গৌৰীপুৰত নিৰ্মীয়মাণ ট্রাম্পেট জংচন পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ৰাষ্ট্ৰীয় ঘাইপথত নির্মীয়মাণ ট্রাম্পেট জংচন অর্থাৎ, একাধিক পথৰ আন্তঃসংযোগকাৰীৰ স্থান পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়। এই পৰিদৰ্শন কালতে মুখ্যমন্ত্রী ড° শৰ্মাই নিৰ্মাণকাৰ্যৰ লগত জড়িত প্ৰতিষ্ঠানৰ প্ৰতিনিধি, লোকনির্মাণ বিভাগৰ অভিযন্তাৰ উপস্থিতিত ট্রাম্পেট জংচনৰ নিৰ্মাণকাৰ্যৰ বিভিন্ন কাৰিকৰী দিশকে ধৰি অন্যান্য দিশসমূহৰ বিষয়ে বিতংভাৱে পর্যালোচনা কৰে। সময় নিৰ্ধাৰিতভাৱে এই কাম সম্পূৰ্ণ কৰিবলৈ তেওঁ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে। ইয়াৰ পিছতে সংবাদ মাধ্যমক মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ব্ৰহ্মপুত্ৰৰ ওপৰত নির্মীয়মাণ গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কাম অহা ডিচেম্বৰ- জানুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে প্রস্তুতি চলাই থকা হৈছে। এই দলংখন সম্পূর্ণ হৈ উঠিলে প্রথম পর্যায়ত যান-বাহনসমূহ জিএনআৰচি আৰু আইআইটি হৈ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰৱেশ কৰিব লাগিব।
কিয়নো তেতিয়ালৈকে গৌৰীপুৰত ৰাষ্ট্ৰীয় ঘাইপথত নির্মাণকার্য চলাই থকা ট্রাম্পেট জংচনৰ কাম সম্পূর্ণ হৈ নুঠিব। তেওঁ কয় যে ট্রাম্পেট জংচনৰ নিৰ্মাণকাৰ্য অহা মে’-জুন মাহত সম্পূৰ্ণ হ’ব। গৌৰীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত নির্মাণ চলাই থকা ট্রাম্পেট জংচনটো সম্পূর্ণ হৈ উঠাৰ পিছত দ্বিতীয় পর্যায়ত পোনপটীয়াকৈ গৌৰীপুৰ হৈ নতুন দলঙেৰে গুৱাহাটীলৈ যাতায়াত ব্যৱস্থা মুকলি হ’ব। তদুপৰি কয় যে নৱেম্বৰ মাহত দলংখনেৰে খোজকাঢ়ি যাব পৰা ব্যৱস্থা হৈ যাব। ইপিনে বাইহাটাত নির্মিত উৰুণ সেতুখন ২০ জুলাই বা জুলাইৰ শেষ সপ্তাহত মুকলি কৰা হ’ব বুলিও মুখ্যমন্ত্রী ড° শৰ্মাই সদৰী কৰে। আজিৰ এই পৰিদৰ্শনৰ সময়ত লোকনির্মাণ (পথ) বিভাগৰ বিশেষ আয়ুক্ত সচিব বিভূতি শইকীয়া, কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্র, বহিঃ সাহায্যপ্রাপ্ত প্রকল্প (ইএপি)ৰ মুখ্য অভিযন্তা প্রমুখ্যে লোকনির্মাণ (পথ) বিভাগৰ অভিযন্তা, নিৰ্মাণ প্ৰতিষ্ঠানৰ অভিযন্তা আৰু কাৰিকৰী বিশেষজ্ঞসকল উপস্থিত থাকে।