বোকাখাতৰ গ্রেনেড বিস্ফোৰণ মূল অভিযুক্তক গ্ৰেপ্তাৰ

বোকাখাতৰ গ্রেনেড বিস্ফোৰণ মূল অভিযুক্তক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বোকাখাত আৰক্ষীয়ে যোৱা ২৪ জুনত বোকাখাতৰ সাপজুৰিৰ পাণবাৰী নিগমৰ অসম বেটেলিয়নৰ জোৱান থকা এটা কেম্পত হোৱা গ্রেনেড বিস্ফোৰণৰ মূল অভিযুক্ত অংকুৰ দাসক গ্রেপ্তাৰ কৰে। প্রাপ্ত খবৰ অনুসৰি, বোকাখাত আৰক্ষীয়ে দেৰগাঁৱৰ পৰা আটক কৰিছে অংকুৰ দাসক। গ্রেনেড বিস্ফোৰণৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ৬জন লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। লোককেইজন ক্রমে বোকাখাতৰ ৰূপজ্যোতি দাস, অংকুৰ দাস, তেজপুৰৰ পৰা ভবেশ কলিতা, লখিমপুৰৰ পৰা সঞ্জীব বৰুৱা। আনহাতে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত জে’ল-হাজোতলৈ প্ৰেৰণ কৰিছে অংকুৰ দাসৰ দুই ভাতৃ পংকজ দাস আৰু কাকু দাসক। উল্লেখ্য যে বোকাখাতৰ অসম বেটেলিয়নৰ কেম্পটোত হোৱা গ্রেনেড বিস্ফোৰণৰ ঘটনাক লৈ বিভ্রান্তিত পৰিছে ৰাইজ। এই ঘটনাৰ সৈতে চোৰাং চিকাৰী বা ড্ৰাগছ সৰবৰাহকাৰী জড়িত নে কোনো উগ্রপন্থী সংগঠন জড়িত সেই লৈ আৰক্ষী এতিয়াও নিশ্চিত হ’ব পৰা নাই। ইফালে  অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমিট সিঙে এখন সংবাদ মেল সম্বোধন কৰি ঘটনাৰ সৈতে ৬-৭জন লোক এই গ্রেনেড বিস্ফোৰণৰ সৈতে জড়িত আছে বুলি মন্তব্য কৰিছিল। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা লোককেইজনক জে’ল-হাজোতলৈ প্ৰেৰণ কৰা হৈছে। গ্রেনেড বিস্ফোৰণত লিংকমেন হিচাপে থকা তেজপুৰৰ ভৱেশ কলিতাৰ পৰা এটা গ্রেনেড আৰু লখিমপুৰৰ সঞ্জীৱ বৰুৱাৰ পৰা এটা গ্রেনেডৰ লগতে এটা পিষ্টল উদ্ধাৰ কৰে। আৰক্ষী সঞ্চালকপ্রধানে সংবাদ মেলত ব্যক্ত কৰা চমু তথ্যৰ বাহিৰে গোলাঘাট আৰক্ষী অধীক্ষক ৰাজেন সিং, মহকুমা আৰক্ষী বিষয়া বার্ডি বড়ো আৰু বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াই সংবাদ মাধ্যমক কোনো তথ্য অৱগত কৰা নাই। তদন্তৰ দোহাই দি আৰক্ষীয়ে কোনো তথ্য সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰাৰ পৰা এতিয়াও বিৰত আছে।