নিয়োগ সংযুক্ত উদগনি আঁচনিত অনুমোদন মোদী কেবিনেটৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকে উৎপাদন খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰি নিয়োগ সৃষ্টিৰ সহায়ক হোৱাকৈ তথা নিয়োগ ক্ষমতা আৰু সামাজিক সুৰক্ষা বৃদ্ধিৰ বাবে সকলো খণ্ডতে নিয়োগ সংযুক্ত উদগনি (ইএলআই) আঁচনিত অনুমোদন জনাইছে। এই আঁচনিৰ অধীনত নৱাগত কৰ্মচাৰীসকলে এমাহৰ মজুৰি ১৫,০০০/- টকা পর্যন্ত লাভ কৰাৰ বিপৰীতে নিয়োগকর্তাসকলক অতিৰিক্ত কৰ্মসংস্থাপন সৃষ্টিৰ বাবে দুবছৰৰ বাবে উদগনি প্ৰদান কৰা হ’ব। একেদৰে উৎপাদন খণ্ডৰ বাবে আৰু দুবছৰৰ বাবে বর্ধিত সুবিধা প্ৰদান কৰা হ’ব। ২০২৪-২৫ চনৰ কেন্দ্ৰীয় বাজেটত ৪.১ কোটি যুৱক-যুৱতীৰ বাবে নিয়োগ, দক্ষতা আৰু অন্যান্য সুযোগৰ সুবিধা প্ৰদানৰ বাবে পাঁচখন আঁচনি প্ৰধানমন্ত্ৰীৰ পেকেজৰ অংশ হিচাপে ঘোষণা কৰা হৈছিল, য’ত মুঠ বাজেট ব্যয় নির্ধাৰণ কৰা আছিল ২ লাখ কোটি টকা। ৯৯,৪৪৬ কোটি টকা ব্যয়েৰে গ্ৰহণ কৰা ই এল আই আঁচনিৰ লক্ষ্য হৈছে দেশত ২ বছৰৰ ভিতৰত ৩.৫ কোটিতকৈ অধিক চাকৰিৰ সৃষ্টি কৰা। ইয়াৰে ১.৯২ কোটি হিতাধিকাৰী হ’ব নৱাগত। যিসকলে কর্মশক্তিত নতুনকৈ প্ৰৱেশ কৰিব। ২০২৫ চনৰ ১ আগষ্টৰ পৰা ২০২৭ চনৰ ৩১ জুলাইৰ ভিতৰত সৃষ্টি হোৱা চাকৰিৰ ক্ষেত্ৰত এই আঁচনিৰ সুবিধা প্রযোজ্য হ’ব। আঁচনিখন দুটা অংশৰে গঠিত হ’ব। নৱাগতসকলৰ বাবে ‘ক’ খণ্ড ৰখাৰ বিপৰীতে নিয়োগকৰ্তাৰ কাৰণে হ’ব ‘খ’ খণ্ড। খণ্ড ‘ক’ -ইপিএফঅ’ত প্ৰথমবাৰৰ বাবে পঞ্জীয়ন কৰা কৰ্মচাৰীসকলক লক্ষ্য কৰি এই অংশত ১৫ হাজাৰ টকা পর্যন্ত এমাহৰ ইপিএফৰ মজুৰি দুটা কিস্তিত প্ৰদান কৰা হ’ব। ১ লাখ টকা পর্যন্ত দৰমহা পোৱা কৰ্মচাৰীও ইয়াৰ বাবে যোগ্যতা অৰ্জন কৰিব। প্রথম কিস্তি ৬ মাহৰ সেৱাৰ পাছত আৰু দ্বিতীয় কিস্তি ১২ মাহৰ সেৱা আৰু কৰ্মচাৰীয়ে বিত্তীয় সাক্ষৰতা কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ পাছত প্ৰদান কৰিব লাগিব। সঞ্চয়ৰ অভ্যাসক উৎসাহিত কৰিবলৈ উদগনিৰ এটা অংশ নির্দিষ্ট সময়ৰ বাবে জমা একাউণ্টত সঞ্চয় হিচাপে ৰখা হ’ব আৰু পৰৱৰ্তী সময়ত কৰ্মচাৰীয়ে সেয়া উলিয়াব পাৰিব। ‘ক’ খণ্ডত প্রায় ১.৯২ কোটি প্ৰথমবাৰৰ বাবে নিযুক্তি পোৱা কৰ্মচাৰী উপকৃত হ’ব। খণ্ড ‘খ’- ইয়াত সকলো খণ্ডতে অতিৰিক্ত নিয়োগ সৃষ্টিৰ বিষয়ে আলোচনা কৰা হ’ব, য’ত বিশেষভাৱে উৎপাদন খণ্ডৰ বিষয়ত গুৰুত্ব দিয়া হ’ব। ১ লাখ টকা পর্যন্ত দৰমহা পোৱা কৰ্মচাৰীৰ ক্ষেত্ৰত নিয়োগকর্তাসকলে উদগনি লাভকৰিব। চৰকাৰে নিয়োগকর্তাক উদগনি দিব প্রতিমাহে ৩,০০০ টকা পর্যন্ত। দুবছৰৰ বাবে, কমেও ছমাহৰ বাবে স্থায়ীভাবে নিযুক্তি পোৱা প্ৰতিজন অতিৰিক্ত কৰ্মচাৰীৰ বাবে এই সুবিধা থাকিব। উৎপাদন খণ্ডৰ বাবে ৩য় আৰু ৪র্থ বছৰলৈও উদগনি বৃদ্ধি কৰা হ’ব। ইপিএফঅ’ত পঞ্জীয়নভুক্ত প্রতিষ্ঠানসমূহে কমেও ছমাহৰ বাবে স্থায়ী ভিত্তিত কমেও দুজন অতিৰিক্ত কৰ্মচাৰী (৫০জনতকৈ কম কৰ্মচাৰী থকা নিয়োগকর্তাৰ বাবে) বা পাঁচজন অতিৰিক্ত কৰ্মচাৰী (৫০জন বা তাতকৈ অধিক কৰ্মচাৰী থকা নিয়োগকর্তাৰ বাবে) নিযুক্তি দিব লাগিব।