বোকাখাতৰ গ্রেনেড বিস্ফোৰণ কাণ্ডৰ অন্যতম দুই অভিযুক্ত ভৱেশ-সঞ্জীৱ গুলীবিদ্ধ
ৰঙিলী বাৰ্ত্তাসেৱা- বোকাখাতৰ সাপজুৰিৰ পাণবাৰী নিগমৰ অসম বেটেলিয়নৰ জোৱানৰ কেম্পত হোৱা গ্রেনেড বিস্ফোৰণৰ ঘটনাৰ অন্যতম অভিযুক্ত ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা বোকাখাত আৰক্ষীৰে হোৱা এক ক্ৰছ ফায়াৰিঙৰ ঘটনাত গুলীবিদ্ধ হৈছে। উল্লেখ্য যে বোকাখাতৰ সাপজুৰিৰ পাণবাৰী নিগমৰ অসম বেটেলিয়নৰ জোৱানৰ কেম্পত যোৱা ২৪ জুনত এক গ্রেনেড বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। ঘটনাৰ মূল অভিযুক্ত অংকুৰ দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বোকাখাত আৰক্ষী। গ্রেনেড বিস্ফোৰণৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত মুঠ ৭জন লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। লোককেইজন ক্রমে ৰূপজ্যোতি দাস, অংকুৰ দাস, ভৱেশ কলিতা, সঞ্জীৱ বৰুৱা, অংকুৰ দাসৰ দুই ভাতৃ পংকজ দাস আৰু কাকু দাস। ইফালে, আৰক্ষীয়ে দিয়া তথ্য অনুসৰি ৰবিবাৰে নিশা সংঘটিত এক ক্ৰছ ফায়াৰিঙৰ ঘটনাত বেটেলিয়ন কেম্পৰ গ্রেনেড বিস্ফোৰণৰ লিংকমেন ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা গুলীবিদ্ধ হয়। আৰক্ষীৰ তথ্য মতে, গ্রেনেড বিস্ফোৰণৰ পূৰ্বে দুয়োৱে অংকুৰ দাস আৰু ৰূপজ্যোতি দাসক লগ ধৰি গ্রেনেড যোগান ধৰিছিল ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱাই। ইয়াৰ উপৰি আৰক্ষীৰ জেৰাত দুই অভিযুক্তই পাণবাৰী কৃষিপামৰ সমীপত দুটা পিষ্টল লুকুৱাই থোৱাৰ কথা স্বীকাৰ কৰে। সেই অনুসৰি আৰক্ষীয়ে দুয়োকে পিষ্টল দুটাৰ সন্ধান উলিয়াবলৈ লৈ যায়। কিন্তু দুয়ো অতর্কিতে আৰক্ষীক গতিয়াই লুকুৱাই থোৱা স্থানৰ পৰা পিষ্টল দুটা লৈ আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। আৰক্ষীয়েও আত্মৰক্ষাৰ বাবে গুলীৰ প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয়। ফলত ভৱেশ কলিতাৰ বাঁও ভৰিত আৰু সঞ্জীৱ বৰুৱাৰ সোঁভৰিত গুলী লাগে। দুয়োকে ততালিকে বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত প্রাথমিক চিকিৎসাৰ অন্তত যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুটা পিষ্টল উদ্ধাৰ কৰিছে।