প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ‘ধর্ম চক্ৰৱৰ্তী’ উপাধিৰে সন্মানিত
ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লীত কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয় আৰু ভগৱান মহাবীৰ অহিংসা ভাৰতী ন্যাসৰ উদ্যোগত আয়োজিত জৈন সন্ত্র আচার্য শ্রী ১০৮ বিদ্যানন্দজী মহাৰাজৰ শতবার্ষিকী অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ‘ধর্ম চক্ৰৱৰ্তী’ উপাধিৰে সন্মানিত কৰা হয়। জৈন আধ্যাত্মিক গুৰুৰ পৰা এই সন্মান গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- মই নিজকে ইয়াৰ বাবে যোগ্য বুলি নাভাবোঁ। কিন্তু আমাৰ সংস্কৃতি যে সাধুৰ পৰা যিয়েই গ্ৰহণ কৰা নহওক সেয়া প্রসাদ হিচাপে লোৱা হয়। গতিকে ময়ো এই প্রসাদ অতি বিনম্ৰতাৰে গ্ৰহণ কৰিছোঁ আৰু মা ভাৰতীক উৎসৰ্গা কৰিছোঁ। জৈন গুৰুৰ শতবার্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰি প্রধানমন্ত্রী মোদীয়ে এই দিনটোৰ বিশেষত্ব ব্যাখ্যা কৰে। প্রধানমন্ত্রী মোদীয়ে কয় যে ১৯৮৭ চনৰ ২৮ জুনৰ এই দিনটোতেই আচার্য বিদ্যানন্দজীয়ে ‘আচার্য’ উপাধি লাভ কৰিছিল। ই কেৱল সন্মানেই নাছিল, জৈন সংস্কৃতিৰ সৈতে সংযোজিত পৱিত্ৰ ধাৰা। অনুষ্ঠানত অংশগ্ৰহণ কৰা প্রধানমন্ত্রী মোদীয়ে কেন্দ্রীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্রী গজেন্দ্র সিং শেখাৱটৰ সৈতে জৈন সন্ত আচার্য শ্রী১০৮ বিদ্যানন্দজী মহাৰাজক সম্মান জনাই কেইবাটাও স্মাৰক ডাকটিকট মুকলি কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ডাকটিকট মুকলি কৰি আচাৰ্যক অকল সন্মান জনোৱাই নহয়, ইয়ে আচাৰ্যৰ জীৱন আৰু কৰ্মৰাজিক অনুকৰণীয় কৰি তুলিবলৈ সহায়ক হ’ব বুলি কয়। অনুষ্ঠানৰ আৰম্ভণিতে প্রধানমন্ত্রী মোদী আৰু সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে ‘লাইফ এণ্ড লিগেচী অৱ আচার্য শ্রী ১০৮ বিদ্যানন্দজী মহাৰাজ’ শীর্ষক প্ৰদৰ্শনী পৰিদৰ্শন কৰে।