ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্য্যৰ বিয়োগত গভীৰ শোক প্ৰকাশ ৰাইজৰ দলৰ

ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্য্যৰ বিয়োগত গভীৰ শোক প্ৰকাশ ৰাইজৰ দলৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্য্যৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত তেওঁ প্ৰয়াত মাতৃ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। আজি ৰাইজৰ দলৰ হৈ নৱগ্ৰহ শ্মশানত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন, চিন্ময় বড়াকে ধৰি ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃবৰ্গ আৰু মহানগৰ জিলা সমিতিৰ নেতৃবৰ্গই।