এছ চি চি ৰ ৰাজ্যিক সভাপতি ছাব্বিৰ হুছেইনলৈ সন্মানীয় ডক্টৰেট উপাধি প্ৰদান

এছ চি চি ৰ ৰাজ্যিক সভাপতি ছাব্বিৰ হুছেইনলৈ সন্মানীয় ডক্টৰেট উপাধি প্ৰদান

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ইংৰাজী ১৪ জুনত নতুন দিল্লীত ৰাষ্ট্ৰীয় ভিত্তি অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানত মেজিক এণ্ড আৰ্ট ইউনিভাৰ্চিটিয়ে বিগত ৮ বছৰৰে শৈক্ষিক, সামাজিক আৰু ক্রীড়াৰ দিশৰ অৱদানৰ স্বীকৃতি হিচাপে অসমৰ ৰাজ্যৰ শিক্ষামূলক,স্বেচ্ছাসেৱী যুৱ ক্রীড়া অনুষ্ঠান ষ্টুডেণ্ট কেডেট কৰ্পছ (এছ চি চি) অসমৰ ৰাজ্যিক সভাপতি, সামাজিক সেৱা ছছাইটিৰ সভাপতি, অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধী সমিতিৰ সাধাৰণ সম্পাদক, এ বি ডি গ্ৰুপৰ সাধাৰণ সম্পাদক, ফ্ৰেইণ্ডছ গ্ৰুপ আৰু মৈনুদ্দিন চাহেব ফাউণ্ডেশ্যনৰ মুখ্য পৰিচালক ছাব্বিৰ হুছেইনলৈ সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰে। হুছেইনে সন্মানীয় ডক্টৰেট সন্মান লাভ কৰি সংবাদ মাধ্যমত নিজৰ মন্তব্য প্ৰকাশ কৰি কয় যে,সন্মানীয় ডক্টৰেট সন্মান লাভ কৰাটো আমাৰ বাবে এক গভীৰ কৃতজ্ঞতা আৰু আনন্দৰ মুহূৰ্ত।এই স্বীকৃতি কেৱল ব্যক্তিগত কৃতিত্ব নহয়—অসমবাসী ৰাইজ আৰু শিক্ষাৰ্থীসকলক সেৱা আগবঢ়োৱা লোকসকলৰ সামূহিক প্ৰচেষ্টা, অদম্য সমৰ্থন আৰু মৰমৰ প্ৰতিফলন।এই অনুষ্ঠানে আমাক সন্মানীত কৰা মূহুৰ্তটি সমগ্ৰ ষ্টুডেণ্ট কেডেট কৰ্পছ (এছ চি চি) অসমৰ পৰিয়াল আৰু ব্যক্তিগতভাৱে মোৰ কাৰনে এক অপৰিসীম গৌৰৱ আৰু আনন্দৰ মুহূৰ্ত। এই বঁটা কেৱল ব্যক্তিগত কৃতিত্ব নহয় বৰঞ্চ বিগত ৮ বছৰে অসমৰ জনসাধাৰণ আৰু ছাত্ৰ-ছাত্ৰীৰ সেৱাত আমাৰ কামত দেখুওৱা সামূহিক প্ৰচেষ্টা, নিষ্ঠা, দায়বদ্ধতাৰ স্বীকৃতি বুলি মই ভাবো। মই সদায় নিস্বাৰ্থভাৱে সেৱা আগবঢ়াবলৈ চেষ্টা কৰি আহিছো অসমৰ ৰাইজৰ মৰম স্নেহ আশীৰ্বাদ শৰীৰত লৈ। অসমবাসীৰ মৰম স্নেহ, আশীৰ্বাদ আৰু বিশ্বাসেই এই সন্মান লাভ কৰাত সুবিধা কৰিছে।এই সম্মানটি সঁচাকৈয়ে বিশেষ কৰি তোলা কথাটো হ’ল ই কেৱল মোৰ বিগত দিনৰ কাৰ্যকলাপৰ কৰ্ম প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে বুলি জনাইছে, কোনো মাচুল নোহোৱাকৈ—সমাজৰ প্ৰতি সৎ, সেৱাৰ স্বীকৃতি বুলি জ্ঞাত কৰিছে। মোৰ বাবে এয়া কেৱল প্ৰমাণ পত্ৰ নহয়— ই নিস্বাৰ্থ সেৱাৰ প্ৰতীক, আমাৰ দায়িত্বৰ সোঁৱৰণী আৰু শিক্ষা, যুৱ সবলীকৰণ, সামাজিক প্ৰগতিৰ কামত আৰু অধিক কষ্ট কৰাৰ প্ৰেৰণা।ব্যক্তিগতভাৱে মই নিজকে স্থিতিৰ জৰিয়তে নহয়, কৰ্মৰ জৰিয়তে চিনাক্ত কৰাত বিশ্বাস কৰোঁ। মই কৰা কামৰ বাবে মানুহৰ পৰা পোৱা মূল্যবোধ আৰু সন্মানেই আটাইতকৈ ডাঙৰ পুৰস্কাৰ। এই সন্মানীয় ডক্টৰেট সন্মানটিয়ে মোৰ শক্তিক নবীকৰণ কৰিছে আৰু অধিক নিষ্ঠাৰে অসমৰ ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণৰ সেৱা আগবঢ়াই যোৱাৰ সংকল্পক শক্তিশালী কৰিছে। ইফালে এই সন্মান লাভ কৰাৰ পিছতে হুছেইনলৈ এছ চি চি অসমৰ পৰিয়ালবৰ্গ নথৈ আনন্দিত হৈছে। এই শুভ মূহুৰ্তত তেখেতক বহু জনে শুভেচ্ছা জনায় আশীৰ্বাদ প্ৰদান কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী ধ্ৰুৱজ্যোতি নাথ, সোনাই আই এ এছ সঞ্চালক তথা ভাৰত চৰকাৰৰ অৱসৰ প্ৰাপ্ত বিষয়া নুৰুল আমিন, অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজ সেৱক কমৰুল ইছলামে শুভেচ্ছা জ্ঞাপন কৰে।এছ চি চি ৰ ৰাজ্যিক উপ সভাপতি মোস্তাফা কামালে শুভেচ্ছা জ্ঞাপন কৰি কয় যে , আন্তৰিক অভিনন্দন আৰু বহুত বহুত শুভেচ্ছা জনালো শ্ৰদ্ধাৰ ও অতি মৰমৰ ছাব্বিৰ হুছেইনলৈ। এয়া যোগ্য জনৰ যোগ্য সন্মান । মই বহুত আগৰ পৰাই লক্ষ্য কৰিছিলো তেওঁৰ ব্যক্তিত্ব । বহু ক্ষেত্ৰত তেওঁৰ আদৰ্শ আৰু কৰ্মৰাজিৰ মই অভীভুত তথা মুগ্ধ হৈ যাও । মই তথা আমি এছ চি চি পৰিয়াল তেওকলৈ গৌৰাম্বীত । মহান সৃষ্টিকৰ্তাৰ ওচৰত তেওঁৰ দীৰ্ঘায়ু আৰু ভৱিষ্যত মঙ্গল কামনা কৰিলোঁ । লগতে এছ চি চি অসমৰ সাধাৰণ সম্পাদক শ্ৰী সঞ্জয় শৰ্মা, ৰাজ্যিক উপ সভাপতি আবু তালেব আহমেদে হুচেইনক শুভকামনা জ্ঞাপন কৰে,ৰাজ্যিক উপ সভানেত্ৰী মিছিৰা বেগমে শুভেচ্ছা জনাই কয় যে,আমাৰ অতি মৰমৰ ছাব্বিৰ হুছেইন সভাপতি এছ চি চি অসম, তেও সূদুৰ দিল্লীত যি সন্মান পালে আমাৰ বাবে এইয়া গৌৰবৰ কথা। কৰ্ম আৰু ব্যক্তিত্ব য়ে তেও সকলোকে মুগ্ধ কৰাৰ যি অমায়িক ব্যবহাৰ সঁচাকৈয়ে প্ৰসংশনীয়। সৰ্ব শক্তিমানে তেওক দীৰ্ঘায়ু কৰক তাৰে দোৱা থাকিল আৰু তেওঁৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো।ৰাজ্যিক সম্পাদক শ্ৰী দিলীপ কলিতা ৰাজ্যিক সম্পাদক শ্ৰী ভাস্কৰ কলিতাই কয় যে,আন্তৰিক অভিনন্দন, শুভেচ্ছা জ্ঞাপন কৰিলোঁ ছাৰ, আপোনাৰ কৰ্মৰাজি আমাৰ বাবে প্ৰেৰণা আৰু আপুনি আমাৰ যুৱ প্ৰজন্মৰ সদায় আদৰ্শ হৈ ৰওঁক,ৰাজ্যিক আলোচনী সম্পাদক বদৰুজ্জামান আখটাৰ কয় যে, অসমবাসীৰ গৌৰৱ। আন্তৰিক শুভেচ্ছা জনালোঁ।ৰাজ্যিক সম্পাদক শ্ৰী মৃণাল কান্তি দাস, ৰাজ্যিক সাঙ্কৃতিক বিভাগৰ মুৰব্বী শ্ৰী উৎপল দাস, এছ চি চি ৰ ৰাজ্যিক উপদেষ্টা ক্ৰমে মতিউৰ ৰহমান, মইনুল হক চৌধুৰী, আজিজুল হক, ৰাজ্যিক প্ৰশিক্ষণ বিভাগৰ মুৰব্বী মজিবুৰ আলীয়ে শ্ৰী হুছেইনক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। লগতে, ৰাজ্যিক প্ৰচাৰ সম্পাদক ৰাজিবুল হকে কয় যে, অভিনন্দন ছাৰ আমি আপোনাক লৈ সঁচাকৈয়ে গৌৰৱান্বিত, আগবাঢ়ক ছাৰ আমি সদায় আপোনাৰ লগত গোটেই এছ চি চি পৰিয়াল আছোঁ।ৰাজ্যিক প্ৰচাৰ সম্পাদক ৰফিকুল ইছলাম, ৰাজ্যিক ক্রীডা সম্পাদক শ্ৰী সঞ্জীৱ দাস, ৰাজ্যিক সাঙ্কৃতিক সম্পাদিকা শ্ৰীমতী মৃদুলা পাটৰ, ৰাজ্যিক সম্পাদক মুস্তাফিৰ আলমে শুভেচ্ছা জ্ঞাপন কৰে। ৰাজ্যিক সহ সাঙ্কৃতিক সম্পাদক আসাৰুল আমিনে কয় যে, তুমি জোনাক নিশাৰ চন্দ্ৰ স্বৰুপ, নিজন আন্দাৰ আতৰাই সকলোকে পোহৰ বিলাই দি উপসম লভি নিজে ভাল পোৱা ব্যক্তি।মৰিগাঁও জিলা এছ চি চি ৰ সভাপতি শ্ৰী ভূপেন দাস, দৰং জিলাৰ সভাপতি, ফকীৰ মটৰছ স্বতাধিকাৰী জাকিৰ হুচেইন, বি জে পি ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ নেতা অলহাজ উদ্দিন আহমেদ, মৈৰাবাৰী মডেল স্কুলৰ অধ্যক্ষ লুতফুৰ ৰহমান, এছ চি চি ৰ প্ৰাক্তন প্ৰশিক্ষক শ্ৰী ভূপেন ৰাভাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।বিশিষ্ট শিক্ষক বাহাৰুল ইছলামে কয় যে,বহুত ভাল খবৰ, আন্তৰিক অভিনন্দন জনাইছোঁ তুমি আমাৰ গৌৰৱ।আগুৱাই যোৱা ছাব্বিৰ, সফলতাৰ উচ্চ শিখৰত তোমাক চাব খোজোঁ , আদি কৰি ৰাজ্যৰ বিভিন্ন জিলাৰ বিশিষ্ট ব্যক্তিসকলে, বিশিষ্ট শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত শিক্ষক, এছ চি চি ৰ বিভিন্ন জিলাৰ জিলা বিষয় ববীয়া কেডেট সকলে শ্ৰী হুছেইনলৈ শুভেচ্ছা জ্ঞাপন কৰে।