অচিন ঘাটৰ ব্যথা
নাচিমা য়াচমিন, বিশ্বনাথ চাৰিআলি
এটি নীৰৱ নদীৰ পাৰত বহি,
কেতবোৰ মানুহে প্ৰতিদিনে
নিঃশব্দে বিৰহৰ অশ্ৰু মিহলাই,
আনহাতে
কিছুমানে আহি সুখৰ অৰ্ঘ্য বিলায়।
কোনে দেখে,
কোনে শুনে
নীৰৱতাৰ এই কৰুণ আৰ্তনাদ?
অচিন ঘাটত কিমান যে ব্যথাভৰা
একাকীয়ে বুকু তিয়ায় যায়,
অজানিতে ধ্বনিৰ সোঁতত
বেদনাবোৰ বিলীন হয়।
এটি অলক্ষ্য নিশা,
এটি মৰুভূমিৰ দৰে শূন্যতা…
আকাশৰ দৰে বিশালতা;
অনুভৱবোৰ আজি মৃত—
কোনে বা ভাবে, অন্যজনৰ কথা?
মানুহৰ অন্তৰৰ গভীৰতাত,
নিজেই নিজৰ বেদনাৰ শলিতাৰে
জ্বলাই উঠে অগ্নিশিখা।