কৰ ফাঁকিৰে ৰাজহ লোকচান কৰি অহা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকাৰ

কৰ ফাঁকিৰে ৰাজহ লোকচান কৰি অহা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কৰ ফাঁকিৰে ৰাজকোষৰ কোটি কোটি টকাৰ ৰাজহ লোকচান কৰি অহা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত কৰ ফাঁকি দিয়া ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। ভুৱা পঞ্জীয়ন, ভুৱা ৰচিদ প্রস্তুতেৰে একাংশ ব্যৱসায়ীয়ে কোটি কোটি টকাৰ কৰ ফাঁকি দিয়াৰ তথ্য এই অভিযানত পোহৰলৈ আহিছে। যোৱা ১ জুনৰ পৰা ১ জুলাই পর্যন্ত এমাহতে এনে অভিযানত বিত্ত বিভাগে ৩৫২টা ভুৱা পঞ্জীয়নেৰে ১,৪০০ কোটি টকাৰ কৰ ফাঁকিৰ তথ্য উন্মোচন কৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ কৰ ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যৰ যুটীয়া কৰ আয়ুক্ত অৰুণিমা চৌধুৰীয়ে কয় যে বহু ব্যৱসায়ীয়ে ভুৱা পঞ্জীয়নেৰে সামগ্ৰীৰ ক্রয়-বিক্রয় কৰা দেখুৱায়। প্রকৃতার্থত তেওঁলোকে কোনো সামগ্ৰীৰেই ক্রয়-বিক্রয় নকৰে। কিন্তু এনে ভুৱা সামগ্ৰীৰ নামত বিল প্রস্তুত কৰে। যাৰ জৰিয়তে ইনপুট টেক্স ক্রেডিট (আইটিচি) লাভ কৰি চৰকাৰৰ ৰাজহ লোকচান কৰে। বিগত এমাহত এনে ৩৫২টা ভুৱা পঞ্জীয়ন বাতিল কৰা হৈছে। ৩৫২টা ভুৱা পঞ্জীয়নৰ জৰিয়তে ব্যৱসায়ীসকলে ১,৪০০ কোটি টকাৰ কৰ ফাঁকি দিছে। ভুৱা পঞ্জীয়ন কৰা ৪৩জন ব্যৱসায়ীক যোৱা এমাহত চিনাক্ত কৰা হৈছে। তেওঁলোকে ভুৱা পঞ্জীয়নেৰে প্ৰায় ১,২০০ কোটি টকা বহিঃৰাজ্যলৈ স্থানান্তৰিত কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত কেৱল অসমৰেই নহয়, আন ৰাজ্যসমূহৰো লোকচান হৈছে। আমি বহিঃৰাজ্যৰ সংশ্লিষ্ট কর্তৃপক্ষক এনে কৰ ফাঁকিৰ বিৰুদ্ধে অৱগত কৰিছোঁ। কাৰ্যালয়ৰ পৰাই আমাৰ বিষয়াসকলে এনে ভুৱা পঞ্জীয়ন চিনাক্ত কৰিব পাৰে। আমাৰ এটা অর্থনৈতিক চোৰাংচোৱা শাখা আছে। তেওঁলোকে এনে ভুৱা পঞ্জীয়নসমূহৰ ওপৰত চোৱাচিতা কৰে। সংবাদ মেলত তেওঁ কয় যে কৰৰ জৰিয়তে ৰাজ্যৰ উন্নয়নমূলক কাম-কাজ আগবঢ়াই নিয়া হয়। বিগত সমছোৱাত কৰ বৃদ্ধিৰ হাৰ হ্ৰাস পাবলৈ আৰম্ভ হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে আমাক এই বিষয়ত চোৱাচিতা কৰিবলৈ নিৰ্দেশ দিয়ে। লগে লগে এইক্ষেত্ৰত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হয় আৰু এই কথা পোহৰলৈ আহে যে কিছু ব্যৱসায়ীয়ে কৰ প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে কৰি অহা বিশ্বাস ধৰি ৰাখিব পৰা নাই। এনে অসাধু ব্যৱসায়ীসকলে যথেষ্ট কৰ ফাঁকি দি আহিছে। এই কৰ ফাঁকিৰ বিৰুদ্ধে প্রথম পদক্ষেপ হিচাপে তালাচী আৰু জব্দ কৰাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে। যোৱা এমাহত আমি ৪৩টা এনে তালাচী চলাইছোঁ, য’ত ৩৩.৩৪ কোটি টকাৰ ফাঁকি ধৰা পৰিছে। ইয়াৰ পৰা আমি ৫.৩৪ কোটি টকা সংগ্ৰহ কৰিছোঁ। তেওঁ লগতে কয়- ‘ৰে’লেৰে যিসমূহ সামগ্ৰী অসমলৈ আহে সেই ক্ষেত্রতো ফাঁকি দিয়া হৈছে। বহু সামগ্রী কম দামত ক্ৰয় কৰা দেখুৱায়। তেনে সামগ্রী কম দামত বিক্ৰী কৰাও দেখুৱাই তেওঁলোকে কৰ ফাঁকি দিবলৈ চেষ্টা কৰে। সেয়েহে ৰে’লৰ পৰা সামগ্ৰীসমূহ নমাই ট্রাকলৈ নিয়াৰ সময়ত আমি কিছু সামগ্রী জব্দ কৰিছোঁ। বিশেষকৈ যিসমূহ সামগ্ৰীৰ ওপৰত আমাৰ সন্দেহ আছে তেনে বাহনসমূহ আমি জব্দ কৰিছোঁ। আজাৰা ৰে’লৱে য়ার্ড, পল্টনবজাৰ, মির্জা, বাইহাটা চাৰিআলি, কামাখ্যা, শিলচৰত আমি অভিযান চলাইছোঁ। ইয়াৰ পৰা আমি ৪১.৫৩ লাখ টকা সংগ্ৰহ কৰিছোঁ। তদুপৰি ৮৩খন বাহন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ।’ আনহাতে বিভিন্ন ৰাজ্যৰ পৰা ট্রাকেৰে অনা সামগ্ৰীৰ ক্ষেত্ৰতো তৎপৰ হৈ পৰিছে কৰ বিভাগ। যুটীয়া কৰ আযুক্ত চৌধুৰীয়ে সদৰী কৰা অনুসৰি ট্ৰাকেৰে অহা সামগ্ৰীসমূহৰ ক্ষেত্ৰত শ্ৰীৰামপুৰ আৰু বক্সিৰহাটত পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। এই প্রসংগতে তেওঁ কয় যে বৰ্তমান চেকগেটৰ ব্যৱস্থা নাই। কিন্তু নিৰীক্ষণ কোষ স্থাপন কৰাৰ ব্যৱস্থাহে আছে। সেয়েহে শ্ৰীৰামপুৰ আৰু বক্সিৰহাটত এনে নিৰীক্ষণ কোষ স্থাপন কৰা হৈছে। যোৱা এমাহত এই নিৰীক্ষণ কোষৰ জৰিয়তে ৯০ লাখ টকা সংগ্ৰহ কৰা হৈছে। ইফালে কেৱল অভিযানেই নহয়, কৰ ফাঁকি দিয়া ব্যৱসায়ীক গ্ৰেপ্তাৰৰ দৰে কঠোৰ পদক্ষেপ গ্রহণ কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে। চৌধুৰীয়ে কয় যে পূর্বে সামগ্ৰী আৰু সেৱাকৰ বিষয়াই কোনো লোকক গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা নাছিল। কিন্তু সামগ্ৰী আৰু সেৱাকৰ (জিএছটি)ত এই ক্ষমতা দিয়া হৈছে। ইয়াৰ ভিত্তিত দুজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে। গুৱাহাটীৰ পৰা বৰুণ গোৱেল আৰু শিলচৰৰ পৰা ইছাক আহমেদ নামৰ দুজন ব্যৱসায়ীক কৰ বিভাগৰ বিষয়াই গ্ৰেপ্তাৰ কৰিছে। জিএছটি প্ৰৱৰ্তনৰ পিছত ৰাজ্যত কৰ বিষয়াই কোনো ব্যৱসায়ীক প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ কৰিছে। ২। নতুন ব্যৱস্থা অনুসৰি ২ কোটি টকাতকৈ অধিক কৰ ফাঁকি দিলে ব্যৱসায়ীক কৰ বিভাগৰ বিষয়াই গ্ৰেপ্তাৰ কৰিব পাৰে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বিষয়া দুজনক আদালতত হাজিৰ কৰোৱা হৈছে আৰু আদালতে তেওঁলোকক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।