সাম্প্ৰদায়িকতাৰ জুই
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা,বৰপেটা
দাও দাও কৈ জ্বলিছে আজি
জাতি-মাটি ভেটিৰ প্ৰান্তৰৰ
সেই শান্তিৰ পজা….
একতাৰ এনাজৰীৰ শিকলি ছিঙি
উন্মাদ বলিয়াৰ স্বৰূপ হৈ
দৌৰিছে আৰু দৌৰিছে…
স্বাৰ্থ ক্ষমতাৰ লোভত চকু মুদি
পুষ্প বাকৰিত কাঁইট পুতি
আত্মতৃপ্তি লভে…
সেই কাঁইট বিন্ধি ৰক্তক্ষৰণ হয়
হলুৱা, বনুৱা, ৰণুৱা,
উচ-নীচ সৰ্ব জাতি আৰু
ধৰ্ম কৰ্ম নিৰ্বিশেষে সৰ্বসেৰ্বাৰ…
কেঁচা ৰঙা তেজে ৰাঙলী হয়
সোনোৱালী মাটিৰ শুভ্ৰ কাৰ্পেট
এয়া ফিৰিঙতি
সাম্প্ৰদায়িকতাৰ…?
নে স্বাৰ্থ ক্ষমতা অটুট ৰখাৰ
নতুন কোনো উপায়…
জাতি ধৰ্ম লৈ বিবাদ কোনে কৰে…?
হলিৰামে হাল বায় যায়
ৰহিমে কৰে খেতি
হাঁহি হাঁহি ৰঙচুৱা আবেলি
হয় কেতিয়াবা চাহৰ আড্ডা
ইয়াত জাতিবেদ, ধৰ্ম বিবাদ ক’ত..?
সমাজনীতি হওক কিংবা ৰাজনীতি
মূল হাতিয়াৰ এটাই
সম্প্ৰদায়িকতাৰ ফিৰিঙতি..
যিয়ে দবানল ৰূপ লৈ
ভষ্ম কৰে জাতীয় ঐক্য
বৈষম্যৰ ৰুদ্ৰ ৰুক্ষ ৰূপ লয়
সুধা হৈ পৰে বৰ বিহ
শীতল মস্তিষ্ক উত্তপ্ত হৈ
ছাই কৰে মানৱতাৰ সুগন্ধি…
শান্তিৰ চৰাই হাল শ্বাসৰুদ্ধ হৈ
অকালতে নশ্বৰ দেহ এৰে
আৰু কিমান সহিব….?
কিমান আৰু ভুগিব…?
বুজাব বাৰু কোনে..?
কোনেই বাৰু বুজিব…?