অনুসূচিত জনজাতিৰ বাবে বিশেষ টেট- শিক্ষামন্ত্ৰী ৰণোজ পেগু

pc-Way2Barak

অনুসূচিত জনজাতিৰ বাবে বিশেষ টেট- শিক্ষামন্ত্ৰী ৰণোজ পেগু

অনলাইন বাৰ্ত্তাসেৱা- শিক্ষাখণ্ডৰ মুঠ ২২,৯২১ টা খালী হৈ থকা অনুমোদিত পদত নিযুক্তিৰ বাবে ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা কথা সদৰী কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। তেওঁ কয় যে ৰাজ্য চৰকাৰে ১ লাখ পদত নিযুক্তিৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ অংশৰুপে  কেবিনেটে  আৰক্ষী বিভাগত ১৫ হেজাৰ পদত নিযুক্তিৰ অনুমোদন জনোৱাৰ লগতে শিক্ষা বিভাগতো মুঠ ২২,৯২১ টা পদত নিযুক্তিত অনুমোদন জনাইছে। ইয়াৰ ভিতৰত ১০ হেজাৰ শিক্ষক পদ প্ৰাথমিক শিক্ষাত আৰু ১২,৯২১টা শিক্ষক পদ মাধ্যমিক শিক্ষাত পূৰণ কৰা হʼব। শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰা অনুসৰি পাৰ্বত্য অনুসূচিত জনজাতিৰ বাবে ১,৪৬৪ টা শিক্ষক পদ খালী হৈ আছে যদিও প্ৰাৰ্থীৰ অভাৱৰ বাবে এই পদ সমুহ পূৰণ কৰিব পৰা নাই। নিযুক্তিৰ বাবে পূৰ্বে বিজ্ঞাপন দিছিল যদিও কোনো প্ৰাৰ্থীয়ে আবেদন কৰা নাছিল। পাৰ্বত্য অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত শিক্ষক পদত নিযুক্তিৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে।

(R.T)