“কিয়”ৰ  অনুসন্ধানত – নাচিমা য়াচমিন

“কিয়”ৰ  অনুসন্ধানত

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

অন্যদিনাৰ দৰেই সেই দিনাখনো দূৰণিৰ নীল আকাশখনিত জিলিকি থকা ৰঙচুৱা সূৰুযৰ উজ্জ্বল কিৰণে আহি ধৰণিৰ কোমল আৱৰণটোক আলোকিত কৰি তুলিছিল। কিন্তু অন্যৰ বাবে এইয়া এটি নতুন পুৱা , নতুন আশা, হ’লেও চকুত হাজাৰ সপোন , হৃদয়ত অলেখ হেঁপাহ লৈ নিজা গাঁও, অত্যন্ত আপোন মা – দেউতা, প্ৰিয় মানু্হজনৰ পৰা নিলগলৈ  পঢ়িবলৈ যোৱা এগৰাকী ছাত্ৰীয়ে সেই মনোমোহা পুৱাটিক উপভোগ কৰিবলৈ  পৰা নাছিল।

ইউনিভাৰ্ছিটিৰ  হোষ্টেলৰ কোঠালীত তাইক উদ্ধাৰ কৰা হৈছিল চিলিং ফেনৰ সৈতে উলমি থকা অৱস্থাত। তৎক্ষণাৎ এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। অতি কম সময়ৰ ভিতৰতেই জুইৰ দৰে এই খবৰ বিয়পি পৰিছিল গোটেই কেম্পাচত। তাইৰ ঘৰৰ মানুহে এই দুঃখবৰটো শুনিয়েই মূৰ্ছা গৈছিল। ঘৰখনৰ ডাঙৰ ছোৱালী , তাইজনীক লৈ মা- দেউতাৰ কত যে সপোন আছিল। কৃষক দেউতাকে কপালৰ ঘাম মাটিত পেলাই নিজৰ অতিকৈ চেনেহৰ কন্যাজনীক চহৰৰ ইউনিভাৰ্চিটিলৈ পঢ়িবলৈ পঠিয়াইছিল স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ।

পল্লৱী ছোৱালীজনী সৰুৰে পৰাই বৰ মেধাৱী আছিল। কিন্তু তাইৰ এই অকাল মৃত্যুক  সহজতে মানি ল’বলৈ টান  হৈ পৰিছিল সকলোৰে বাবে। চঞ্চল স্বভাৱৰ,

 হাঁহি -ফুৰ্তি কৰি নাচি- বাগি ফুৰা ছোৱালী জনীয়ে আত্মহত্যা কৰিব — কথাটোৱে  বহুতৰে মনত সন্দেহ উপজাইছিল। তাইৰ মৃত্যুৰ আঁৰত নিশ্চয় কিবা অন্য ৰহস্য সোমাই আছে , বুলি গুণ- গুণনি আৰম্ভ হৈছিল।     সন্দেহৰ দুৰ্গন্ধখিনিয়ে চৌপাশে উৰি ফুৰিছিল ,লগতে অসত্য অভিযোগবোৰৰ কৰুণ আৰ্তনাদবোৰ।

পল্লৱীৰ মা -দেউতা গাঁৱৰ নিৰক্ষৰ মানুহ। তেওঁলোকে যিমান সম্ভৱ ইফাল সিফাল দৌৰা- দৌৰি কৰি অৱশেষত হাৰ মানি ল’লে। পুৱা- গধূলি কেৱল চকুলোঁ টুকি ভগৱানৰ ওচৰত দোষীয়ে যাতে শাস্তি পায় তাৰ বাবে প্ৰাৰ্থনা কৰি গ’ল। একমাত্ৰ বিশ্বাসৰ জৰীডাল আঁকোৱালি  ধৰি তেওঁলোকে দুখেৰে দিনবোৰ পাৰ কৰিবলৈ ধৰিলে।

কিন্তু তাইৰ প্ৰিয় মানু্হজন , গৌৰৱ — সি ঘটনাটোৰ উচিত তদন্তৰ বাবে যথোপযুক্ত প্ৰচেষ্টা অব্যাহত ৰাখে। তাৰ চকুত সদায় এটাই স্বপ্ন আহে, পল্লৱীয়ে কান্দি আছে। তাই ফেনত উলমি আছে। সহায় বিচাৰি আছে তাই। কাতৰ ভাৱে চিঞৰি আছে।

সি জঁপিয়াই বিছনাৰ পৰা সাৰ পাই উঠে। কিমান যে ৰাতি তাৰ চকুত টোপনিয়ে থিতাপি ল’ব পৰা নাই একমাত্ৰ সিহে জানে।

তাৰ মনত এটাই প্ৰশ্ন— কিয়? কিয় তাই এনেকুৱা এক কঠোৰ পদক্ষেপ বাচি ল’লে? এনে কি ডাঙৰ দুখ আছিল তাইৰ যে নিজৰ সুন্দৰ জীৱনটোক ঘৃণা  কৰিবলৈ বাধ্য হৈছিল? কি কাৰণত তাই আত্মহত্যাৰ দৰে মহাপাপ কৰিবলৈ বাধ্য হৈছিল,,,,,?

তাৰ এতিয়াও স্পষ্টকৈ মনত আছে — সেই অনামিশাৰ ক’লা ডাৱৰে আৱৰি থকা ৰাতিটোত তাই বৰ ফূৰ্তিত আছিল। সেইৰাতি প্ৰেমিক হালে ভিদিও কলত বহু পৰ কথাও পাতিছিল। পুৱা ন বজাৰ পৰা ইউনিভাৰ্ছিটিৰ ক্লাছ থকাৰ বাবে গৌৰৱেই তাইক একপ্ৰকাৰ দম দি শুবলৈ  বাধ্য কৰিছিল।

গৌৰৱৰ পৰা ধমকি এটা শুনি তাই অলপ মান অভিমান কৰিছিল। গাল দুখন লুচিৰ দৰে ফুলাই চকু দুটা চলচলীয়া কৰিছিল। গৌৰৱে তাইৰ অভিমানখিনি মৰমেৰে ভঙাইছিল। আৰু অহা সপ্তাহত তাইক লগ কৰিবলৈ গুৱাহাটী  আহিব বুলিও প্ৰতিজ্ঞাৱদ্ধ হৈছিল।

নিজৰ ভালপোৱা মানু্হ জনক লগ পাব বুলি ছোৱালী জনী আনন্দত আত্মহাৰা হৈ জঁপিয়াই উঠিছিল।

ভিডিও কল অন ৰাখিয়েই তাই ওঁঠত হাঁহি এমুঠি লৈ টোপনি গৈছিল। গৌৰৱে তাইৰ টোপনি যোৱা নিস্পাপ্ মুখনি হেঁপাহ পলুৱাই চাই আছিল।

সি হয়তো সপোনতো অনুমান কৰিব পৰা নাছিল যে এইয়াই সিহঁতৰ অন্তিম কথোপকথন হ’ব বুলি। তাইৰ জীৱন্ত মুখখন সি শেষবাৰৰ বাবে দেখা পাব বুলি।

সকলো ঠিকেই আছিল। অকস্মাতে  কল এটা আহিল  যে লগৰ ল’ৰা এটাৰ   এক্সচিদেণ্ট হৈছে। সি পল্লৱীক টোপনি যোৱা অৱস্থাতেই এৰি ওলাই যাবলৈ বাধ্য হৈছিল।  তাইক এৰি যাবলৈ তাৰ অলপ মানো মন যোৱা নাছিল , মনটোৱে যেন আগন্তুক বিপদৰ উমান আগতেই পাইছিল। মগজুয়েও আগতীয়াকৈ ইংগিত দিছিল। কিন্তু আমি মানু্হ বোৰে এই সকলোবোৰ আওকাণ কৰি পঠিয়াই সময়ত বৰ বেছি দুখ পাওঁ। যি কি নহওঁক গৌৰৱ ওলাই আহিছিল, বন্ধুৰ বিপদত সি নোযোৱাকৈ নোৱাৰিলে।

আজিও সি এই কথাটোতেই নিজকে ধিক্কাৰ দিয়ে। যদি সি সেই ৰাতি তাইক ভিদিও কলতেই ৰাখি থ’লে হয়,,,,,, তাইক এৰি সি ওলাই নগ’ল হয়,,,,

লগৰ ল’ৰাটোৰ দূৰ্ঘটনাটো বৰ বিশেষ নাছিল। সামান্য আঁঠুৰ ছাল বাকলি এৰাইছিল হে। কিন্তু গৌৰৱ, সি নিজৰ উশাহটোকেই হেৰুৱাই পেলাইছিল।

দুৰ্ঘটনাস্থলীত সিহঁতৰ লগৰ বহু কেইটাই  উপস্থিত আছিল। কিন্তু পল্লৱী, তাই অকলশৰে আছিল।  যিয়ে তাইৰ কাল মাতি আনিছিল। হয়তো সি কলত থাকিলে পল্লৱীয়ে এনে পদক্ষেপ — সি কেতিয়াও বিশ্বাস নকৰে তাৰ মৰমলগা, সাহসী, স্পষ্টবাদী, পল্লৱীজনীয়ে আত্মহত্যা কৰিছে বুলি। নাই লোৱা তাই নিজৰ জীৱনটোক কাঢ়ি। তাই ভালদৰেই জানে, তাইৰ জীৱনৰ লগত অন্য কাৰোবাৰ জীৱনো সাঙুৰি আছে , গৌৰৱৰ জীৱন। তাই গৌৰৱৰ প্ৰাণ। তাৰ হৃদয়ৰ স্পন্দন। তাৰ উশাহখিনি।

সকলো জানিও তাই ইমান বেছি স্বাৰ্থপৰ  কোনোপধ্যেই হ’ব নোৱাৰে। নিজৰ ভালপোৱাৰ ওপৰত গৌৰৱৰ এশ শতাংশ বিশ্বাস আছে।

কিন্তু কিয় তাইৰ লগত এনে ঘটনা ঘটিল,,,, ?কোনে, কি কাৰণত, কি অপৰাধত ফুলৰ দৰে নিস্পাপ ছোৱালী জনীৰ জীৱনটো কাঢ়ি ল’লে,,,,,?

এই   ”   কিয়”ৰ উত্তৰৰ অনুসন্ধানত গৌৰৱ গুৱাহাটী অভিমুখে ৰাওনা হয়। গুৱাহাটীত গৌৰৱৰ এজন উকীল বন্ধু  আছে। সি তেওঁক সহায় বিচাৰিলে। সি বন্ধুজনৰ ঘৰলৈ গৈ সকলো ঘটনা বিৱৰি ক’লে। বন্ধু জনে তাক হয়ভৰ দি সাহস যোগালে। তেওঁ যথা সম্ভৱ তাক সহায় কৰিব বুলি নিশ্চিত কৰিলে।

কেছ ৰি – অপেন হ’ল। নতুনকৈ ইনভেষ্টিগেশ্যন আৰম্ভ হ’ল। কিন্তু গৌৰৱৰ সকলো প্ৰচেষ্টা যেন বিফলৰ পথত। পুলিছে কোনো ধৰণৰ প্ৰমাণ বিচাৰি পাবলৈ সক্ষম নহ’ল। তদুপৰি পল্লৱীৰ বিষয়ে নানান অসত্য কথা উৰি  গৌৰৱৰ কাণত সোমাইহি।

“সৰু গাঁৱৰ পৰা ছোৱালীবোৰ আহি চহৰৰ আধুনিক  জাক -জ্বমকতাত ইমানেই প্ৰভাৱিত হৈ পৰে যে সিহঁতে নিজৰ প্ৰকৃত স্বৰূপ আৰু জীৱনৰ লক্ষ্য- উদেশ্যক পাহৰি এক অন্ধকাৰ পৃথিৱীলৈ গতি কৰে। পল্লৱীও তেঁওলোকৰ মাজৰে এজনী আছিল। তাইৰ শৰীৰতো চহৰৰ বিষাত্মক বতাহ ভালদৰেই লাগিছিল। হোষ্টেলৰ ৱাৰ্ডেনে হেনো তাইক দুবাৰ মান ৱাৰ্ণিং পৰ্য্যন্ত দিছিল। ঘৰলৈ ফোন কৰাৰ ভাবুকিও দিছিল। তাই হাতে ভৰিয়ে ধৰি কেনেবাকৈ ৰক্ষা পাইছিল। আৰু কত কথা,,,,,,,”

সকলোৱে এই কথাবোৰ বিশ্বাস কৰিব পাৰে। তাইৰ মা- দেউতাও  এবাৰ মানলৈ এইবোৰ কথা  সত্য বুলি বিশ্বাস কৰি মানি ল’ব পাৰে কিন্তু গৌৰৱ, সি কেতিয়াও নলয়। কৰণ সি জানে তাৰ পল্লৱীজনী কেনেকুৱা,,,,, প্ৰত্যেক দিনাই সিহঁতৰ মাজত সকলো সৰুবৰ কথা আদান প্ৰদান হৈয়ে আছিল। তেনে ক্ষেত্ৰত তাইৰ ওপৰত থকা অভিযোগ খিনি বাস্তৱত সম্পূৰ্ণ কৰিবলৈ তাই সময় ক’ত পালে,,,,, মিচা,  সকলো মিচা। নিশ্চয় ইয়াৰ পাছত কোনো ডাঙৰ ৰহস্য সোমাই আছে।

পুলিছে কোনো ধৰণৰ প্ৰমাণ বিচাৰি নাপায় উভতি যাবলৈ বাধ্য হয়। গৌৰৱৰ নিৰাশ মনটোৱে চিঞৰি চিঞৰি কান্দিব বিচাৰিছে। কিন্তু সি পৰা নাই।

হঠাৎ তাৰ চকু যায় খুটাৰ আৰৰ পৰা ছোৱালী এজনীয়ে চাই থকা ,ৰহস্যজনক ভাৱে। তাইৰ চকু জুৰিয়ে বৰ্ণনা কৰি দিছে যেন অকথ্য অলেখ কথা। গৌৰৱৰ উপৰিও তাই হয়তো বিচাৰে পল্লৱীয়ে ন্যায় পাওঁক। কিন্ত্ত তাই ভয় কৰি কথাবোৰ জনাবলৈ আগ বাঢ়ি আহিবলৈ সাহস কৰা নাই।

ডাৱৰৰ ক’লা  আৱৰণৰ ফাঁকেৰে অৱশেষত আশাৰ ৰ’দ এমুঠিয়ে জিলিকি উঠিলে। গৌৰৱে সেই ছোৱালী জনীৰ লগত ব্যক্তিগত ভাৱে কথা পাতিব বুলি নিৰিবিলি ঠাই এখনলৈ মাতি পঠিয়াইলে। তাইৰ মুখেৰে সকলো সত্য গম পায় গৌৰৱৰ মূৰৰ ওপৰত বিশাল আকাশ খন সহি পৰাৰ দৰে হ’ল।

কেৱল ইমানেই নহয়, ছোৱালী জনীয়ে তাক ভিদিও ক্লিপ এটাও দিয়ে, যিটো তাই ইমান দিনে গোপনে ৰাখিছিল, নিজৰ প্ৰাণৰ ভয়ত। তাই এই গোপন ভিদিঅ’ টো গৌৰৱক দিব, কিন্তু এটা স্বৰ্তত —তাইৰ নাম যাতে অজ্ঞাত থাকে। তাই দ্বিতীয় জনী পল্লৱী হ’ব নিবিচাৰে।

গৌৰৱে চিধাই থানালৈ যায় প্ৰমাণ সহকাৰে । পুলিচেও আচৰিত হয়। সময় নষ্ট নকৰি তেওঁলোক ওলাই যায় দোষীক গ্ৰেপ্তাৰ কৰিবলৈ।  পুলিছৰ মাৰৰ কোবত অৱশেষত হোষ্টেলৰ ৱাৰ্ডেনে মুখ খোলে।

পল্লৱীৰ ভুল ইমানেই আছিল যে তাইৰ অমানৱীয় ৰেগিংৰ বিৰূদ্ধে প্ৰতিবাদ কৰিছিল। ইউনিভাৰ্ছিটিৰ অথ’ ৰিটিৰ আগত কল্পেইন কৰিছিল। যাৰ পৰিনামত ৰেগিং কৰা  ছোৱালীৰ দলটোক  চাচপেণ্ড কৰিছিল। তাৰে প্ৰায় কেইজনী চহৰৰ নামি -দামী বিজনেছ মেনৰ আৰু উচ্চ পদষ্ঠ বিষয়াৰ পৰিয়ালৰ আছিল যিহেতু তেঁওলোকৰ খুব এটা অসুবিধা নহ’ল এইবোৰৰ পৰা ওলাই আহিবলৈ। টকাৰ বলত আজি কালি সকলো সম্ভৱ। কিন্তু তাৰ পাছতেই আৰম্ভ হয় পল্লৱীৰ ওপৰত অত্যাচাৰ। নানান প্ৰকাৰে তাইক সিহঁতে অতিস্থ কৰি তুলিছিল।

সেই ৰাতিৰ শেষৰ প্ৰহৰৰ সময়ত সিহঁত পল্লৱীৰ ৰূমত মনে মনে আহি সোমাইছিলহি। তাই আকৌ এবাৰ কম্পেইন কৰিব বুলি ভাবুকি দিয়াত  সিহঁতে তাইক মাৰ পিট পৰ্যন্ত কৰিছিল। কিন্তু সিহঁতৰ এই অত্যাচাৰে যে তাইৰ প্ৰাণ কাঢ়ি নিব ভৱা নাছিল। তেওঁলোকৰ হাতত বলি হ’ল এজনী দ্বীপ -লিপ যুৱতী যাৰ সন্মুখত আছিল এক সুন্দৰ ,উজ্জ্বল ভৱিষ্যত।

ভয় খাইছিল সিহঁতে। মাৰ্ডাৰ কৰাৰ অপৰাধত জেলত বন্দী হোৱাৰ ভয়ত ঘৰলৈ ফোন কৰি সকলো জনাইছিল। ঘৰৰ মানুহে মোটা অংকৰ ধনৰ বিনিময়ত  হোষ্টেলৰ ৱাৰ্ডেনক নিজৰ ফলীয়া কৰি লৈছিল।

সিহঁতে মিলি  পল্লৱীক ফেনৰ সৈতে ওলোমাই দি সকলো প্ৰমাণ ধ্বংস কৰি দিছিল। কিন্তু কথাতে কয় নহয়, সত্যৰ সদায় জয়। দেৰি হ’লেও দোষীয়ে এদিন শাস্তি পাবই। অপৰাধ কৰি কোনেও সাৰি নাযায়। এদিন নহয় এদিন ঠিক ধৰা পৰিব।

পল্লৱীয়ে ন্যায় পালে। দোষীয়ে উপযুক্ত শাস্তি পালে। গৌৰৱৰ এফাল পৃথিৱী মৰুভূমিত পৰিণত হৈ পৰিছে যদিও কোনোবা খিনিত এক সন্তুষ্টিৰ হাঁহি মাৰিছে কিয়নো সি যিটো “কিয়”ৰ অনুসন্ধানত ওলাইছিল সেইটো বিচাৰি পালে। পল্লৱীয়ে ন্যায় পালে।