ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত নৱাগত আদৰণী সভা

ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত নৱাগত আদৰণী সভা : লক্ষ্য আৰু উদ্দেশ্যবিহীন জীৱন অর্থহীন- বিচিপিএলৰ পৰিচালনন সঞ্চালক:প্রাঞ্জল চাংমাই

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ‘লক্ষ্য আৰু উদ্দেশ্যবিহীন জীৱন অর্থহীন।’ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি বি চি পি এলৰ পৰিচালন সঞ্চালক প্রাঞ্জল চাংমায়ে এইদৰেকয়। তেওঁ কয়— সকলোৰে জীৱনত এটা লক্ষ্য থকাতো প্রয়োজনীয়। লক্ষ্য আৰু উদ্দেশ্যবিহীন জীৱন এটা সঠিক পথেৰেপৰিচালনা কৰাতো কঠিন। মুখ্যদ্বাৰৰ পৰা আৰতি কৰি গায়ন-বায়ন, এন চি চিৰ কেডেটে উষ্ম আদৰণী জনায়। সভখনিত চাংমায়ে কয়—একাগ্রতা আৰু অধ্যৱসায়ৰ বলেৰেহে জীৱনৰ প্ৰকৃত লক্ষ্যত উপনীত হ’ব পাৰি। মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰদ্বাৰা পৰিৱেশিত সমৱেত সংগীতেৰে শুভাৰম্ভ হোৱা সভাখনিত তেওঁ ছাত্ৰ- ছাত্ৰীসকলক উদ্দেশ্যি কয় তোমালোকে পিতৃ-মাতৃৰ যি সপোন আৰু আশা কঢ়িয়াই এই মহাবিদ্যালয়ত পদাৰ্পন কৰিছা সেই সপোন পূৰণ কৰিবলৈ শিক্ষাগুৰুসকলে দেখুওৱা পথেৰে আগবাঢ়িবলৈ যত্ন কৰিবা। তেওঁ ছাত্ৰ জীৱনৰ স্মৃতি ৰোমন্থন কৰে আৰু নিজেই এইখন মহাবিদ্যালয়ৰ প্ৰাক্তনছাত্ৰ হোৱাৰ বাবে গৌৰৱবোধ কৰে। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্রাধ্যাপক ড০ গোপাল হাজৰিকাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কয়- – সময়ক মূল্য দিলে অজয়ক জয় কৰিব পাৰি। মহাবিদ্যালয়ৰ ছাত্ৰ গৌৰৱ চুতীয়া, কল্পজ্যোতি নেওগ, ৰাহুল শর্মা, ছাত্রী জ্যোতিষা মহন্তই আঁত ধৰা অনুষ্ঠানটিত ড০ হাজাৰিকাই নৱাগত ছাত্ৰ-ছাত্রীসকলক উদ্দেশ্যি কয় -পৃথিৱীত নিজকে শক্তিশালী ব্যক্তি ৰূপে গঢ় দিবলৈ হ’লে সদায় নিজৰ ভুল স্বীকাৰ কৰিবলাগিব আৰু সদায় সত্য বচন ক’ব লাগিব। তেওঁ কয় যি সময়ক মূল্য দিব পাৰে তেওঁৱেই জীৱনত কৃতকার্যতা লাভ কৰে ৷সময়ক মূল্য প্ৰদান কৰাৰ বাবেই কানৈ মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষই মহাবিদ্যালয়খনক উন্নতিৰ শিখৰত উপনীত কৰাবলৈ সক্ষম হৈছে বুলি তেওঁ মত প্ৰকাশ কৰে। মংগলাচৰণ আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সভাখনিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শ‍ইকীয়াই আদৰণী ভাষণ প্ৰদান কৰি নৱাগত ছাত্ৰ-ছাত্ৰীসকলক সময়ক অধিক গুৰুত্ব দি জীৱনত সফলতা লাভ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানটিত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীণ ফুকনে কয় সময়ে মুকলি কৰি দিয়া সুযোগ গ্ৰহণ কৰি নিজৰ জীৱনত বাট বুলিব লাগিব। ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক চন্দন দত্তই উদ্দেশ্য ব্যাখ্যাকৰা অনুষ্ঠানটিত কানৈ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অভিমন্যু বৰুৱা, দাতা সদস্য জ্যোতি প্ৰসাদ কানৈ, ডিএইচ এছ কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়দেৱ গগৈ, বি চি পি এলৰ জন সম্পৰ্কৰক্ষী বিষয়া (মানৱ সম্পদ) জয়ন্ত বৰুৱা, কানৈ মহাবিদ্যালয়ৰ উপাধ্যক্ষ অভিজিত বৰুৱাই নৱাগত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সাৱলীল বক্তব্য প্ৰদান কৰে।অনুষ্ঠানত মহাবিদ্যালয়ৰ ভালেসংখ্যক অধ্যাপক- অধ্যাপিকা, কৰ্মচাৰী আৰু ছাত্র-ছাত্রী উপস্থিত থাকে। অনুষ্ঠানৰ লগত সংগতিৰাখি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এক বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয় ।