দুগ্ধ উন্নয়ন নিগমত সংঘটিত কেলেংকাৰীৰ তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত দুগ্ধ উৎপাদনৰ নামত সংঘটিত বৃহৎ অনিয়ম সন্দৰ্ভত সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। বিষয়টোক লৈ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাতে ক্ষান্ত নাথাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে দুগ্ধ উন্নয়ন নিগমত সংঘটিত উক্ত অনিয়মৰ সবিশেষ বৰ্ণনা কৰি, উচিত তদন্ত দাবীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰিছে এখন বিশেষ পত্ৰ। শনিবাৰে প্ৰেৰণ কৰা এই পত্ৰখনত সাংসদগৰাকীয়ে প্ৰধানমন্ত্ৰীক বিষয়টো গুৰুত্বসহকাৰে ল’বলৈকো আহ্বান জনাইছে। পত্ৰখনৰ জৰিয়তে তেওঁ সংবাদ মাধ্যমত প্ৰকাশিত একাধিক বাতৰিৰ উধৃতিৰে অসমত দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে বাণিজ্যিকভাৱে দুগ্ধ উৎপাদনৰ সৈতে জড়িত উদ্যোগীসকলক সহায় কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা আঁচনিত সংঘটিত হোৱা ব্যাপক অনিয়মৰ কথা প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছে। পত্ৰখনত সভাপতিগৰাকীয়ে লিখিছে, ”এই আঁচনিখনৰ উদ্দেশ্যই হৈছে প্ৰকৃতাৰ্থত দুগ্ধ উৎপাদনৰ সৈতে জড়িতসকলক সহায় কৰা। ইয়াৰ বাবে উপযুক্ত প্ৰতিগৰাকী উদ্যোগীকে ৫০ লাখকৈ ৰাজসাহায্য দিয়াৰ ব্যৱস্থা আঁচনিখনত আছে। কিন্তু বিভিন্ন বাতৰি তথা চৰকাৰী তথ্যই এইক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱা বিষয়টো উদঙাই দিছে।’’ মন্ত্ৰী-বিধায়কৰ আত্মীয়-স্বজনক ৰাজসাহায্য প্ৰদান কৰিবলৈকে যোগ্য আবেদনকাৰীক বঞ্চিত কৰাৰো অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। পত্ৰখনত তেওঁ লিখিছে যে অসমৰ ভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ দুগ্ধ উৎপাদনৰ সৈতে জড়িত কেবাগৰাকী যোগ্য উদ্যোগীয়ে একাধিকবাৰ আবেদন কৰিছে যদিও আঁচনিখনত সংঘটিত অনিয়মৰ বাবেই সেইসকল কৃষকে ৰাজসাহায্য পাবলৈ সমৰ্থ নহ’ল। এনে পৰিপ্ৰেক্ষিতত দুগ্ধ উৎপাদনৰ সৈতে জড়িত ৰাজ্যখনৰ প্ৰকৃত গো-পালকসকল হতাশ হৈ পৰিছে বুলিও পত্ৰখনত উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যও ৰাজ্যখনৰ দুগ্ধ উৎপাদনৰ সৈতে জড়িত উদ্যোগীসকলৰ বাবে উদ্বেগজনক আৰু চিন্তনীয় বুলিও পত্ৰখনৰ জৰিয়তে প্ৰধানমন্ত্ৰীক অৱগত কৰিছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে। এই সন্দৰ্ভত তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীৰ পৰিয়ালৰ লোক তথা আন আত্মীয়-স্বজনে ৰাজসাহায্য লাভ কৰাৰ পিছতো তাক ন্যায্যতা দিবলৈ চেষ্টা চলোৱাতো তেনেই অশোভনীয়। ”মুখ্যমন্ত্ৰীৰ এনে মন্তব্য আৰু মুকলি সমৰ্থনে ৰাজনীতিত স্বজন-তোষণ নীতিক উদঙনি যোগাইছে। এনে কাৰ্যই সমতা আৰু ন্যায়ৰ সাংবিধানিক মূল্যবোধৰ ওপৰতো আঘাত হানিছে। লগতে, ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী তথা আন মন্ত্ৰীসকলে দায়িত্ব গ্ৰহণৰ সময়ত সংবিধানৰ নামত যি শপত লৈছিল সেই শপতো ভংগ কৰিছে। এনে কাৰ্যই জনসাধাৰণৰ প্ৰতি চৰকাৰৰ দায়ৱদ্ধহীনতাকো প্ৰকট কৰি তুলিছে।’’-গৰুখুঁটি প্ৰকল্পলৈ প্ৰধানমন্ত্ৰীগৰাকীৰ গৃহ ৰাজ্য গুজৰাটৰ পৰা গিৰ গাই অনাৰ ক্ষেত্ৰতো অনিয়ম হোৱাৰ বিশেষ উল্লেখেৰে পত্ৰখনত এইদৰে কয় সভাপতি গৌৰৱ গগৈয়ে। এই সন্দৰ্ভত পত্ৰখনত তেওঁ লিখিছে যে চৰকাৰৰ গৰুখুঁটি প্ৰকল্পলৈ গুজৰাটৰ পৰা অনা হোৱা উন্নত প্ৰজাতিৰ গিৰ গাই প্ৰকল্পস্থলী পোৱাৰ পূৰ্বে আদবাটৰ পৰা মন্ত্ৰী-বিধায়কে হৰলুকী কৰাৰ কথা চৰকাৰী তথ্যত পোহৰলৈ আহিছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক ভূৱন পেগু, উৎপল বৰা, দিগন্ত কলিতা আৰু সাংসদ দিলীপ শইকীয়াৰ নাম ইয়াৰ সৈতে সাঙোৰ খোৱাৰ কথাও প্ৰধানমন্ত্ৰীক অৱগত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ”ৰাজকোষৰ পৰা আৱণ্টিত ২৫.৫ কোটি টকাৰ প্ৰকল্প এটাৰ নামত ক্ৰয় কৰা সম্পত্তি তথা পশুধন এনেদৰে ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ এৰি দিয়া কাৰ্যই উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণত চৰকাৰে যে ল’ৰা-ধেমালি কৰি আহিছে সেয়া স্পষ্ট কৰি তুলিছে।’’-এইদৰে কয় কংগ্ৰেছ নেতাগৰাকীয়ে। এনে কাৰ্যই চৰকাৰৰ বিশ্বাসযোগ্যতা, দায়ৱদ্ধতা আৰু সম বিতৰণৰ মূল নীতিক কুঠাৰাঘাত কৰিছে বুলি উল্লেখ গগৈয়ে কয় যে প্ৰকৃত আৰু যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি ৰাজনীতিৰ সৈতে জড়িত লোকসকলক চৰকাৰী সা-সুবিধা উপভোগৰ সহজ সুবিধা কৰি দিয়াতো কোনোপধ্যেই গ্ৰহণযোগ্য হ’ব নোৱাৰে। সেয়ে সমগ্ৰ ঘটনাটোৰ এক উচিত তদন্তৰ নিৰ্দেশ দিবলৈকো পত্ৰখনৰ জৰিয়তে প্ৰধানমন্ত্ৰীক আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে৷