ডিব্ৰুগড়ত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস উপলক্ষে দেশভক্তি দিৱস পালন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস উপলক্ষে “দেশভক্তি দিৱস” উদযাপন কৰা হয়। অতিৰিক্ত জিলা আয়ুক্ত বিৰাজ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিছব্বিত বন্তি প্ৰজ্বলন কৰাৰ লগতে উপস্থিত সকলোৱে পুষ্প অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। দেশভক্তি দিৱস উপলক্ষে আয়োজিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন অনুষ্ঠানত সহকাৰী আয়ুক্তসকল ক্রমে অনন্যা চৌধুৰী, পূজা বড়া, জুৰি দলে, ডিব্ৰুগড় পূব ৰাজহচক্ৰৰ চক্ৰ বিষয়া সংলগ্ন সতীশ প্ৰসাদ প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য উচ্চ পদস্থ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।