এটি অলিখিত প্ৰেমৰ কবিতা – নিৰ্মালি বৰা হাজৰীকা

এটি অলিখিত প্ৰেমৰ কবিতা

নিৰ্মালি বৰা হাজৰীকা,নগাঁও

হৃদয়ত এতিয়া অঘোষিত সান্ধ্যআইন,
উশাহ -নিশাহৰ বাদে কাৰোৰে প্ৰৱেশ নিষিদ্ধ।
মৌন ওঁঠত আবৰি থকা নিঃসীম
হাঁহিটোত এক শব্দহীন যন্ত্ৰণা।
তুমি কথা ক’লেই এটি কবিতাৰ সৃষ্টি হোৱা হ’লে……?
তুমি হাঁহিলেই মোৰ হৃদয়ত এজাক পচোঁৱাৰ আগমন হোৱা হ’লে……?
মোৰ বুকুত ফুলিলে হ’লে এনিশাৰ মাতাল জোনাক।
বুকুৱে বুকুৱে বৈ যোৱা
সমস্ত ভালপোৱা চিৰ সেউজ হোৱা…..?
লিখিলোঁ হ’লে এটি জীপাল প্ৰেমৰ কবিতা  …।।