মই তোৰ সন্তান – অৰ্ণৱ কটকী

মই তোৰ সন্তান

অৰ্ণৱ কটকী
জাঁজী যোৰহাট 

মই তোৰ নিজৰেই সন্তান অ’
দহ মাহ দহ দিন তোৰ আন্ধাৰ গৰ্ভত থকা ময়েই সন্তান ,
আপোন তেজৰ বান্ধোন !
পোহৰৰ বৰ্ণালীয়ে চকু চাত মাৰি ধৰোতে
তোৰ মমতাৰ হাত খনে যে ঢাকি দিছিলি ।
পাহৰি গলি ন তই আজি মোক !
বুকুৰ অমৃতেৰে জীৱন জীয়াৱা পাঠ দিয়া
মমতাৰ পূজাৰী তই বাৰু নাছিলি নেকি ?
আজি কিয় এনে কৰিলি মোক
অকলশৰীয়া ,নিঠৰুৱা!
বুকু খনি কঁপি উঠা নাছিল নে তোৰ এবাৰো
মোক বিচ্ছিন্ন কৰি মৰমৰ শিকলি চিঙি
আঁতৰাই পঠালি আন্ধাৰ জীৱনৰ মোক উপহাৰ দি
ক্ষান্ত নাথাকি কিয় মোক দলিয়াই দিলি নিৰ্জ্জন পথত
আছিল নেকি মোৰ ভুল সন্তান হোৱাটো তোৰ!
তই মোৰেই জননী, চেনেহৰেই অতি।
মচিব পাৰিবি নে তই মনৰ পৰা মোক
মনত নপৰিব জানো তোৰ!
হাঁহি দেখি মোৰ তই পাহৰা দুঃখবোৰ
মা মই তোৰেই দুৰ্ভগীয়া সন্তান
কুকুৰৰ প্ৰস্ৰাৱেই এতিয়া মোৰ পিয়াহৰ এটুপি অমৃত ।
বুকুৰ গাখীৰ নাখালেও মই তোৰেই সন্তান অ’।।
মা মই আজি উপেক্ষিত তোৰ মৰমৰ।