চিন্তা
মীনাক্ষী বৰুৱা সূত
লক্ষীমপুৰ
ক’ৰ পৰা আৰম্ভ কৰি ৰুবীক বুজাব আইতাক বিমোৰত পৰিল। তথাপিও তেওঁ আৰম্ভ কৰিলে– তুমি মিছাতে এইবোৰ কথা কিয় পাগুলি আছা? তুমি শুনা–পৃথিৱীত মানুহৰ সংখ্যা বাঢ়িছে কিন্তু মানৱতাৰ সংখ্যা ক্ৰমান্নয়ে কমি যাবলৈ ধৰিছে।প্ৰত্যকেই প্ৰতিযোগিতাৰ পিছত দৌৰিছে।ইয়াৰ ভিতৰত ভাল বেয়া সকলো আছে। নিজেই লব জনাৰ লগত কথা।
পুৱাৰ পৰা সন্ধিয়ালৈকে অনুসন্ধিৎসু মনৰ পৰীয়ে শৈশৱৰ পৰা নিৰ্জনতাক বেছি ভাল পাইছিল। এজনী ব্যক্তিত্বৰ অধিকাৰী ছোৱালীক কিছুমান পৰিস্থিতিয়ে নিৰাশাবাদী কৰিলেও প্ৰকৃততে তাই কোনোদিনেই নিৰাশাবাদী নাছিল। সদায় তাই আশাবাদেৰে নিজৰ কত্তৰ্ব্য কৰি গৈছিল।
নিশাৰ ভয়াবহতাখিনিও যেন তাইৰ বাবে নিৰৱতাৰ আশীৰ্বাদ আছিল। প্ৰকৃতিৰ জগতখনকো তাই বৰ আপোন কৰি লৈছিল। সৰুতে মাক দেউতাকক হেৰুৱাইছিল। অথচ তাই দিবাস্বপ্ন দেখিছিল কেৱল মানুহৰ আকৃতিৰ জন্ম ললেই নহ’ব,মানৱতাৰ গুণ গাত থাকিব লাগিব ।
আইতাকৰ কোলাত তাইৰ দেহাৰ ভৰটো দি দিনটোত ঘটি অহা সেই সময়কণৰ বিষাদ খিনি এৰোৱাই দিছে।দুইধাৰে বৈ অহা চকুলোবোৰ সামৰিছে।অথচ আইতাকৰ চকুত ধৰা পৰি গৈছে।আইতাকৰ আগত কথাখিনি পুনৰ আওঁৰালে।মই গণিতৰ শ্ৰেণীত সকলোখিনি পাৰিলোৱেই ,তাৰ পিছত ৰুবীহঁতৰ কি ৰাহে যায়? ছাৰে মোৰ বহুতো কথাত প্ৰশংসা কৰিলে।ছাৰ ওলাই যোৱাৰ পিছত ৰুবীহঁতে মোক বহু কথা কিয় শুনাইছিল?দশম শ্ৰেণীৰ ছাত্ৰী হিচাপে পৰী বিমোৰত পৰিল তাইৰ ক’ত ভুল হ’ল!
তেতিয়া আইতাকে ক’লে একো নহয় দিয়া। চিন্তা নকৰিবা।পিছত দেখিবা কোৱা কেইজনীহে তোমাৰ বেছি আপোন হৈ পৰিব।সিহঁতে বুজি পালে সিহঁতেও এদিন তোমাৰ দৰে ভাল প্ৰশংসা বুটলিব। এইটো জানিবা জীৱনত সদায় ভাল কাম কৰি যোৱা।ভাল মানুহ হবলৈ চেষ্টা কৰা।
সদায় কুকুৰ দৰে শুবলৈ চেষ্টা কৰা।সদায় বগলীৰ দৰে ধ্যান কৰা।কাউৰীৰ দৰে যত্ন কৰা আৰু হাতীৰ দৰে গহীন গম্ভীৰ খোজেৰে আগুৱাই যোৱা। এই লক্ষ্যণখিনিৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত আগুৱাই যোৱা। নহ’লে পিছলৈ অসুবিধাৰ সন্মুখীন হ’ব লগা হ’ব।
কিয়নো ৰাস্তাৰে হাতী খোজ কাঢ়ি যোৱা দেখা পালে কুকুৰে ভুকিবই।এইবোৰ সৰু সৰু কথাত মন বেয়া কৰিলে আগলৈ হাতীৰ দৰে গহীন গম্ভীৰ খোজ দিবলৈ সক্ষম নহ’বা।
আইতাকৰ কথাখিনিত তাই ভাগি যোৱা মনটো পুনৰ জীপাল হৈ উঠিল।