একবিংশ শতিকাত ‘ভয়’ৰ প্ৰয়োজন আছে – ৰিতু ভৰালী,

Pc mike and susan dawson

একবিংশ শতিকাত ‘ভয়’ৰ প্ৰয়োজন আছে

ৰিতু ভৰালী,যোৰহাট

ভয়ৰ বয়স তেতিয়া কিমান আছিল আৰু এতিয়া কিমান  সেয়া মই নাজানোঁ। কাকততো উল্লেখ নাই ভয়ৰ নিৰুদেশৰ কাহিনী।জীৱনৰ পাতনিত অঁকা দেখিছিলো তাহানিতে;ভয়ৰ পোছাক।যিটো সংগ্ৰাহলয়ত সংৰক্ষণ কৰা হয়তো নহ’ল।মাকৰ মৰম বুটলিবলৈ জগতৰ ঈশ্বৰেও মনুষ্য ৰূপত জন্ম গ্ৰহণ কৰি মাতৃ যশোদাৰ ওচৰত সাধাৰণ হৈ ভয় কৰিছিল।তাহানিৰ এল. পি. স্কুল,এম. ই.স্কুলখনতে শিকিছিলোঁ কাইলৈ সোমবাৰ ভৰিৰ আঙুলিৰ নখ,হাতৰ আঙুলিৰ নখ,দাঁত পৰিষ্কাৰ,স্কুলৰ পোছাকৰ পৰিষ্কাৰ-পৰিচন্নতা আদিৰ কথা।”কালি কি কৰিবলৈ দিছিলোঁ তোমালোকক?” এই যে ঘৰত কৰি আনিবলৈ দিয়াৰ কৰ্মৰ কথা হাই স্কুলতে শিকিছিলোঁ।শিকিছিলোঁ সময়ৰ কাম সময়ত কৰিব লাগে।সময় অমূল্য ধন।এচাৰীৰে মাৰ খোৱাৰ কথা।’বন্দুকৰ নলীৰ আগত শান্তি ,এচাৰীৰ আগত শিক্ষা’ আচলতে তাতেই আছিল ভয় কাহিনী।ঘৰৰ কথাবোৰো ঠিক তেনেকুৱাই আছিল-পঢ়া সময়ত পঢ়া আৰু খেলা সময়ত খেলা।এটা ধৰাবন্ধা তালিকা।”যাওঁ যাওঁ মায়ে মাতিছে” মাত লগাওতেই ঘৰলৈ উভতি অহা কথাবোৰ কাকতত জিৰাবলৈ ভয়।

“দেহা ভাত খোৱাহি।”- মাক-দেউতাক,বাই-ভাই আদি বহি একেলগে ভাত খোৱাৰ মাটিৰ মজিয়াত দেউতাৰ কথাষাৰো সৌ তাহানিতেই হেৰাল।গুৰুক আগত দেখি লেহেম গতি কৰা খোজৰ,চাইকেলৰ দিনবোৰ আজিকালি সাধুকথাত থমকি নৰয়। সাধুবোৰ বৰষুণত তিতি উটি যায় কোনোবা কোণলৈ।দ্বিতীয়জনক বেয়া পাবলৈ দিবলৈ ভয় লগা অনুভৱবোৰ  জাহ গ’ল ক’ত? মৰিবলৈ ভয় লগা আৰু মাৰিবলৈ ভয় লগা পাৰ্থক্যৰ হিচাপ আজি নোহোৱা হ’ল। পুৱা-গধূলিৰ প্ৰাৰ্থনা থাকি গ’ল ক’ত? প্ৰাৰ্থনাও হেৰাল, ভয়ো হেৰাল।

আদর্শবোৰে বুজাব নোৱাৰা হ’ল-জীৱন উত্তীৰ্ণৰ এক সৰল অংক-‘ভয়’। ভয়ত মানুহে কান্দে।ভয়ৰ পাছতো মানুহে হাঁহে। ভয়লৈ কৃতজ্ঞতা জনাইছোঁ । নালাগে শুনাব অনাথ আশ্ৰম,বৃদ্ধাশ্ৰমৰ ভয়ৰ পদ্য।ভয়ৰ বাবে ভয় কিমান ওজনৰ।একবিংশ শতিকাৰ বয়সত ভয়ৰ প্ৰয়োজনীয়তা থাকিলে-প্ৰেম, সত্য, সদাচাৰ, সৎভাৱ, সৎকৰ্ম, সৎচিন্তাক আবেদন কৰক।দেখিব ভয়ে আপোনাকো জখলা বগাবলৈ শিকাব,জখলা বগাবলৈ শিকাব….।