হিন্দু সংখ্যাগৰিষ্ঠতাৰ বাবে ভাৰতত নিৰাপদ সংখ্যালঘুঃ কিৰেণ ৰিজিজু
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হৈয়ে আছে, য’ত সংখ্যালঘুসকলে সম্পূর্ণ স্বাধীনতা আৰু নিৰাপত্তা লাভ কৰি আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়। এক আছুতীয়া সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে বর্তমানলৈকে বঞ্চনা বা বৈষম্যৰ বলি হৈ কোনো এগৰাকী সংখ্যালঘু ব্যক্তিয়ে দেশ এৰি যোৱাৰ দৃষ্টান্ত পোৱা নাই। কংগ্ৰেছ সমর্থিত একাংশ বাঁওপন্থীয়ে ভাৰতত সংখ্যালঘুসকলক নির্যাতন, গণহত্যা কৰা বুলি চলোৱা বিভ্রান্তিকৰ প্ৰচাৰৰ বাবে কঠোৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে এই ধৰণৰ প্ৰচাৰে দেশৰ বাবে ক্ষতিকাৰক আৰু ই দেশৰ স্বাৰ্থ সুৰক্ষা নকৰে। মুখতাৰ আব্বাছ নাকভীয়ে মন্ত্ৰী হৈ থকাৰ সময়ত ভাৰত সংখ্যালঘুৰ বাবে স্বৰ্গ বুলি কোৱা সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে কয় যে ভাৰত এনে এখন দেশ য’ত সকলো নাগৰিকে আইন মানি চলে। আমি ধৰ্মনিৰপেক্ষ আৰু আমাৰ এখন সংবিধান আছে। যিখনৰ দৃষ্টিত আমি সকলো সমান। চুবুৰীয়া দেশসমূহত হোৱা গণতান্ত্রিক আন্দোলন বা অন্যান্য কাৰণত বহু লোক ভাৰতলৈ আহিছিল। ভাৰতৰ ওপৰত থকা বিশ্বাসৰ বাবেই তেওঁলোেক ইয়ালৈ আহিছিল। তেওঁ লগতে কয় যে তেওঁ নিজে এগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তি। তেওঁ কেতিয়াও এনে নিৰ্যাতনৰ সন্মুখীন হোৱা নাই। কিয়নো হিন্দু সংখ্যাগৰিষ্ঠতাৰ বাবে ভাৰতত সংখ্যালঘুৱে সম্পূর্ণ স্বাধীনতা আৰু নিৰাপত্তা লাভ কৰিছে।