ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণ

ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকাৰ ইৰাণ আক্ৰমণ। আমেৰিকাই ইৰাণৰ তিনিটাকৈ স্থানত ক্ষেপণাস্ত্ৰৰে বিস্ফোৰণ সংঘটিত কৰি পোনপটীয়াকৈ প্ৰৱেশ কৰিলে ইৰাণ আক্ৰমণত। ইৰানৰ তিনিটা পাৰমাণৱিক ঘাটি ফর্ডো, নাটাঞ্জ আৰু ইছফাহানত ইতিহাসৰ আটাইতকৈ সফল সামৰিক আক্ৰমণ আমেৰিকাই সংঘটিত কৰিছে।ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে ইৰাণ ৷ ইৰাণৰ পাৰমাণৱিক প্ৰকল্প ধ্বংস কৰাৰ কথা স্বীকাৰ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷ ট্ৰাম্পে পোষ্ট কৰি কয়,“ইৰাণৰ ফৰ্ডো, নাটাঞ্জ, ইছফাহানকে ধৰি তিনিটা পাৰমাণৱিক স্থানত আমি আমাৰ অতি সফল আক্ৰমণ সম্পূৰ্ণ কৰিছোঁ। সকলো বিমান এতিয়া ইৰাণৰ আকাশমাৰ্গৰ বাহিৰত। প্ৰাথমিক ছাইট ফৰ্ডোত বমবছৰ(BOMBS) সম্পূৰ্ণ পেলোড নিক্ষেপ কৰা হৈছিল। সকলো বিমান নিৰাপদে ঘৰলৈ যোৱাৰ পথত। আমাৰ মহান আমেৰিকান ৱাৰিয়ৰ্ছলৈ অভিনন্দন। বিশ্বত আন কোনো সামৰিক বাহিনী নাই যিয়ে এই কাম কৰিব পাৰিলেহেঁতেন। এতিয়া শান্তিৰ সময়!” আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে তেওঁৰ সকলো কাৰ্যসূচী বাতিল কৰিছে। প্ৰতিটো মুহূৰ্তত তেওঁ চকু ৰাখিছে। চোৰাংচোৱা সংস্থাসমূহ সতর্ক অৱস্থাত আছে। যৌথ মুখ্য কৰ্মচাৰীৰ অধ্যক্ষ জেনেৰেল ডেন কেন আৰু প্ৰতিৰক্ষা সচিব পিট হেগছেথে পুৱা ৮ বজাত পেন্টাগনত আমেৰিকাৰ অভিযানৰ বিষয়ে সাংবাদিকসকলক অৱগত কৰিবলৈ সাজু হৈছে। এই আক্ৰমণত আমেৰিকাই প্ৰথমবাৰৰ বাবে নিজৰ আটাইতকৈ শক্তিশালী বোমা প্রযুক্তি GBU-57A অর্থাৎ ‘Bunker Buster’ ব্যৱহাৰ কৰিছিল। ১৩,৬০০ কিলোগ্রাম ওজনৰ এই বোমাবোৰ ইমানেই মাৰাত্মক আছিল যে আনকি ৬০-৯০ মিটাৰ গভীৰতাত নির্মিত ফর্ডো পাৰমাণৱিক স্থানটোও ধ্বংস হৈছিল। আক্ৰমণ কৰিবলৈ অহা ৬খন বি-২ স্পিৰিট ষ্টেলথ বোমাৰু বিমানে মুঠ ১২টা বাংকাৰ বাষ্টাৰ নিক্ষেপ কৰাৰ বিপৰীতে বি-২ এখনে নাটাঞ্জৰ ওপৰত আৰু ২টা বোমা নিক্ষেপ কৰে। একে সময়তে আমেৰিকাৰ নৌসেনাৰ চাবমেৰিনে নাটানজ আৰু ইছফাহানৰ ওপৰত ৩০টা টমাহক ক্রুজ মিছাইল নিক্ষেপ কৰে।