ৰংঘৰ বাকৰিত উপস্থিত হৈ কৃত্রিম বানৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

ৰংঘৰ বাকৰিত উপস্থিত হৈ কৃত্রিম বানৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই শনিবাৰে কেইবাটাও কাৰ্যসূচীৰে শিৱসাগৰত উপস্থিত হয়। প্রথমে মুখ্যমন্ত্ৰীগৰাকীয়ে এছিয়াৰ প্ৰথম পেভিলিয়ন ঐতিহাসিক ৰংঘৰ বাকৰিত উপস্থিত হৈ কৃত্রিম বানৰ সমস্যাৰ বুজ লয়। উল্লেখ্য যে যোৱা ২৩ জুনৰ পুৱতিনিশা হোৱা ধাৰাসাৰ বৰষুণত ৰংঘৰ বাকৰিত একাঁঠু পর্যন্ত পানী জমা হোৱাত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াৰ কেইটামান মাহৰ পূৰ্বে ৰংঘৰ বাকৰি জলমগ্ন হোৱাত বিধায়ক অখিল গগৈয়ে মটৰ লগাই পানী সিঁচিবলগীয়া হৈছিল। বিয়লি প্রায় ৪.২০ বজাত মুখ্যমন্ত্রী ড° শৰ্মা ৰংঘৰ বাকৰিত উপস্থিত হোৱাৰ পূর্বেই শিৱসাগৰ জিলা আয়ুক্তৰ নিৰ্দেশত লোকনির্মাণ বিভাগ আৰু জলসম্পদ বিভাগে ৰংঘৰ বাকৰিত আবদ্ধ হৈ পৰা বৰষুণৰ পানী কিদৰে নিষ্কাশন কৰিব পাৰি এই সন্দৰ্ভত প্রাক্কলন প্ৰস্তুত কৰি ৰাখিছিল। দুয়োটা বিভাগৰ অভিযন্তাৰ পৰা মুখ্যমন্ত্রী ড° শৰ্মাই পৰিকল্পনাৰ বুজ লয়। আয়ুক্ত সহিতে চৰকাৰী বিভাগকেইটাৰ অভিযন্তাসকলে মুখ্যমন্ত্রী ড° শৰ্মাক জনোৱা মতে, ঐতিহাসিক ৰংঘৰ বাকৰিত মুঠ ১ কোটি ২০ লাখ লিটাৰ বৰষুণ হোৱাৰ উপৰি বিভিন্ন স্থানৰ পৰা প্ৰৱাহিত হৈ অহা পানী আবদ্ধ হয়। ইয়াৰে আধা পানী ওলাই যায় যদিও বাকী পানী ৰংঘৰ বাকৰিত আবদ্ধ হয়। মুখ্যমন্ত্রী ড° শর্মাই এই সন্দর্ভত কয় যে অহা এক- ডেৰ মাহৰ ভিতৰত এই সমস্যাৰ অন্ত পৰিব। অহা বছৰ বাৰিষাত এই সমস্যা নাথাকিব বুলি স্পষ্টকৈ জানিবলৈ দিয়ে। তলাতল ঘৰৰ সম্পৰ্কত পৰীক্ষা কৰি থকা হৈছে বুলি তেওঁ মন্তব্য কৰে। অহা ফেব্ৰুৱাৰী-মাৰ্চ মাহত ফ’ৰলেন সম্পূৰ্ণ হ’ব বুলি মত প্ৰকাশ কৰাৰ লগতে শিৱসাগৰতো কেবিনেট অনুষ্ঠিত হোৱাৰ নিশ্চয়তা প্রদান কৰে তেওঁ। আনহাতে ৩১ কোটি টকা মাটি অধিগ্রহণৰ ব্যয়কে ধৰি মুঠ ১১৮ কোটি টকাৰে নির্মীয়মাণ ৰংঘৰ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ নিজেই আধাৰশিলা স্থাপন কৰা প্ৰকল্পটো সন্দৰ্ভত কয় যে প্রথম পর্যায়ত উল্লেখিত ধন ধাৰ্য কৰা হৈছিল যদিও শেষ হওঁতে ইয়াৰ পৰিমাণ বৃদ্ধি পাব। প্ৰকল্পৰ ৰাস্তা, নলা-নর্দমা, ৰংঘৰৰ লগত কেনেদৰে সংহত হ’ব পাৰে আৰু প্রকল্প পৰিদৰ্শন কৰিবলৈ পোনপটীয়াকৈ অহাৰ লগতে ৰংঘৰ চাবলৈ অহাসকলেও যাতে প্রকল্পলৈও আহিব পাৰে সেই সম্পর্কতো গুৰুত্ব প্ৰদান কৰা হৈছে। ছেপ্টেম্বৰ-অক্টোবৰত নিজে পুনৰ শিৱসাগৰলৈ অহাৰ কথা জানিবলৈ দি তেওঁ কয় যে তেতিয়া অধিক বিস্তাৰিতভাৱে এই বিষয়ত আলোচনা কৰা হ’ব। প্ৰকল্পৰ মাটি ভৰোৱা কাম ইতিমধ্যে সম্পূর্ণ হৈছে। অহা মাৰ্চৰ পূর্বেই প্রকল্পই এটা ৰূপ ল’ব। আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে এ টি ৰোডৰ পৰা শিৱসাগৰ নগৰলৈ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰংঘৰৰ পিছফাললৈ অহা সম্পর্কতো আলোচনা কৰা হৈছে। যদি কিবা পৰামৰ্শ থাকে জিলা আযুক্তৰ সৈতে আলোচনা কৰিব পাৰে। ঐতিহাসিক ৰামখা পীঠ আৰু সৰাগুৰি চাপৰি সংযোগ কৰিব পৰা এখন দলঙৰ লগতে পর্যটকসকল শিৱসাগৰত ৰাতি থকাৰ সুবিধা সম্পৰ্কত সাংবাদিকক তেওঁ জনায় যে নতুন পৰিকল্পনা  লাহে লাহে লোৱা হ’ব। সাংবাদিকে তেওঁক তলাতল ঘৰ সামৰি থকা সৰ্বমুঠ ৪৩৪ পোৰা ভূমিৰ আনোৱাৰা টাইমূৰৰ দিনত ১৭০ বিঘা ২ কঠা ম্যাদী পট্টা দিয়াৰ প্ৰসংগ উনুকিয়াই দিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে যিসকলক ইতিমধ্যে ম্যাদী পট্টা দিয়া হ’ল প্রয়োজনসাপেক্ষে সেই ভূমি ওভতাই লোৱাৰ চৰকাৰী নিয়ম আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। পৰৱৰ্তী পৰ্যায়ত তলাতল ঘৰ পৰিদৰ্শন কৰি এই সম্পৰ্কত আলোচনা কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। আনহাতে শিৱসাগৰ নগৰত হোৱা কৃত্রিম বান ৰোধক হিচাপে থকা ঐতিহাসিক যমুনা বেদখল সন্দর্ভত জনসিঞ্চন বিভাগে ইতিমধ্যে এক সৰু আঁচনি যুগুত কৰিছে যদিও এক ব্যাপক আঁচনিৰ প্ৰয়োজন থকাৰ কথা তেওঁ উল্লেখ কৰে। গুগলত ভাৰতৰ প্ৰথম শ্বহীদ বুলিলে মংগল পাণ্ডেৰ নাম পোৱা যায়, কিন্তু অসমৰ পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱা মংগল পাণ্ডেৰ পূৰ্বেই শ্বহীদ হৈছিল। এই সন্দৰ্ভত ল’ব পৰা ব্যৱস্থা সম্পৰ্কত কোনোবা এখন বিশ্ববিদ্যালয়ৰ পৰা গৱেষণা কৰি গৱেষণা পুথি প্রস্তুত হ’লেহে ভাৰত চৰকাৰক চনটো শুদ্ধ কৰিবলৈ ক’ব পৰা যাব বুলি তেওঁ মন্তব্য কৰে। তেওঁৰ এই ভ্রমণকালত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড, বিধায়ক সুশান্ত বৰগোহাঁই, অখিল গগৈ, প্রাক্তন বিধায়ক কুশল দুৱৰী, জিলা বিজেপিৰ সভাপতি বিতোপন ৰাইদঙীয়াই সংগ প্ৰদান কৰে।