ৰাজ্যৰ ছপা উদ্যোগৰ অগ্ৰগণ্য ব্যক্তিত্ব নৃপেন শৰ্মাৰ বিয়োগত অসম জাতীয় পৰিষদৰ শোক প্ৰকাশ
ৰঙিলী বাৰ্ত্তাসেৱা-অসমৰ আধুনিক ছপা উদ্যোগৰ অন্যতম বাটকটীয়া, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগত শোকপ্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। এক প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘অসমৰ ছপা উদ্যোগলৈ নতুনত্ব কঢ়িয়াই অনা নৃপেন শৰ্মাৰ বিয়োগত আমি মৰ্মাহত হৈছোঁ। অধুনালুপ্ত ‘বুধবাৰ’ সাপ্তাহিকৰ আনুষ্ঠানিক মুদ্ৰক শৰ্মাই ছপা ক্ষেত্ৰৰ জৰিয়তে অসমৰ সমাজ জীৱন আৰু অসমীয়া সাংবাদিকতাৰ এছোৱা সময়ক চহকী কৰি গৈছে। অসমীয়া ছপা মাধ্যমৰ বিৱৰ্তনৰ ইতিহাসত নৃপেন শৰ্মাৰ ভূমিকা স্মৰণীয় হৈ ৰ’ব।’’নৃপেন শৰ্মাক এগৰাকী জাতীয়তাবাদী ভাৱাপন্ন ব্যক্তিসত্তা বুলি অভিহিত কৰি গগৈ আৰু ভূঞাই কয়, ‘‘টাডাৰ গোচৰত কাৰাৰুদ্ধও হৈছিল নৃপেন শৰ্মা। জাতীয়তাবাদী চিন্তা-চেতনাৰে উদ্বুদ্ধ নৃপেন শৰ্মা ডাঙৰীয়াৰ ভাষিক জাতীয়তাবাদৰ প্ৰতি আছিল অগাধ শ্ৰদ্ধা আৰু বিশ্বাস। আৰু সেয়া প্ৰতিফলিত হৈছিল তেখেতৰ কৰ্মৰাজিত। ছপা ক্ষেত্ৰক কেৱল পেছা হিচাপে নলৈ সামাজিক দায়বদ্ধতা হিচাপে গ্ৰহণ কৰিছিল জাতীয়তাবাদী ভাৱাপন্ন নৃপেন শৰ্মাই। তেখেতে শৰাইঘাট অফছেট প্ৰেছৰ জৰিয়তে ছপা ক্ষেত্ৰলৈ আধুনিক চিন্তাৰ নৱোন্মেষ ঘটাইছিল। তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি শোকাকুল পৰিয়ালবৰ্গলৈ আমি সমবেদনা জনাইছোঁ।’’