সাংবাদিকক অপমানৰ পাছত নিজৰ ভুল স্বীকাৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজসাহায্য আৰু গীৰ গাইৰ প্ৰসংগক লৈ বিতৰ্কৰ মাজত সোমাই পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শেহতীয়াকৈ সাংবাদিকক কৰা অপমানৰ পাছত নিজৰ ভুল স্বীকাৰ কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শনিবাৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ভুলকৈ শব্দ প্রয়োগ কৰা বুলি কৈ ক্ষমা খুজিব লাগে বুলি মন্তব্য কৰাৰ পাছত দেওবাৰে সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে সাংবাদিকক নক’বলগীয়া মন্তব্য কৰা বুলি স্বীকাৰ কৰে। তদুপৰি সাংবাদিক সমাজক ভুল নুবুজিবলৈও অনুৰোধ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সামাজিক মাধ্যমযোগে সমগ্র বিষয়টো সন্দর্ভত মন্ত্রী জয়ন্ত মল্ল বৰুৱাই এইবুলি উল্লেখ কৰিছে- সংবাদ জগতৰ সৈতে আমাৰ পৰিয়ালৰ সম্পৰ্ক বহু পুৰণি। মোৰ দেউতাই ২২ বছৰ ‘দৈনিক অসম’ৰ দৰে এখন প্রতিষ্ঠিত কাকতত স্থানীয় সংবাদদাতা হিচাপে কাম কৰিছিল। সেয়ে সাংবাদিকৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা সৰুৰে পৰাই গঢ় লৈ উঠিছিল আৰু এই শ্রদ্ধা মোৰ অন্তৰত আছিল, আছে আৰু সদায় থাকিব। ইচ্ছাকৃতভাবে মই কোনো সাংবাদিকক অপমান কৰা নাই, তথাপি মোৰ কথাত যদি কাৰোবাৰ মনত আঘাত লাগিছে তাৰ বাবে মই সঁচাকৈ দুঃখিত। লগতে এই কথা মই বিনম্রতাৰে স্পষ্ট কৰি দিব খোজোঁ যে সেইদিনাৰ সংবাদ মেলত কোনো সাংবাদিকক তুচ্ছ কৰাৰ মানসিকতাৰে মই একো কথা কোৱা নাছিলোঁ, মাত্র এটা নির্দিষ্ট চেনেলৰ এগৰাকী নির্দিষ্ট সাংবাদিকে তেওঁৰ মালিকপক্ষৰ ব্যক্তিগত স্বার্থত উদ্দেশ্যপ্রণোদিতভাৱে মোক উপর্যুপৰি কৰা প্রশ্ন (বা একপ্ৰকাৰ জেৰা)ত অতিষ্ঠ হৈ মোৰ মুখেৰে এষাৰ ক’বনলগীয়া বাক্য ওলাই গৈছিল। এই বাক্যশাৰী মই নিশ্চয় ক’ব নালাগিছিল। মই যদিও এগৰাকী নির্দিষ্ট সাংবাদিকক উদ্দেশ্যি এই বাক্যশাৰী কৈছিলোঁ, তাক লৈ সমগ্র সাংবাদিক সমাজে দুখ পোৱা বুলি জানি নিজৰ মনত আঘাত পাইছোঁ। সেয়ে সকলোকে ভুল নুবুজিবলৈ মই বিনম্রতাৰে অনুৰোধ জনাইছোঁ।