মই আৰু মোৰ ছাঁ – মেৰী বৰদলৈ

মই আৰু মোৰ ছাঁ

 মেৰী বৰদলৈ
নগাঁও,ফুলগুৰি

মই আৰু মোৰ ছাঁ
মই মোৰ ছাঁটোক সুধিলোঁ
মই বাৰু কিবা
ভুল কৰিছোঁ নেকি…?
মোৰ কথা শুনি ছাঁটোৱে
ক’লে খন্তেক ৰখি
যদি ভুল কৰিছা
তেনেহলে ভুলৰ কৰা শুধৰণি
মই মোৰ ছাঁটোক সুধিলোঁ
মই বাৰু জগৰ
লগাইছোঁ নেকি…?
মোৰ কথা শুনি ছাঁটোৱে
ক’লে অলপ থমকি
যদি জগৰ লগাইছা
সময় থাকোতেই সেই
জগৰ ভাঙা
সময় গুচি গ’লে
নিস্তাৰ নাপাবা তুমি
মই মোৰ ছাঁটোক পুনৰ সুধিলোঁ
মই বাৰু অপৰাধ
কৰিছোঁ নেকি…?
মোৰ কথা শুনি ছাঁটোৱে
আকাশৰ নীলাবোৰলৈ
চাই ক’লে
মোৰ মনে নকওঁ
তুমি যেন অপৰাধী
আকৌ সুধিলোঁ
মই মোৰ ছাঁটোক
মই বাৰু কিবা আজুৰিছোঁ নেকি
তেওঁ পৰা
তেওঁলোকৰ পৰা…?
মোৰ কথা শুনি
মোৰ ছাঁটোৱে মোৰ বুকুত
হাত থৈ ক’লে
তুমি দেখোন নিজেই ভাগৰুৱা
বিষাদৰ টোপোলা
এটা কঢ়িয়াই লৈ ফুৰা
অন্ধকাৰ গলিত
কেনেকৈ পাৰিবা কাৰোবাৰ
বস্তু কাঢ়ি
তুমি সুখী হ’বলৈ
পাৰিবা জানো তুমি তোমাৰ দৰে
অন্য এজনক বিষাদৰ নদীত
ডুবাবলৈ
সেয়ে মোৰ মনে নকয় বন্ধু
তুমি আনৰ বস্তু কাঢ়ি খোৱা
ভক্ত বুলি…
শেষ বাৰলৈ পুনৰ সুধিলোঁ
মই মোৰ ছাঁটোক
তুমি মোৰ কোন হয়..?
ছাঁটোৱে মোৰ দুচকুলৈ চাই
কান্ধত হাত ৰাখি ক’লে
মই এটি ত্যাগি মনৰ
প্ৰাণৰ লাখুটি….