২০ হাজাৰ দুগ্ধপালকে প্ৰতিলিটাৰ গাখীৰত পাব ৫ টকাকৈ ৰাজসাহায্য
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০ জুলাইত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যৰ দুগ্ধ উৎপাদকসকলক প্ৰতিলিটাৰ গাখীৰত ৫ টকাকৈ ৰাজসাহায্য প্রদানৰ আঁচনিখনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। সংগঠিত দুগ্ধ প্রক্ৰিয়াকৰণ প্রকল্পত গাখীৰ যোগান ধৰা উৎপাদকসকলকহে সামৰি লোৱা এই আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ ৬০১খন দুগ্ধ সমবায় সমিতিৰ ২০ সহস্রাধিক দুগ্ধ উৎপাদক উপকৃত হ’ব। ২০২৫-২৬ বিত্তীয় বর্ষত এই আঁচনিখনৰ বাবে ১০ কোটি টকা ধাৰ্য কৰা হৈছে।
এই উপলক্ষে প্ৰদান কৰা ভাষণত অসমত দৈনিক গাখীৰৰ উৎপাদন ১০ লাখ লিটাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ৬০ শৰ্মাই কয় যে গুজৰাটত প্ৰতিদিনে ১.৫ কোটি লিটাৰতকৈও অধিক গাখীৰ উৎপাদন হয় আৰু আমূলকে ধৰি বিভিন্ন সংসাধন উদ্যোগৰ জৰিয়তে এই দুগ্ধ বজাৰলৈ আহে। তেনেদৰে কৰ্ণাটকত প্ৰতিদিনে ৮০ লাখ লিটাৰতকৈও অধিক গাখীৰ উৎপাদন হয়। নন্দিনী নামৰ এটা ব্ৰেণ্ডৰ জৰিয়তে ৰাজ্যখনৰ এই গাখীৰ বিপণন হয়। মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত গাখীৰৰ এখন বৃহৎ বজাৰ আছে আৰু প্ৰতিদিনে ৰাজ্যত প্রায় ২৯ লাখ লিটাৰ গাখীৰ উৎপাদন হয়। ইয়াৰ বিপৰীতে পূৰবী আৰু সীতাজখলা সমবায় সমিতিৰ জৰিয়তে মাত্র ১ লাখ লিটাৰ গাখীৰহে সংসাধন হৈ বজাৰলৈ আহে। ইয়াৰ পৰিপ্ৰেক্ষিততে ৰাজ্য চৰকাৰে সংসাধন হোৱা গাখীৰৰ পৰিমাণ প্রতিদিনে ১০ লাখ লিটাৰলৈকে বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে এই লক্ষ্য পূৰণৰ অৰ্থে সংসাধন সামর্থ্য বৃদ্ধিৰ লগতে দুগ্ধ উৎপাদকসকলকো উৎসাহিত কৰাৰ প্ৰয়োজনীয়তা আছে, যাতে তেওঁলোকে অধিক গাখীৰ সমবায় সমিতিসমূহক যোগান ধৰাৰ বাবে আগ্রহী হৈ উঠে। শুভাৰম্ভ কৰা এই আঁচনিৰ জৰিয়তে ৬০১খন দুগ্ধ সমবায় সমিতিৰ ২০ সহস্রাধিক দুগ্ধ উৎপাদকে প্রতিলিটাৰ গাখীৰৰ বাবদ ৫ টকাকৈ সর্বাধিক ৩০ লিটাৰ গাখীৰলৈকে এই ৰাজসাহায্য লাভকৰিব। পৰৱৰ্তী সময়ত আঁচনিখনৰ সফলতালৈ দৃষ্টি ৰাখি ৰাজসাহায্য প্ৰদানৰ বাবে ধাৰ্য কৰা গাখীৰৰ সর্বোচ্চ পৰিমাণ বৃদ্ধি কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। বিগত বৰ্ষত পূৰবী ডেইৰীৰ সংসাধন ক্ষমতা ৬০ হাজাৰ লিটাৰৰ পৰা ১.৫ লাখ লিটাৰলৈ অসম চৰকাৰৰ আৰ্থিক সাহায্যৰে বৃদ্ধি কৰা হৈছিল বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে এডভান্টেজ আছাম-২.০ সন্মিলনত আমূল আৰু নেচনেল ডেইৰী ডেভেলপমেন্ট ব’ৰ্ডৰ সৈতে অসম চৰকাৰৰ দুখন চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ আধাৰত আমূলে গুৱাহাটীৰ সমীপৱৰ্তী ৰাণীত দৈনিক ১ লাখ লিটাৰ গাখীৰ সংসাধন সামর্থ্যৰ এটা প্রকল্প স্থাপন আৰু নেচনেল ডেইৰী ডেভেলপমেন্ট ব’ৰ্ডে পূৰবী ডেইৰীৰ উৎপাদন ক্ষমতা ৩ লাখ লিটাৰলৈ বৃদ্ধিৰ পদক্ষেপ গ্রহণ কৰিছে। কন্যকাতো ২৫ হাজাৰ লিটাৰ গাখীৰ সংসাধন সামর্থ্যৰ এটা প্ৰকল্পৰ কাম শীঘ্ৰে সমাপ্ত হ’ব। সীতাজখলা দুগ্ধ সমবায় সমিতিয়েও অনুৰূপ পদক্ষেপ হাতত লৈছে। নেচনেল ডেইৰী ডেভেলপমেন্ট ব’ৰ্ডৰ সৈতে হোৱা বুজাবুজি চুক্তিৰ আধাৰত নৰ্থ-ইষ্ট ডেইৰী ফুড লিমিটেড নামৰ এটা যুটীয়া প্রতিষ্ঠান ইতিমধ্যে গঠন কৰা হৈছে। শিলচৰত থকা ৫ হাজাৰ লিটাৰ ক্ষমতাসম্পন্ন দুগ্ধ সংসাধন প্রকল্পটো এই যুটীয়া প্রতিষ্ঠানটোক হস্তান্তৰ কৰা হৈছে। ইয়াৰ উপৰি নলবাৰী, বৰপেটা আৰু বজালীত দৈনিক মুঠ ২০ হাজাৰ লিটাৰ দুগ্ধ সংসাধন প্রকল্প আৰম্ভ কৰা হৈছে বুলি সদৰী কৰি তেওঁ কয় যে ধেমাজি, ডিব্ৰুগড়, যোৰহাট আৰু বোকাখাতত ৫ হাজাৰ লিটাৰকৈ সংসাধন সামর্থ্যৰ তিনিওটা প্রকল্প নর্থ-ইষ্ট ডেইৰী ফুড লিমিটেডলৈ হস্তান্তৰ কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ সহযোগত নর্থ-ইষ্ট ডেইৰী ফুড লিমিটেডে ধেমাজি, যোৰহাট আৰু ডিব্ৰুগডত দৈনিক ১ লাখ লিটাৰকৈ সংসাধন কৰিব পৰা প্ৰকল্প নির্মাণত অসম চৰকাৰে মঞ্জুৰি দিছে। এই দুগ্ধ সংসাধন প্রকল্পসমূহক দৈনিক যথেষ্ট পৰিমাণে গাখীৰৰ প্ৰয়োজন হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিততে ৰাজ্য চৰকাৰে অসমৰ ৪ হাজাৰখন গাঁৱত দুগ্ধ সমবায় সমিতি গঠনত গুৰুত্ব আৰোপ কৰিছে। এই দুগ্ধ সমবায় সমিতিসমূহৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত দৈনিক ১০ লাখ লিটাৰ গাখীৰ সংসাধনৰ লক্ষ্য লোৱা হৈছে। এই পদক্ষেপৰ আধাৰত অসমে উত্তৰ-পূৰ্বাঞ্চল বা অন্যান্য ৰাজ্যৰ বজাৰলৈও সংসাধন হোৱা গাখীৰ ৰপ্তানি কৰিবলৈ সমৰ্থ হ’ব পাৰিব। শুভাৰম্ভ কৰা আঁচনিখনৰ জৰিয়তে দুগ্ধ উৎপাদকসকলক প্ৰতিমাহৰ এটা নির্দিষ্ট দিনত নিজ নিজ একাউণ্টত ৰাজসাহায্যৰ ধন প্ৰদান কৰা হ’ব। ৰাজ্যত গঠন হ’বলগীয়া ৪ হাজাৰখন দুগ্ধ সমবায় সমিতিক খীৰতী গাই ক্ৰয়ৰ বাবে প্ৰথম অৱস্থাত পুঁজি যোগান ধৰাৰো পৰিকল্পনা আছে বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাজ্যত দুগ্ধ উৎপাদন বৃদ্ধিয়ে সমাজৰ শেষৰ শাৰীৰ ব্যক্তিগৰাকীকো উপকৃত কৰিবলৈ সমৰ্থ হয়। মাছ উৎপাদনৰ দিশেৰে অসমে আজি স্বাৱলম্বিতা অৰ্জন কৰিছে। আমাৰ লক্ষ্য গাহৰি মাংস আৰু দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো যিমানদূৰ সম্ভৱ শীঘ্ৰে স্বাৱলম্বী হোৱা। দুগ্ধ সমবায় সমিতিসমূহে মৌ মাখি পালন, গৰুৰ গোবৰৰ পৰা জৈৱ গেছ, জৈৱ চিএনজি উৎপাদনৰ দৰে আৰ্থিক উৎপাদন বৃদ্ধিৰ অন্যান্য পদক্ষেপ গ্ৰহণ কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।
মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনত গাখীৰৰ উৎপাদন বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে লিংগ-নিৰ্ধাৰিত শুক্র আঁচনি কাৰ্যকৰীকৰণৰ জৰিয়তে ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ২০২৪-২৫লৈ ২.১৬ লাখ পালি হিমায়িত শুক্র ক্ৰয় কৰিছে। এই আঁচনিৰ অধীনত বর্তমানলৈ ২৭,৭৪৮টা চেউৰীয়ে জন্মলাভকৰিছে। গিৰ গাই আৰু ৰাজ্যৰ থলুৱা লখিমী গৰুৰ মাজত প্ৰজননৰ জৰিয়তে অধিক গাখীৰ দিব পৰা গৰুৰ প্ৰজাতি এটা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। গাখীৰৰ গুণগত মান সুনিশ্চিত কৰাৰ বাবে দুগ্ধ উন্নয়ন বিভাগে ৫টা সুকীয়া স্থানত দুগ্ধ পৰীক্ষাগাৰৰ আন্তঃগাঁথনি স্থাপন কৰিছে। অসমত দুগ্ধ বিপ্লৱ সূচনা কৰাৰ যথেষ্ট সমল আছে আৰু এই দিশত বিজ্ঞানী সমাজৰ পৰা দুগ্ধ উৎপাদকলৈ আৰু সমবায় সমিতিৰ পৰা গো-পালকলৈ সকলোৱে মিলি এটা পৰিৱেশ গঢ়ি তুলিব লাগিব। প্রথমবাৰৰ বাবে দুগ্ধ উৎপাদকসকলৰ বিষয়ে চৰকাৰীভাৱে চিন্তা কৰা হৈছে আৰু দুগ্ধপালকসকলক অসমৰ অৰ্থনীতিৰ এক অন্যতম শক্তি হিচাপে ৰাজ্য চৰকাৰে গণ্য কৰিছে। তেওঁ কয়- কেন্দ্ৰীয় চৰকাৰে সমবায় মন্ত্ৰালয় নামৰ এটা নতুন মন্ত্রালয় গঠন কৰিছে আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত বহু উৎপাদিত সামগ্ৰী সমবায় সমিতিসমূহৰ জৰিয়তে বিশ্বৰ বজাৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা আৰম্ভকৰা হৈছে।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী ড০ শর্মাই গুৱাহাটীৰ পাঞ্জাবাৰীত পূৰবী ডেইৰীৰ সম্প্ৰসাৰণ প্ৰকল্পৰ ভূমিপূজন কৰে। সৰ্বমুঠ ১০৪.৫৫ কোটি টকা ব্যয়সাপেক্ষ এই সম্প্ৰসাৰণ পদক্ষেপৰ অধীনত পূৰবী ডেইৰীৰ উৎপাদন ক্ষমতা দৈনিক ১.৫ লাখ লিটাৰৰ পৰা ৩ লাখ লিটাৰলৈ বৃদ্ধি পাব। এই অনুষ্ঠানত সমবায় আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ উপৰি মুখ্য সচিব ৬০ ৰবি কোটা, নেচনেল ডেইৰী ডেভেলপমেন্ট ব’ৰ্ডৰ অধ্যক্ষ ড০ এম শ্বাহ, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্নন, সমবায় বিভাগৰ সচিব অনন্তলাল জ্ঞানীকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া তথা গণ্যমান্য ব্যক্তি উপস্থিত থাকে।