মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰি নীলাচলৰ বুকুত দেশী-বিদেশী ভক্তৰ ভিৰ

মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰি নীলাচলৰ বুকুত দেশী-বিদেশী ভক্তৰ ভিৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ ৫১খন শক্তিপীঠৰ অন্যতম নীলাচল পাহাৰৰ কামাখ্যা ধামত চলি আছে অম্বুবাচী মহাযোগ। ইতিমধ্যে তিনিটা দিন অতিক্রম কৰিলে এই মহাযোগে। দেৱী কামাখ্যাৰ আশিস ল’বলৈ অগণন ভক্তপ্ৰাণ ৰাইজে কামাখ্যা ধামত ভিৰ কৰিছে। উল্লেখ্য যে দেৱীৰ আশিস ল’বলৈ নামনি কামাখ্যাৰ পৰা পদব্রজে ভক্ত-দর্শনার্থীসক কামাখ্য ধামলৈ যাত্ৰা আৰম্ভ কৰে। আস্থা আৰু বিশ্বাসৰ অন্যতম নাম অম্বুবাচী মহাযোগ। পদব্রজে অহা ভক্তৰ লগতে একাংশ ভক্তই ব্যতিক্রমীভাৱে দেৱীৰ আশিস ল’বলৈ সাষ্টাংগে প্রণিপাত জনাই ওৰেটো পথ মন্দিৰ অভিমুখে কৰা যাত্ৰাই বহুজনৰ দৃষ্টি আকৰ্ষণ কৰিলে। চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা অহা এইসকল ভক্তই অম্বুবাচীৰ সময়ত মনৰ আশা পূৰণৰ বাবে এনেদৰে সংকল্প লৈ ধামলৈ যাত্ৰা কৰা বুলি মন্তব্য কৰে। আনহাতে, ভক্ত-দর্শনার্থীৰ বিপুল সমাগমেৰে মহাসমুদ্ৰত পৰিণত হ’ল কামাখ্যা ধাম। একাংশ ভক্তই দেৱীধামৰ সমীপতে আৰাধনাত লিপ্ত হোৱাৰ লগতে আন একাংশই মন্দিৰৰ চৌপাশে পৰিভ্ৰমণ কৰি দেৱীৰ আশিস বিচাৰে। উল্লেখ্য যে অম্বুবাচী মহাযোগৰ সময়ত আহিবলগীয়া লাখ লাখ ভক্তৰ বাবে ৰাজ্য চৰকাৰ তথা জিলা প্রশাসনে কেইবাশ নিৰাপত্তাৰক্ষীৰ লগতে বহুসংখ্যক স্বেচ্ছাসেৱকো মোতায়েন কৰিছিল। আৰক্ষীৰ লগতে মন্দিৰৰ দেৱালয় পৰিচালনা সমিতিৰ নিৰাপত্তাৰক্ষী তথা স্কাউট গাইডছৰ বহুসংখ্যক সদস্যই স্বেচ্ছাসেৱক হিচাপে অম্বুবাচীত সেৱা আগবঢ়োৱা পৰিলক্ষিত হৈছে। ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে স্বেচ্ছাসেৱকসকলক সুন্দৰৰূপে পৰিচালনা কৰিবলৈ চৰকাৰে চেষ্টাৰ ত্রুটি কৰা নাই। তদুপৰি অম্বুবাচীৰ সময়ছোৱাত হোৱা ভিৰৰ বাবে মন্দিৰ চৌহদ যথেষ্ট অপৰিষ্কাৰ হৈ পৰে। কিন্তু এইবাৰ চৰকাৰে লোৱা প্ৰচেষ্টাৰ বাবে বাৰিষাৰ ভৰপক সময়তো অটুট থাকে মন্দিৰ চৌহদৰ স্বচ্ছতা। গুৱাহাটী পৌৰ নিগম তথা প্ৰশাসনৰ দ্বাৰা নিয়োজিত চাফাই কর্মীসকলে অতি নিয়াৰিকৈ দেৱালয় চৌহদত স্বচ্ছতা অটুট ৰাখিবলৈ চেষ্টা চলোৱা দেখা গ’ল। প্রশাসনে মন্দিৰলৈ যোৱা পথৰ সমীপত পথচাৰীৰ বাবে খোৱাপানীৰ লগতে ঠায়ে ঠায়ে ভ্রাম্যমাণ শৌচাগাৰৰো ব্যৱস্থা কৰিছে। সাধাৰণতে অম্বুবাচীৰ সময়ছোৱাত পূর্বতে সমগ্র নীলাচল পাহাৰত পূতিগন্ধময় পৰিৱেশৰ সৃষ্টি হয়। কিন্তু বিগত কিছুবছৰ ধৰি চৰকাৰে লোৱা সুন্দৰ প্ৰচেষ্টাৰ বাবে লাখ লাখ দৰ্শনাৰ্থীৰ সমাগমৰ পাছতো মন্দিৰৰ স্বচ্ছতা অটুট আছে। চৰকাৰ তথা প্ৰশাসনৰ এই সুন্দৰ প্ৰচেষ্টাৰ শলাগ লৈছে মন্দিৰলৈ অহা বহুসংখ্যক দর্শনার্থীয়ে। স্বচ্ছতাৰ লগতে দৰ্শনাৰ্থীসকলৰ সকলো সমস্যাৰ প্ৰতি নজৰ ৰখা স্বেচ্ছাসেৱকসকলৰ ভূমিকাক বহুজনে প্রশংসা কৰিছে। এয়া একমাত্ৰ দেৱীৰ প্ৰতি থকা নিষ্ঠা আৰু আশ্বাসৰ বাবেহে সম্ভৱপৰ হৈছে বুলি বহু দর্শনার্থীয়ে মন্তব্য কৰিছে। আজি অম্বুবাচী মহাযোগৰ অন্তিম দিন। আজি পুৱতিনিশা প্রায় ৩.১৯ বজাত অম্বুবাচীৰ নিবৃত্তি হ’ব। তাৰ পিছতে অহা ২৬ জুনৰ পুৱা ৬ বজাত দেৱীৰ স্নানাদি সম্পন্ন কৰি যথাবিহীত পূজা সম্পূৰ্ণ হোৱাৰ পাছতেই মন্দিৰৰ দুৱাৰ দৰ্শনাৰ্থীৰ বাবে খুলি দিয়া হ’ব। ২৬ আৰু ২৭ জুনত ভিভিআইপিৰ বাবে প্রৱেশপত্র দিয়া নহয় যদিও অহা ২৮ জুনৰ পৰাহে প্ৰৱেশপত্র পুনৰ জাৰি কৰা হ’ব বুলি পৰিচালনা সমিতিয়ে সদৰী কৰিছে।