গেছ বিস্ফোৰণ নিয়ন্ত্ৰণৰ বাবে শিৱসাগৰত উপস্থিত আমেৰিকাৰ বিশেষজ্ঞৰ দল
ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰ ভটীয়াপাৰস্থিত অ’ এন জি চিৰ আৰ ডি এছ ১৪৭ (এ) নংৰ এছ কে পেট্ৰৰ ১৩৫ ভি আইৰ বৰ্ক অভাৰ ৰীগটোত যোৱা ১২জুনত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈ এই পর্যন্ত অহৰহ গেছ নির্গত হৈ আছে। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অ’এনজিচিৰ ক্ৰাইছিছ মেনেজমেণ্টৰ কাৰিকৰী বিশেষজ্ঞৰ দলে ভূৰ্গভলৈ ৰাসায়নিক পদার্থযুক্ত বোকা আৰু ৰীগটোত অগ্নিকাণ্ডৰ সূত্রপাত নঘটিবৰ বাবে পানী ছটিয়াই থকাৰ বাহিৰে আতংকিত ৰাইজক আশ্বস্ত কৰিব পৰাকৈ কোনো বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম নহ’ল। অ’এনজিচিয়ে বিস্ফোৰিত তৈলখাদটোৰ পৰা প্ৰতি মিনিটত উচ্চ গতিত ১৯ৰ পৰা ২০ বেৰেল গেছ নির্গত হৈ থকা খাদটোলৈ বৃহৎ পাম্পৰ জৰিয়তে ৩,০০০-৩,৫০০ পিএছআইত পানী নিক্ষেপণ কাৰ্য অব্যাহত ৰাখিছে। আনহাতে, অ’এনজিচিৰ বিশেষজ্ঞই গেছ নিয়ন্ত্ৰণৰ বাবে চলোৱা সকলো প্রচেষ্টা বিফল হোৱাৰ পাছত শুক্ৰবাৰে সন্ধিয়া পাঁচ বজাত আমেৰিকাৰ তিনিজনীয়া কাৰিকৰী বিশেষজ্ঞৰ দল শিৱসাগৰত উপস্থিত হয়। তিনিজনীয়া এই বিশেষজ্ঞৰ দলটো শিৱসাগৰত উপস্থিত হৈয়ে ভটীয়াৰপাৰৰ তৈলখাদটোত আহি উপস্থিত হয়। ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতে আমেৰিকাৰ কাৰিকৰী বিশেষজ্ঞৰ দলটোৱে অ’এনজিচিৰ বিষয়াৰ সৈতে মিলিত হৈ পৰিস্থিতি বুজ লয়। এনেকুৱা দুর্যোগৰ মোকামিলা কৰা ৪৫ বছৰীয়া অভিজ্ঞতাপুষ্ট আমেৰিকাৰ cudd well presure control company ৰ তিনিজনীয়া বিশেষজ্ঞৰ দলটোৰ গেছ নিয়ন্ত্ৰত পাঁচৰ পৰা ছয় দিন পর্যন্ত সময় লাগিব বুলি বিশেষ সূত্রে জানিব পৰা গৈছে। স্মর্তব্য যোৱা ১৬ জুনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ উপস্থিত হৈ ভটীয়াপাৰ কাণ্ডৰ পৰিস্থিত বুজ লোৱাৰ পাছতে দেশৰ পেট্ৰ’লিয়াম মন্ত্রী হৰদ্বীপ সিং পুৰীৰ সৈতে হোৱা এক আলোচনাৰ মিলিত হৈ গেছ নিয়ন্ত্ৰণৰ বাবে আমেৰিকাৰ কাৰিকৰী বিশেষজ্ঞ দল আহিব বুলি ৰাইজক আশ্বাস দিছিল। সেই আশ্বাসৰ ভিত্তিতে শিৱসাগৰত আহি উপস্থিত হোৱাৰ পাছতে স্থানীয় ৰাইজে স্বস্তিৰ নিশ্বাস পেলোৱাৰ লগতে তিনিজনীয়া কাৰিকৰী বিশেষজ্ঞৰ দলটোৱে অত্যাধুনিক পদ্ধতিৰে গেছ নির্গমনৰ প্ৰচেষ্টা চলাব বুলি অ’ এন জি চিৰ এক সূত্রই জানিবলৈ দিয়ে। ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে পুৱাৰ ভাগত সামাজিক মাধ্যমযোগে এই কথা নিশ্চিত কৰে । আনহাতে, ভটীয়াপাৰ বাৰীচুকৰ তৈলখাদটোৰ গেছ নির্গত কাণ্ডৰ বাবে দায়ী কৃষ্ণ আগৰৱালাৰ মালিকাধীন পুঁজিপতি ঠিকাদাৰী প্ৰতিষ্ঠান এছ কে পেট্ৰৰ বিৰুদ্ধে আজিও বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত আছ। এছ কে পেট্ৰৰ নগৰৰ কাৰ্যালয়ৰ সন্মুখত চতুর্থ দিনাও বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে। বীৰ লাচিত সেনাৰ মুখ্য প্রশাসনিক সচিব শৃংখল চলিহাই উক্ত প্ৰতিবাদৰ নেতৃত্ব দিয়াৰ লগতে পুঁজিপতি ঠিকাদাৰী প্ৰতিষ্ঠান এছ কে পেট্ৰৰ মালিক কৃষ্ণ আগৰৱালাৰ চুড়ান্ত গাফিলতিৰ বাবে সংঘটিত ভটীয়াপাৰ কাণ্ডৰ উচিত তদন্ত আৰু ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি যেতিয়ালৈকে ৰাইজৰ সন্মুখলৈ আহি ৰাজহুৱা ক্ষমা প্রার্থনা নিবিচাৰে তেতিয়ালৈকে প্রতিবাদ চলি থাকিব বুলি স্পষ্ট কৰি দিয়ে। লগতে এই সন্দর্ভত মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষ হস্তক্ষেপৰ দাবী জনাইছে। ঘটনাস্থলীৰ সমীপতো স্থানীয় ৰাইজে প্রতিবাদী সমদল বাহিৰ কৰে। অসম প্ৰদূষণ নিয়ন্ত্রণ বিভাগে ঘটনাস্থলীৰ পৰা পাঁচশ মিটাৰ দূৰত্বলৈকে গেছৰ ঘনত্বকে ধৰি সকলো পৰিমাপ অনুমোদিত সীমাত থকাৰ ৰিপ’ৰ্ট আৰু অঞ্চলটো ৰেড আৰু গ্রীন জ’নত ভাগ কৰা কাৰ্যৰ বিৰোধিতা আৰু ঘটনাৰ উচিত তদন্ত, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি বিতৰণত বাদ পৰি যোৱা ক্ষতিগ্রস্ত পৰিয়ালসমূহে শীঘ্ৰে ক্ষতিপূৰণ আদায় দিয়াৰ দাবী জনাই প্রতিবাদ সাব্যস্ত কৰে। সাংস্কৃতিক তথা সামাজিক কর্মী ভোলা কাকতিৰ নেতৃত্বত অঞ্চলটোৰ শতাধিক লোকে প্রতিবাদী কাৰ্যসূচীত অংশ লয়। প্রদূষণ নিয়ন্ত্রণ বিভাগ গ বেক, এছ কে পেট্র’ মুর্দাবাদ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলা প্রতিবাদী ৰাইজে পাছত হাতে হাতে প্লেকার্ড লৈ সমদল কৰি বিস্ফোৰিত তৈলখাদটোৰ সমীপলৈকে যায়। উক্ত স্থানতে প্রতিবাদীসকলে অ’এনজিচিৰ ঊর্ধ্বতন বিষয়া, জিলা অতিৰিক্ত উপায়ুক্ত মীনাক্ষী প্রেমে আৰু কাৰ্যবাহী দপ্তধীশ চৈয়দ নেকিব বৰুৱাৰ হাতত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে।