অতীতে ৰিঙিয়াই – মমী বৈশ্য

অতীতে ৰিঙিয়াই

 মমী বৈশ্য
শুৱালকুছি

এবাৰো উভতি চোৱা নাছিলো
তথাপি এনেকুৱা কিয় হয়
অতীতে ৰিঙিয়াই
মাজবাটত এৰি খোজ দিছো বৰ্তমানেও
কিন্তু মিতিৰালি দুয়ো কালৰ
হৃদয়ৰ গোপন কোঠাত টুকুৰিয়াই
অতীতে মোক সঘনে ৰিঙিয়াই
পাখি লগা ঘোঁৰাত চেঁকুৰী উজাই গ’লো
অতীতে কিয় বাৰু মাতে
আজিও ৰিঙিয়াই ।।