দেশৰ প্ৰথমটো বায়’-ৰিফাইনেৰী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব প্রধানমন্ত্রী মোদীয়েঃমুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাটৰ মৰঙীৰ নুমলীগড় শোধনাগাৰৰ অংশীদাৰিত্বত স্থাপন হোৱা অসম বায়’ ইথানল প্রাইভেট লিমিটেড চমুকৈ বায়’ ৰিফাইনেৰীটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ ৮ ছেপ্টেম্বৰত গোলাঘাটলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰিলে। প্ৰধানমন্ত্ৰী মোদীৰ উক্ত অসম ভ্ৰমণ সফল কৰি তোলাৰ লক্ষ্যৰে নুমলীগড়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে শোধনাগাৰটোৰ বিভিন্ন দিশ পৰিদৰ্শন কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ সভা আৰু হেলিপেডৰ বাবে নির্দিষ্ট কৰা ঠাই ক্রমে নুমলীগড় শোধনাগাৰৰ টেংকাৰ ষ্টেণ্ড আৰু লেতেকুজান চাহ বাগিচাৰ খেলপথাৰ পৰিদৰ্শন কৰে। ইয়াৰ পাছতে সংবাদ মাধ্যমৰ আগত বায়’ ৰিফাইনেৰী সন্দর্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- নুমলীগড়ৰ ২জি ইথানল অৰ্থাৎ বাঁহৰ পৰা ইথানল বনাবৰ বাবে প্ৰস্তুত হৈ উঠা উদ্যোগটো প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ সম্ভাৱনা আছে। প্রায় ৪ হাজাৰ কোটি টকা ব্যয় কৰি নিৰ্মাণ হোৱা এনেধৰণৰ বায়’ ৰিফাইনেৰী দেশৰ ভিতৰতে প্রথম। এই প্রয়োগটো যদি আমি সফল কৰিব পাৰোঁ, তেনেহ’লে অনাগত দিনত অসমত আৰু কেইবাটাও বাঁহৰ পৰা ইথানল প্রস্তুত কৰি উদ্যোগ স্থাপন কৰিব পৰা যাব। সেয়েহে এই উদ্যোগটো সফল হোৱা যথেষ্ট প্রয়োজন। ইফালে, বায়’ ৰিফাইনেৰী প্ৰকল্পটো যথেষ্ট পলমকৈ সম্পূর্ণ হৈ উঠাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়- ক’ভিডৰ বাবে নুমলীগড় ৰিফাইনেৰীয়ে দুবছৰ পিছুৱাই গ’ল। একে সময়তে প্রায় ৩০ হাজাৰ কোটি টকাৰ কাম আৰম্ভ হ’ল। গতিকে বায়’ ৰিফাইনেৰী প্ৰকল্পটোৰ কাম কিছু পিছুৱাই গ’ল। এই বায়’ ৰিফাইনেৰীটো স্থাপন হ’লে বহু সুযোগ-সম্ভাৱনাৰ সৃষ্টি কৰিব। ইয়াৰ জৰিয়তে এক সেউজীয়া সোণ প্রতিষ্ঠিত হ’ব। বাঁহ খেতিক ইয়াৰ জৰিয়তে অগ্ৰাধিকাৰ দিব মানুহে। ইতিমধ্যে এডভান্টেজ আছাম ২.০ৰ সময়ত নুমলীগড় শোধনাগাৰ লিমিটেডে অসমৰ কেইবাটাও স্থানত নতুন নতুন উদ্যোগ স্থাপনৰ বাবে আগ্রহ প্রকাশ কৰিছে। ইয়াৰে ভিতৰত ৬৫০ কোটি টকা ব্যয় সাপেক্ষে এটা প্রকল্প ৰূপায়ণ কৰিব। নুমলীগড়ৰ পৰিবৰ্ধিত প্রকল্পই নতুন নতুন সামগ্রী উৎপাদনৰ ব্যৱস্থাই সামৰি ল’ব। এই প্রকল্পসমূহৰ সন্দৰ্ভত নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ পৰা বুজ লোৱা হৈছে। মুখ্যমন্ত্রীয়ে যোৰহাট-মাজুলী দলঙৰ নিৰ্মাণৰ কাম অতি সোনকালে আৰম্ভ হ’ব বুলি উল্লেখ কৰাৰ লগতে নুমলীগড়-গহপুৰৰ মাজত হ’বলগা সুৰংগৰ কামো যথেষ্ট আগবাঢ়িছে বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অসম তথা উত্তৰ-পূবৰ বাবে গভীৰ প্ৰত্যাশা কঢ়িয়াই অনা প্রকল্পটোৰ সকলো দিশ পুংখানুপুংখভাৱে অধ্যয়ন কৰা বুলিও আজি জানিবলৈ দিয়ে। আনহাতে, মুখ্যমন্ত্রীয়ে আজি এনআৰএল আৰু বায়’ ৰিফাইনেৰীৰ সমীপৰ শোধনাগাৰটোত কৰ্মৰত আৱাসীসকলৰ বাবে ধনশিৰি নগৰ নামৰ নৱনিৰ্মিত টাউনশ্বিপখনৰ শুভ উদ্বোধন কৰে। তাৰ পাছতে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ লগত এক আলোচনাত মিলিত হয়। এই সময়ছোৱাত মুখ্যমন্ত্রী ড° শৰ্মাক সহযোগিতা আগবঢ়ায় মন্ত্রী অজন্তা নেওগ, কৃষিমন্ত্রী অতুল বৰা, সাংসদ কামাখ্যা প্রসাদ তাছা, মন্ত্রী ৰূপেশ গোৱালা, বিধায়ক বিশ্বজিৎ ফুকন, মৃণাল শইকীয়া আৰু এনআৰএলৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে।