বয়োজ্যেষ্ঠ বিনোদন কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীক অভিনন্দন
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ বতাহঘুলিস্থিত বয়োজ্যেষ্ঠ বিনোদন কেন্দ্ৰৰ উদ্যোগ দ্বি-বিংশতম্ বাৰ্ষিক কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান আৰু আঞ্চলিক ভিত্তিত মুকলি প্ৰাইজমানি কুইজ প্ৰতিযোগিতা বিগত বৰ্ষৰ দৰে এইবেলিও গণেশ মন্দিৰ প্ৰাংগণত ২৯ জুনত দিনজোৰা কাৰ্যসূচীৰে ২০২৫ বৰ্ষৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত বতাহঘুলি অঞ্চলৰ পৰা ৭০% বা ততোধিক নম্বৰ লাভ কৰি উৰ্ত্তীণ হোৱা ছাত্ৰ -ছাত্ৰী সকলক ৰাজহুৱা ভাবে অভিনন্দন জনোৱা হ’ব । উক্ত দিনা ৰাতিপুৱা ৯:০০ বজাত পৰিৱেশ নিকাকৰণ ৯:৩০ বজাত স্মৃতি তৰ্পণ ১০:০০ বজাত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাঙ্কন প্ৰতিযোগিতা , সাধুকথা কোৱা প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। এই অনুষ্ঠানটি শুভ উদ্বোধন কৰিব গুৱাহাটী পৌৰ নিগমৰ ৬০ নং ৱাৰ্ডৰ পাৰিষদ ভূপেন বৰুৱাই। আবেলি ২:০০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত মুকলি প্ৰাইজমানি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। কুইজ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিব অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত সঞ্চালক মণি দ্বীপ চুতীয়াই । সন্ধিয়া ৬:০০ বজাত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা, বঁটা বিতৰণী আৰু বিনোদন কেন্দ্ৰৰ জ্যেষ্ঠ সকলক সম্বৰ্ধনা অনুষ্ঠান। এই অনুষ্ঠানত মুখ্য অতিথি ড° বিবেকানন্দ শইকীয়া, বিজ্ঞান গুৰু , পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, খানাপাৰা, বিশিষ্ট অতিথি ড° ধৰ্মেন্দ্ৰ নাথ , অধ্যক্ষ , এচ বি দেওৰা মহাবিদ্যালয় আৰু ড° নমিতা নাথ , অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয় উপস্হিত থাকিব বুলি কেন্দ্ৰৰ সভাপতি-সম্পাদকে জানিবলৈ দিয়ে। আনহাতে পূৰ্বৰ দৰে এইবেলিও বিনোদন কেন্দ্ৰৰ পৰিয়ালৰ চাৰি গৰাকী ছাত্ৰ-ছাত্ৰীক যোৱা ১৫ জুনত সন্ধিয়া ৭:০০ বজাত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় বুলি সভাপতি ৰণজিৎ কুমাৰ বায়ন আৰু সাধাৰণ সম্পাদক ধৰণীধৰ তালুকদাৰে জানিবলৈ দিয়ে৷