ছত্তিশগড়ত প্ৰতি ২০ মিনিটত চাইবাৰ জালিয়াতিৰ বলি হয় এজন লোক
ৰঙিলী বাৰ্ত্তাসেৱা- ছত্তিশগড়ত ক্রমান্বয়ে চাইবাৰ আক্ৰমণৰ ঘটনা দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প’ৰ্টেলত প্রকাশ পোৱা এক তথ্য অনুসৰি ৰাজ্যখনত প্ৰতি ২০ মিনিটৰ মূৰে মূৰে চাইবাৰ জালিয়াতিৰ বলি হয় এজন লোক। অর্থাৎ এঘণ্টাত তিনিজন লোক চাইবাৰ আক্রমণৰ কবলত পৰে। ৰাজ্যখনত বিগত তিনি বছৰত ৬৭,৩৮৯গৰাকী লোক চাইবাৰ জালিয়াতিৰ বলি হৈছে। এই সময়ছোৱাত প্ৰৱঞ্চকে ৭৯১ কোটি টকা আত্মসাৎ কৰা বুলিও প্রতিবেদনত প্রকাশ। ছত্তিশগড়ৰ ৰাজধানী ৰায়পুৰত এতিয়ালৈকে ১,৬০০ৰো অধিক অভিযোগ দাখিল কৰা হৈছে। এই সন্দর্ভত উপ-মুখ্যমন্ত্রী বিজয় শর্মাই কয় যে চাইবাৰ অপৰাধ এক বিশ্বজোৰা প্রত্যাহান। ইয়াক সন্মিলিতভাৱে প্ৰতিৰোধ কৰিব পৰা যায়।