেখযোগ্য যে বিজেপি চৰকাৰে শাসনলৈ অহাৰ পিছতেই টাই আহোমৰ লগতে ছয় জনগোষ্ঠীক জনজাতি কৰণ কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু আজি পৰ্যন্ত জনজাতিকৰণ নকৰাত টাই আহোম জনগোষ্ঠীক চৰকাৰে কেৱল নিৰ্বাচানী ইছ্যূ হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপিত কৰে প্ৰতিবাদকাৰীয়ে। সেয়েহে অতি শীঘ্ৰেই টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰে অন্যথা অনাগত নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুতৰ দিয়া হব বুলি জানিবলৈ দিয়ে আটাছুৰ প্ৰতিবাদকাৰীয়ে।