দক্ষিণ কামৰূপৰ ভিন্ন প্ৰান্তত ৰাভা দিৱস উদযাপন
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- সুন্দৰৰ পূজাৰী,বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণু ৰাভাৰ ৫৬ তম মৃত্যু বাৰ্ষিকী উপলক্ষে সমগ্ৰ ৰাজ্যতে ৰাভা দিৱস আজি ২০ জুন শুক্ৰবাৰে কলাগুৰু বিষ্ণু ৰাভাৰ স্মৃতি সুঁৱৰি অতি উলহমালহেৰে উদযাপন কৰা হয় ৷ যাৰ পৰিপেক্ষিত্বত অসমীয়া কলা সংস্কৃতিৰ বৰপথাৰত সাংস্কৃতিক গোষ্ঠী দক্ষিণ কামৰূপ নৱাৰুণ শিল্পী সমাজৰ উদ্যোগত বিগত বছৰ কেইটিৰ দৰে এইবেলিওঁ উপৰহালী চিলাৰায় ভৱনত দিনযোৰা কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰা হয় ৷ বিশিষ্ট জেষ্ঠ সাংবাদিক,সাহিত্যিক অশ্বিনী কুমাৰ তালুকদাৰৰ সভাপতিত্বত আৰু সম্পাদক মঃ মন্টু আলীৰ সম্পাদনাত উদযাপন কৰা ৰাভা দিৱসৰ মুকলি সভাত সুবাস নামেৰে এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। বঙৰাত ডা° শৰৎ চন্দ্ৰ ৰাভাৰ সভাপতিত্বত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী কামৰূপে ৪৯ নং বঙৰা গাঁও পঞ্চায়ত সভাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰে ৷এই সভাত নিৰ্দিষ্ট বক্তা গৱেষক,ভাষাবিদ,সাহিত্যিক ভুবন চন্দ্ৰ ৰাভাই বিষ্ণু প্ৰসাদ ৰাভাৰ ওপৰত দিয়া গুৰুগম্ভীৰ ভাষণে সভাৰ সৌস্থৱ বঢ়াই ৷ আনহাতে সৰপাৰা স্বৰ্ণশাখা সাহিত্য সভাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস সৰপাৰা হৰি মন্দিৰ প্ৰাংগনত সভাপতি প্ৰবীন চন্দ্ৰ দাস আৰু সম্পাদক ত্ৰৈলোক্য ডেকাৰ নেতৃত্বত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷ লগতে পলাশবাৰী সাহিত্য সভাৰ উদ্যোগতো মিৰ্জা সাহিত্য ভৱনত বিষ্ণু ৰাভা দিৱস উদযাপন কৰে ৷ উক্ত অনুষ্ঠানবোৰত কাৰ্যসূচী হিচাপে থাকে পতাকা উত্তোলন,বৃক্ষৰোপণ,আয়তী সকলৰ নাম- কীৰ্ত্তন, বন্তি প্ৰজ্বালন,চিত্ৰাংকন প্ৰতিযোগিতা,বিশিষ্ট নিমন্ত্ৰিত অতিথিৰ ভাষন,বঁটা বিতৰণী সভা ৷ ইয়াৰ লগতে দক্ষিণ কামৰূপৰ ভিন্ন প্ৰান্তত ৰাভা দিৱস বিভিন্ন আগামী আগশাৰীৰ অনুষ্ঠানবোৰেও বৰ্ণাঢ্য বাৰেৰহণীয়া কাৰ্য্যসুচীৰে উদযাপন কৰা দেখা যায় ৷ উল্লেখযোগ্য প্ৰতিবছৰে কলাগুৰু বিষ্ণু ৰাভা দেৱৰ স্মৃতিত ৰাভা দিৱস অতি উলহমালহেৰে সমগ্ৰ ৰাজ্যত উদযাপন কৰা দেখা যায় কিন্তু জনজাতীয় ৰাভা সকলৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত দলসংগঠন,চৰকাৰ কিম্বা প্ৰশাসনে কোনো পদক্ষেপ লোৱা পৰিলক্ষিত নহয় ৷ বৰ্তমান সচেতন মহলত এয়াই সৰ্বত্ৰে চৰ্চা ৷