ৰাছিয়াত যুদ্ধজাহাজ আইএনএছ তামাল মোতায়েন ভাৰতীয় নৌসেনা বাহিনীৰ

ৰাছিয়াত যুদ্ধজাহাজ আইএনএছ তামাল মোতায়েন ভাৰতীয় নৌসেনা বাহিনীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাছিয়াত ভাৰতীয় নৌবাহিনীয়ে যুদ্ধজাহাজ আইএনএছ তামাল মোতায়েন কৰে। দেশৰ বাহিৰত নিৰ্মাণ কৰা এইখনেই হ’ব অন্তিম যুদ্ধজাহাজ। উক্ত মোতায়েন কার্যসূচীত অধ্যক্ষতা কৰে ভাৰতীয় নৌবাহিনীৰ ৱেষ্টার্ন নাভাল কমাণ্ড, ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চীফ, ভাইচ এডমিৰেল সঞ্জয় সিঙে। ভাৰত আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা বিভাগৰ কেইবাজনো শীর্ষ বিষয়াৰ উপস্থিতিত এই যুদ্ধজাহাজখন মোতায়েন কৰা হয়। উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাছিয়াত ২০২৪ চনৰ ৯ ডিচেম্বৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত আইএনএছ তুশিল মোতায়েন কৰা হৈছিল। ভাৰতীয় যুদ্ধজাহাজ আইএনএছ তামালে ৰাডাৰৰ চকুত ধূলি দিব পৰা। বহু ভূমিকা গ্রহণ কৰিব পৰা শক্তিসম্পন্ন নীৰৱ ঘাতক। ভাৰত আৰু ৰাছিয়াৰ যৌথ পদক্ষেপত এই জাহাজখন নিৰ্মাণ কৰা হৈছে। জাহাজখনত ২৬ শতাংশ দেশীয় উপাদান আছে। ৰাছিয়াৰ কালিনিনগ্ৰেডত মোতায়েন কৰা জাহাজখনে ব্রাহ্মছ ছুপাৰছনিক ক্রুইজ মিছাইল স্থলভাগৰ পৰা আকাশলৈ উলম্বভাৱে নিক্ষেপ কৰিব পৰা ক্ষমতালব্ধ। পাৰমাণৱিক, জৈৱিক আৰু ৰাসায়নিক প্ৰতিৰক্ষাৰ কাৰণে অত্যাধুনিক স্বয়ংক্রিয় ব্যৱস্থাৰে শক্তিশালী এই জাহাজখন।