আজিৰ পৰা শক্তিপীঠ কামাখ্যা মন্দিৰত বহুপ্রতীক্ষিত অম্বুবাচীৰ মহাযোগ
ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰে পৰা শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচীৰ মহাযোগ । দেশ-বিদেশৰ সাধু-সন্নাসী আৰু ভক্ত-দৰ্শনাৰ্থীৰে ভৰি পৰিছে নীলাচল পাহাৰ । আজি দিনৰ ২.৫৬ বজাত প্রবৃত্তি আৰম্ভ হোৱাৰ লগে লগে শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ’ব বহুপ্রতীক্ষিত অম্বুবাচী মহাযোগ। কামাখ্যা ধামৰ অন্যতম উৎসৱ অম্বুবাচী মাথোঁ এক আয়োজনেই নহয়, তান্ত্রিক আৰাধনাৰ অন্যতম সময়। কাইলৈ প্ৰবৃত্তিৰ পাছতে অহা ২৫ জুনলৈ বন্ধ থাকিব কামাখ্যা ধামৰ মূল দ্বাৰ। ২৬ জুনৰ পুৱা নিত্য-নৈমিত্তিক পূজা-অর্চনাৰ পাছতে পুনৰ ভক্ত-দর্শনার্থীৰ বাবে মুকলি কৰা হ’ব দেৱী কামাখ্যাৰ দৰ্শন। অম্বুবাচী মহাযোগক লৈ সাধু-সন্ন্যাসীৰে ভৰি পৰিছে কামাখ্যা ধাম। একপ্ৰকাৰ ক’বলৈ হ’লে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হোৱা কামাখ্যা ধামৰ এতিয়া চৌপাশে মাথোঁ আৰাধনা, পূজা আৰু ভক্তিৰ আধ্যাত্মিক পৰিৱেশ। প্ৰকৃতিৰ সৈতে তুলনা কৰা নাৰীশক্তিৰ অন্যতম গুৰুত্বপূৰ্ণ সময়ছোৱাক আধ্যাত্মিকতাৰ দিশেৰে প্ৰতিফলিত কৰা হয় কামাখ্যা ধামৰ অম্বুবাচী মহাযোগৰ জৰিয়তে। ৰজঃস্বলা প্ৰকৃতিৰ এই সময়ছোৱা ধর্মীয় কাম-কাজৰ বাবে অশুচি বুলি গণ্য কৰিলেও আধ্যাত্মিক তথা তান্ত্রিক শক্তি লাভৰ অন্যতম সময় বুলি গণ্য কৰা হেতুকে আজি অম্বুবাচী মহাযোগৰ অংশীদাৰ হ’বলৈ দেশ-বিদেশৰ পৰা অহা লক্ষ লক্ষ ভক্তই উবুৰি খাই পৰিছে। সকলোৰে আশা- দেৱী কামাখ্যাৰ এই সময়ছোৱাত কৰা আৰাধনাই মনোবাঞ্ছিত ফল প্ৰদান কৰাৰ লগতে সকলোৰে জীৱন মংগলময় কৰি তুলিব। উল্লেখ্য যে, এইবাৰ অম্বুবাচীত কোনো ধৰণৰ ভি আই পি দৰ্শনাৰ্থীৰ সুবিধা নাথাকে। একেদৰে হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰি শোভাযাত্ৰা কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে জিলা প্ৰশাসনে। অম্বুবাচী মহাযোগৰ সময়ছোৱাত কামাখ্যালৈ অহা ভক্ত-দর্শনার্থীসকলে যাতে কোনোধৰণৰ বিপদৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ তথা প্রশাসনে সকলোধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। আজি সন্ধিয়া ৬.৩০ বজাত পাণ্ডু বন্দৰত পৰ্যটন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অম্বুবাচী মহাযোগ ২০২৫ৰ শুভাৰম্ভণি কৰিব। ইয়াৰ লগে লগে আজিৰে পৰাই ৪ দিনলৈ আধ্যাত্মিক পৰিৱেশেৰে জীপাল হৈ পৰিব নীলাচল পাহাৰ।