আনক দেখি হিংসা নকৰি চেষ্টা কৰা এদিন তোমাৰ ও হব
প্ৰাণজিৎ মজুমদাৰ
বনিয়াপাৰা,ছয়গাঁও
বৰ্তমান আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে যিসকলোৰ স্বভাৱ চৰিত্ৰ অলপ বেলেগ ধৰণৰ হোৱা পৰিলক্ষিত হয় যেনে– আনৰ ভাল,আনৰ সুখ,আনৰ ধন সম্পত্তি আদি তেওঁলোকে দেখিব নোৱাৰে যাৰ ফলত তেওঁলোকৰ মনত এটা হিংসা ভাব সুমাই যায়। তেওঁলোকে ভাবে কেনেকৈ সেই ব্যক্তিৰ ধন সম্পত্তি টকা পইচা সুখ কাঢ়ি নিব পাৰি কেনেকৈ তেওঁক তেওঁৰ স্থানৰ পৰা নুমাই আনিব পাৰি সেই কথাকে ভাবি থাকে। আৰু কিছুমান মানুহ আছে তেওঁলোকে আনক দেখি হিংসা নকৰি মনত এটা জেদ ভাব লৈ আগুৱাই গৈছে তেওঁলোকৰ মতে বেলেগে যদি পাৰে মই কিয় নোৱাৰিম মইও চেষ্টা কৰিম এদিন মই ও পাৰিম। এনেকৈ ভবাজন হৈছে এজন প্ৰকৃত ভাল মানুহ প্ৰকৃত চৰিত্ৰবান মানুহ।আমি আনক দেখি কেতিয়া ও হিংসা কৰিব নালাগে আমি সদায় চেষ্টা কৰিব লাগে। চেষ্টাৰ অসাধ্য একো নাই চেষ্টা কৰিলে এদিন নহয় এদিন সফল হব। যিসকল প্ৰকৃত চৰিত্ৰবান মানুহ তেওঁলোকে কেতিয়াও আনৰ বেয়া কথা নাভাবে তেওঁলোকে তেওঁলোকৰ নিজৰ কৰ্মৰ দ্বাৰা আগুৱাই যায় আৰু এদিন লক্ষ্য স্থানত উপনিত হয়।