গোপনতাৰ মহত্ব – মুজাম্মেল হ’ক

গোপনতাৰ মহত্ব 

মুজাম্মেল হ’ক,গুৱাহাটী

(১)
এটা ৰাতিৰ আয়ুস শেৱালি ফুলৰ
ৰাতিতে ফুলে-সৰে পৰিনাম ভুলৰ
যি অপেক্ষা পোহৰৰ
হ’ল সঙ্গ আন্ধাৰৰ
এনে প্ৰেম গোপনতা অজাতি কুলৰ।
(২)
অজাতি কুলৰ বাবে আন্ধাৰেই ভাল
এৰাতি প্ৰেম যদিও নাথাকে ভেজাল
তাতেই পূৰ্ণতা প্ৰাপ্ত
ভাল পোৱা অপৰ্যাপ্ত
ইৰ্ষাত পোহৰে লগাইছে তাল-ফাল।