মনত পৰে তোমালৈ – মনোৰঞ্জন বৰা 

মনত পৰে তোমালৈ

মনোৰঞ্জন বৰা 
 গোলাঘাট , দেৰগাঁও
তোমাক লগ পোৱা বহু বছৰ পাৰ হৈ গ’ল
হয়তো আকৌ যে লগ পাম
তাৰ আশা নাই ,, !
বহুত বাৰ চিঠি লিখিছোঁ তোমালৈ
ইয়াৰ উত্তৰত মাথোঁ নিৰুত্তৰ হৈ ৰৈছো ।
কেতিয়াবা অকলশৰীয়া অনুভৱ কৰিলে
তোমাৰ সেই ফটো খনলৈ বৰকৈ মনত পৰে,
য’ত ওলমি আছে এডাল
সুগন্ধি ফুলৰ মালা ,
যাৰ তলত লিখা আছে
শ্বহীদ জিন্টু গগৈ ।
বহুত মনত পৰে তোমালৈ ।
যদি সেই যুদ্ধ নহ’ল হেঁতেন
তেন্তে তুমি আজি আমাৰ মাজত হʼলা হেঁতেন।
তথাপিও জীয়াই আছা তুমি আজি
আমাৰ মনত , আমাৰ তেজত ।
প্ৰত্যেক ভাৰতীয় নাৰীৰ গৰ্ভত
 তুমি আজি ওমলি আছা ।
ভাৰতীয়ৰ বাবে তুমি বীৰ
তুমি সাহস , তুমি শক্তি , তুমি গৌৰৱ।
কুহেলিকাৰ মাজত তুমি,
কাচিয়লি ৰ’দ হৈ থিয় দিয়া বীৰ।
তোমাৰ তেজৰ ধাৰ নোৱাৰি দিব
মাথোঁ শতবাৰ কৰিম প্ৰণাম তোমাক ।
ভূপেন দাৰ দৰে কৈ যাওঁ
 ” শ্বহীদ প্ৰণামো তোমাক “
সঁচাকৈ  অʼ  ,
বহুত মনত পৰে তোমালৈ ।