সাম্প্ৰতিক অসমীয়া সমাজ ব্যৱস্থাত ‘বেটী বচাও বেটী পঢ়াও’ আঁচনিৰ প্ৰাসংগিকতা
দ্বীপেন বৰুৱা
কেন্দ্ৰীয় চৰকাৰৰ ‘বেটী বচাও, বেটী পঢ়াও’ শীৰ্ষক আঁচনিখনে ইতিমধ্যে দহটা বৰ্ষ অতিক্ৰম কৰিছে৷ বৰ্ষপূৰ্তি উপলক্ষে প্ৰতিখন ৰাজ্য তথা জিলাত বিভিন্ন কাৰ্যসূচীও আয়োজিত হৈছে৷ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনত ৰূপায়ণ কৰা এই আঁচনিখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ ২২ জানুৱাৰীত হাৰিয়ানাৰ পানীপথত উদ্বোধন কৰিছিল। অসমৰ কামৰূপ (মহানগৰ) জিলাত একেটা বৰ্ষৰ ২৪ জানুৱাৰীত তদানীন্তন বিত্তমন্ত্ৰী প্ৰয়াত অৰুণ জেটলীয়ে ‘বেটী বচাও বেটী পঢ়াও’ শীৰ্ষক আঁচনিখনৰ শুভাৰম্ভ কৰিছিল৷ প্ৰথমাৱস্থাত ভাৰতৰ কেইখনমান ৰাজ্যতহে এই আঁচনিখন ৰূপায়ণ কৰা হৈছিল যদিও ২০২২ চনৰপৰা প্ৰতিখন ৰাজ্যতেই ইয়াক ৰূপায়িত কৰা হৈছে৷ এই আঁচনিৰ অধীনত ব্যাপক জন-আন্দোলন তথা সজাগতাৰ জৰিয়তে কন্যা সন্তানৰ জীৱনধাৰণ সুনিশ্চিত কৰাৰ লগতে কন্যা সন্তানৰ জীৱনলৈ আহিব পৰা বাধা তথা অনিশ্চয়তা দূৰীকৰণত গুৰুত্ব আৰোপ কৰা হৈছে। আঁচনিখনৰ অন্যতম উদ্দেশ্য হৈছে কন্যা শিশুৰ জন্মৰ অনুপাত সঠিক ৰূপে বজাই ৰখা আৰু তেওঁলোকৰ শিক্ষা আৰু সৱলীকৰণৰ বাবে ইতিবাচক পৰিৱর্তন সাধন কৰা।
‘বেটী বচাও, বেটী পঢ়াও’ হৈছে মূলতঃ একপ্ৰকাৰৰ সামাজিক প্ৰচাৰ অভিযান৷ কন্যা সন্তানৰ সৰ্বতোপ্ৰকাৰৰ কল্যাণ সাধন কৰাৰ উদ্দেশ্যে ৰূপায়িত এই আঁচনিখনৰ সাফল্যৰ বাবে বিভিন্ন বিভাগৰ সমন্বয়ত পদক্ষেপ গ্ৰহণ কৰি কাৰ্যব্যৱস্থা হাতত লোৱা হৈছে। কন্যা সন্তান জন্মৰ উৎসৱ আড়ম্বৰপূৰ্ণভাৱে উদযাপনৰ বাবে দেশজুৰি সচেতনতা গঢ়ি তোলাৰ লক্ষ্য হাতত লোৱা হৈছে। কন্যা শিশুসকলেও যাতে সম অধিকাৰ লাভ কৰি উপযুক্ত নাগৰিক হৈ গঢ়ি উঠিব পাৰে, তাৰ বাবেই কন্যা শিশুৰ জন্ম, প্ৰতিপালন আৰু বৈষম্যহীন শিক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰচাৰ অভিযান চলোৱা হৈছে। উল্লেখ্য যে কন্যা ভ্ৰুণ হত্যাৰ ঘটনা প্ৰতিৰোধ কৰাৰ বাবে সমগ্ৰ দেশতে চৰকাৰী খণ্ডত অন্যান্য বহুতো আঁচনি ৰূপায়ণ কৰিছে।
কন্যা শিশুৰ জীৱনৰ নিৰাপত্তাৰ লগতে শিক্ষাৰ নিশ্চয়তা প্ৰদান কৰিবলৈ ‘বেটী বচাও, বেটী পঢ়াও’ আঁচনিৰ অধীনত অভিভাৱকে কন্যা শিশু এগৰাকীৰ নামত বেংকত একাউন্ট খোলাৰ ব্যৱস্থা কৰা হৈছে৷ এই একাউন্টটো সুকন্যা সমৃদ্ধি একাউন্ট বুলি কোৱা হয় আৰু ই সম্পূৰ্ণৰূপে কৰমুক্ত৷ অভিভাৱকে কন্যাগৰাকীৰ ১৫ বছৰ বয়স পৰ্যন্ত এই একাউন্টত টকা জমা কৰিব পাৰে আৰু কন্যাগৰাকীৰ ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ পাছতহে এই একাউন্টৰপৰা টকা উলিয়াব পাৰিব৷
‘বেটী বচাও, বেটী পঢ়াও’ আঁচনিখনৰ প্রাসংগিকতা অসমীয়া সমাজ ব্যৱস্থাতো যথেষ্ট গুৰুত্বপূর্ণ৷ অসমীয়া সমাজ সংস্কৃতি, পৰম্পৰা আৰু মূল্যবোধেৰে সমৃদ্ধ হলেও লিংগভিত্তিক বৈষম্য, কন্যা শিশুৰ অবমূল্যায়ন আৰু শিক্ষাৰ অগ্ৰগতিত পুৰুষ-মহিলাৰ অসমান অংশগ্ৰহণ বৰ্তমানো এটা গুৰুত্বপূর্ণ সমস্যা হৈয়ে আছে৷ কন্যা শিশুক লৈ অসমীয়া সমাজত এক দ্বৈত দৃষ্টিভংগী দেখা যায়। এহাতেদি তেওঁলোকৰ প্ৰাপ্তবয়স্কতা উদযাপন কৰা হয়; আনহাতেদি সামাজিক আৰু আইনী বিধিসমূহে তেওঁলোকৰ উন্নয়নত বাধাৰ সৃষ্টি কৰে। পুৰুষক উপাৰ্জনকাৰী আৰু নাৰীক গৃহিণীৰ ভূমিকাত সীমাবদ্ধ ৰাখি বহু সমাজে লিংগ বৈষম্য বজাই ৰাখিছে। বৰ্তমান সময়ত চৰকাৰী চাকৰিত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পাইছে যদিও নেতৃত্ব স্থানত মহিলাৰ সংখ্যা অতি নগণ্য৷ কন্যা শিশুসকল প্ৰায়েই শাৰীৰিক, মানসিক আৰু যৌন নিপীড়নৰ সন্মুখীন হৈছে৷ আনকি চহৰ অঞ্চলতো শিক্ষা প্ৰতিষ্ঠান, পৰিবহণ ব্যৱস্থা আদিত কন্যা শিশুৱে নিৰাপত্তাহীনতা অনুভৱ কৰে। বহু ঠাইত আকৌ মহিলাই শিক্ষাৰ সুযোগ নাপায়; যাৰ ফলত তেওঁলোকে নিজৰ অধিকাৰ আৰু সুযোগসমূহৰ বিষয়ে সচেতন নহয়। ৰাজনৈতিক ক্ষেত্ৰখনতো মহিলাৰ অংশগ্ৰহণ সীমিত; ফলস্বৰূপে তেওঁলোকৰ সমস্যা তথা স্বাৰ্থসমূহ যথাযথভাৱে প্ৰতিফলিত হোৱা নাই৷
অসমীয়া ঐতিহ্যগত সমাজ ব্যৱস্থাত লিংগ বৈষম্য এক গুৰুত্বপূর্ণ সামাজিক সমস্যা হিচাপে পৰিগণিত হৈছে। একবিংশ শতিকাত বিজ্ঞান-প্ৰযুক্তিৰ সৃষ্টিয়ে সফলতাৰ উচ্চতম শিখৰত উপনীত হৈছে যদিও অসমীয়া মানুহৰ কিছুমান এলান্ধুকলীয়া চিন্তাধাৰা এতিয়াও সলনি হোৱা নাই৷ কোনো এখন চিকিৎসালয়ৰ সন্মুখত কিছুসময় ৰৈ থাকিলে লিংগ বৈষম্যৰ কথা অতি সহজে চকুত পৰে৷ বহু অভিভাৱকে নাৰ্চগৰাকী প্ৰসৱ কক্ষৰপৰা ওলাই অহালৈ উদ্বিগ্নতাৰে ৰৈ থাকে আৰু সন্তানটো ল’ৰা নে ছোৱালী – এই কথা জনাৰ বাবে উদগ্ৰীৱ হয়৷ সদ্যোজাত সন্তানটো ল’ৰা হ’লে গৃহস্থৰ আনন্দৰ সীমা নাথাকে আৰু ছোৱালী হ’লে লগে লগে গাল-মুখ ক’লা হৈ পৰিৱেশটো কাঁহ পৰি জীণ যোৱাৰ উপক্ৰম হয়৷ আনকি সমাজৰ নেতৃত্ব বহন কৰা একাংশ ব্যক্তিৰ মাজতো এনে চিন্তাধাৰা বৰ্তি আছে৷ যিসময়ত মহিলাই অসীম ধৈৰ্য, সাহস আৰু একাগ্ৰতাৰে বিভিন্ন দিশত পাৰদৰ্শিতা প্ৰদৰ্শনেৰে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে, সেই সময়তে কিন্তু সেই একেখন সমাজতেই আন একাংশৰ এনে নেতিবাচক মানসিকতাৰ বাবে সমাজখন পিছপৰি ৰৈছে।
কন্যা সন্তানৰ প্ৰতি সমান দৃষ্টিভংগী আৰু শিক্ষাৰ দিশত আগবঢ়াই নিবলৈ এক ধাৰণশীল সামাজিক সচেতনতা আৰু যোগাযোগ সৃষ্টি কৰিব লাগিব৷ শিশু লিংগ অনুপাতৰ নিম্নগামীতাৰ বিষয়টো জনসাধাৰণৰ আগত দাঙি ধৰাৰ লগতে এই অনুপাতৰ উন্নতিয়ে যে এক সু-প্ৰশাসনৰ মাপকাঠী, সেয়া দাঙি ধৰিবলৈ যত্ন কৰিব লাগে৷ তদুপৰি এই অনুপাত নিম্নগামী হোৱা জিলাসমূহত অহৰ্নিষে আৰু সু-সংহতভাৱে লিংগ বৈষম্যৰ দিশসমূহৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব৷ বিভিন্ন পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহ, নগৰ অঞ্চলৰ স্থানীয় সমিতিসমূহ, তৃণমূল পৰ্যায়ৰ ৰাজহুৱা কৰ্মীসকলক এক গোট কৰি এই বিষয়ক প্ৰশিক্ষণ প্ৰদানৰ যোগেৰে তেওঁলোকৰ জৰিয়তে স্থানীয় সম্প্ৰদায়, মহিলা সমিতি, যুৱ গোটসমূহক এই বিষয়ত সামাজিক পৰিৱৰ্তনৰ দিশলৈ আগবঢ়াই নিব লাগিব৷ ইয়াৰ জৰিয়তে লিংগভিত্তিক তথা শিশু অধিকাৰৰ লগত জড়িত থকা বিভিন্ন আন্ত:গাঁঠনি আৰু কাৰ্যসূচীসমূহ যাতে ভালদৰে ৰূপায়ণ হয়, সেয়াও নিশ্চিত কৰিব লাগিব।
‘বেটী বচাও, বেটী পঢ়াও’ৰ দৰে চৰকাৰী পদক্ষেপ তথা আঁচনিসমূহৰ প্ৰাসংগিকতা অসমীয়া সমাজ ব্যৱস্থাত দিনক-দিনে বৃদ্ধি পাব ধৰিছে৷ বৰ্তমান সময়ত এগৰাকী কন্যা সন্তানৰ গুৰুত্ব যে অপৰিসীম, সেই কথা প্ৰতিগৰাকী অভিভাৱকে উপলব্ধি কৰিবই লাগিব৷ তাৰবাবে প্ৰতিগৰাকী সচেতন নাগৰিকে দায়িত্ব পালন কৰিব লাগিব৷ এগৰাকী কন্যা সন্তান শিক্ষিত হোৱা মানে অনাগত সময়ত এখন সমাজ শিক্ষাৰ পোহৰেৰে উজ্জ্বল হোৱা৷ নিজৰ সন্তানক সুশিক্ষাৰে শিক্ষিত কৰি মানৱ সম্পদ কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত এগৰাকী মাতৃৰ যথেষ্ট অৱদান থাকে৷ সমাজখন আগুৱাই যাবলৈ হ’লে কন্যা সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবই লাগিব৷ এক সুস্থ বাতাৱৰণ সৃষ্টিৰে কন্যা শিশুসকলৰ উপযুক্ত সুৰক্ষা প্ৰদান কৰাটো প্ৰত্যেকৰে দায়িত্ব হোৱা উচিত। উপযুক্ত শিক্ষা প্ৰদানেৰে প্ৰতিগৰাকী কন্যা শিশুক সু- নাগৰিক হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত সমাজৰ প্ৰত্যেকেই দায়ৱদ্ধ হ’ব লাগিব৷
উপসংহাৰঃ
অসমীয়া সমাজত লিংগ সমতা, কন্যা শিশুৰ সুৰক্ষা আৰু শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত কিছু ইতিবাচক পৰিৱর্তন ঘটিবলৈ আৰম্ভ হৈছে যদিও অগণন বাধাও বিদ্যমান৷ জিলা প্রশাসন, বেচৰকাৰী সংস্থা তথা মহিলা আৰু শিশু বিকাশ বিভাগৰ সহায়ত গ্ৰাম্য অঞ্চলসমূহত জনসচেতনতা শিবিৰ, সজাগতামূলক নাট, জন-সজাগতা অনুষ্ঠান আদিৰ আয়োজনেৰে জনসাধাৰণক সজাগ কৰিবলৈ বিভিন্ন কাৰ্যসূচী ৰূপায়িত হৈছে৷ মহিলাৰ বাবে শিক্ষাৰ সুযোগ বৃদ্ধি কৰি তেওঁলোকক সচেতন আৰু স্বনির্ভৰ কৰিব পাৰিলে কিছু ইতিবাচক পৰিৱৰ্তন অৱশ্যেই আহিব। লিংগ বৈষম্য ৰোধ কৰিবলৈ চৰকাৰে কঠোৰ আইন প্ৰণয়ন আৰু প্ৰয়োগ কৰিব লাগিব। মহিলাসকলক আত্মনির্ভৰশীল কৰিবলৈ ঋণ, প্ৰশিক্ষণ আৰু কৰ্মসংস্থানৰ সুযোগ প্ৰদানেৰে অৰ্থনৈতিকভাৱে সৱল কৰি তুলিব পাৰি। সমান্তৰালকৈ ‘বেটী বচাও বেটী পঢ়াও’ ৰ দৰে অন্যান্য আঁচনিসমূহ যাতে কেৱলমাত্ৰ শ্ল’গান হৈ নাথাকে, তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব লাগিব৷ কাৰণ বহু গ্ৰামাঞ্চলত আজিও এই আঁচনিসমূহৰ সন্দৰ্ভত সঠিক তথ্য অথবা চেতনা নাই। অৱশ্যে কন্যা শিশুৰ বিষয়ে দৃষ্টিভংগীৰ পৰিৱর্তন আনিবলৈ কেৱল আঁচনিৰূপে নহয়, অৱচেতন মানসিকতাৰো পৰিবর্তন আৱশ্যক৷
(ঠিকনাঃ জিলা মহিলা আৰু শিশু বিকাশ বিভাগ, জিলা আয়ুক্তৰ কাৰ্যালয়, চৰাইদেউ)