অৱশেষত আজি মহাকাশলৈ উৰিব ভাৰতৰ সুভাংশু শুক্লা

অৱশেষত আজি মহাকাশলৈ উৰিব ভাৰতৰ সুভাংশু শুক্লা

ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা দেওবাৰে সুভাংশু তথা অন্য ৩ নভোচৰক লৈ ‘নাছা’ৰ ড্ৰেগন যানে মহাকাশলৈ যাত্ৰা কৰাৰ কথা আছিল। কিন্তু উৎক্ষেপণৰ দুদিন পূর্বে পুনৰ বাতিল কৰি দিয়া হয় অভিযান। ৭বাৰ বাতিল হোৱাৰ পিছত অৱশেষত মার্কিন মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে সকলো ঠিকে-ঠাকে থাকিলে আজি মহাকাশলৈ যাত্ৰা কৰিব সুভাংশুসহ ৪ নভোচৰে। ভাৰতীয় সময় অনুসৰি আজি দুপৰীয়া আৰম্ভ হ’ব এই যাত্রা। নাছাৰ ‘আক্সিয়ম-৪’ অভিযানৰ কমাণ্ডাৰ হিচাপে নেতৃত্ব দিছে প্রাক্তন নভোচৰ তথা আক্সিয়ম স্পেচৰ মানৱ মহাকাশ যানৰ সঞ্চালক ৰেগী হুইটছনে। এই যানত পাইলটৰ ভূমিকাত আছে লক্ষ্ণৌৰ সন্তান সুভাংশু। সুভাংশু ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন। ৰাকেশ শৰ্মাৰ পাছত দ্বিতীয়গৰাকী ভাৰতীয় হিচাপে মহাকাশলৈ যাত্রা কৰিব সুভাংশুৱে। উল্লেখনীয় যে ১৯৮৪ত ৰাকেশ শৰ্মাই ৰাছিয়াৰ সহযোগত মহাকাশলৈ যাত্ৰা কৰি প্ৰথম ভাৰতীয় নভোচৰৰ গৌৰৱ অৰ্জন কৰিছিল। ভাৰতীয় সময় অনুসৰি আজি দুপৰীয়া ১২.০১ বজাত সুভাংশুসহ ৪ নভোচৰক লৈ ড্রেগন যানে মহাকাশলৈ উৰা মাৰিব। আমেৰিকাৰ ফ্ল’ৰিডাত নাছাৰ কেনেডী স্পেচ চেণ্টাৰৰ ৩৯-এ লঞ্জ কমপ্লেক্সৰ পৰা ফেলকন-৯ ৰকেটৰ সহায়ত ড্রেগন যানক মহাকাশলৈ উৎক্ষেপণ কৰা হ’ব। ভবা ধৰণে এই যাত্ৰা আৰম্ভ হ’লে বিয়লি ৪ বজাত আন্তর্জাতিক মহাকাশ ষ্টেচনত উপস্থিত হ’ব যানখনে। ইয়াৰ পূৰ্বে একাধিকবাৰ আক্সিয়ম-৪ৰ অভিযান পিছুৱাই দিয়া হৈছে মহাকাশ যানৰ যান্ত্রিক বিজুতিৰ বাবে।