২৭ জুনত মুক্তি লাভ “ৰুদ্ৰ” – সমুজ্জ্বল ডেকা

২৭ জুনত মুক্তি লাভ “ৰুদ্ৰ”

সমুজ্জ্বল ডেকা, ৰঙিয়া 
পুঠিমাৰী মহাবিদ্যালয়, অসমীয়া বিভাগ 
স্নাতক তৃতীয় ষাণ্মাসিক

অসমীয়া চলচ্চিত্ৰ জগতত ইতিহাস ৰচনা কৰা ভাইমন দা’ৰ অভূতপূৰ্ব সফলতাৰ পিছত চলিত ২০২৫ বৰ্ষৰ ২৭ জুনত মুক্তি লাভ নতুন চিনেমা “ৰুদ্ৰ”। শ্যাম প্ৰডাকছনৰ বেনাৰত নিৰ্মিত ছবিখন অসমৰ আইন-শৃংখলা পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ কাহিনী ভাগ গঢ় লৈছে। উক্ত চিনেমাখনত মুখ্য চৰিত্ৰত আছে ক্ৰমে নায়ক ৰবি শৰ্মা তথা নায়িকাৰ চৰিত্ৰত জনপ্ৰিয় মোহময়ী অভিনেত্ৰী নন্দিনী কাশ্যপ। লগতে অনেক ন-পুৰণি শিল্পীৰ সমাহাৰ ঘটিছে। ৰুদ্ৰৰ পৰিচালক ৰূপক গগৈ আৰু মুখ্য প্ৰযোজকৰ দায়িত্বত আছে ৰাকেশ কুমাৰ মোৰে। ইতিমধ্যে যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰব সুৰৰ ৰাগিতে মন‌ মোহিত কৰা জুবিন গাৰ্গ তথা কণ্ঠশিল্পী ভাস্কতী ভাৰতীৰ অনুপম কণ্ঠত নিগৰা ‘আগলি অনুভৱে’ শীৰ্ষক গীতটি ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ চিত্ৰগ্ৰহণ অসমৰ লগতে হায়দৰাবাদৰ বিভিন্ন স্থানত কৰা হৈছে। প্ৰায় ২ কোটি টকাৰ বাজেটত নিৰ্মিত “ৰুদ্ৰ” নামৰ নতুন অসমীয়া চলচ্চিত্ৰখন দৰ্শকক চাবলৈ মুখ্য অভিনেতা ৰবি শৰ্মাই আহ্বান জনায়।