ডিব্ৰুগড়ৰ চহৰীয়া সংহতি ভৱনত সম্বৰ্ধনা অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী :কাৰো ওচৰত হাত নপতাকৈ স্বনিৰ্ভৰশীল হ’ব লাগিব
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-‘স্বনিৰ্ভৰশীল হ’ব লাগিব অসম সাহিত্য সভা, যাতে কাৰো ওচৰত হাত নপতাকৈ’-ডিব্ৰুগড়ৰ ৰামেশ্বৰলাল চহৰীয়া সংহতি ভৱনত ১৯ জুনত অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে। সাহিত্য সভাৰ অৱৰক্ষণ সমিতিৰ উপ-সভানেত্ৰী ড০ ৰুনুমা শৰ্মাই আঁতধৰা তথা হৃদয়ানন্দ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ গোস্বামীয়ে অসম সাহিত্য সভাই গ্ৰহণ কৰা আজীৱন সভ্য ভৰ্তি অভিযানৰ কাৰ্যসূচী সম্পৰ্কত কয় যে, আমি যদি ১০ কোটি টকা সদস্য ভৰ্তি কৰি ল’ব পাৰো, তেতিয়া অসম সাহিত্য সভাই কাৰো ওচৰত হাত নপতাকৈ চলি থাকিব পাৰিব। আমাৰ লক্ষ্য অসম সাহিত্য সভাত ৪ লাখ আজীৱন সভ্য সদস্য কৰিবলৈ। এইক্ষেত্ৰত আমি সঁহাৰিও লাভ কৰিছোঁ। ৯ মাৰ্চৰ পৰা এই পৰ্যন্ত প্ৰায় ৫ হাজাৰৰো অধিক আজীৱন সভ্য সদস্য হৈছে। সাহিত্য সভাৰ ভাৱমূৰ্তি কোনোদিন ম্লান নহয় বুলি উল্লেখ কৰি ড০ গোস্বামীয়ে আৰু কয়, এইধৰণৰ কামো আমি প্ৰচেষ্টা হাতত লৈছোঁ। আনহাতে নতুন প্ৰজন্মৰ বাবেও আমি কিছু কাৰ্যসূচী লৈছোঁ। ঠিক তেনেদৰে শিশুৰ বিজ্ঞান মনস্কতাক গঢ় দিবলৈকো অসম সাহিত্য সভাই পৰিকল্পনা গ্ৰহণ কৰা হৈছে। অসম সাহিত্য সভাক লৈ নতুন প্ৰজন্মৰ ওপৰত আমাৰ আশা বেছি। কেনেকৈ অসমীয়া ভাষাটোৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰি, তাৰ বাবেও প্ৰচেষ্টা চলাই থকা হৈছে। আৰু চৰকাৰেও অসম সাহিত্য সভাৰ প্ৰতি এটা দায়িত্ব অৰ্পণ কৰিছে যে, পাঠ্যপুথি প্ৰণয়নত গুৰুত্বপূৰ্ণ ভুমিকা থাকিব অসম সাহিত্য সভা। অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ অৱৰক্ষণ সমিতিৰ সভাপতি হৃদয়ানন্দ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানতে অংশগ্ৰহণ কৰা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয় যে, অসম সাহিত্য সভাৰ স্থায়ী বিত্তীয় নিধিক শক্তিশালী কৰাৰ গুৰুত্ব আৰোপ কৰা হৈছে। পৰিকল্পিত আৰু বিজ্ঞানসন্মতভাৱে অসম সাহিত্য সভাৰ কাম-কাজ পৰিচালনা কৰিবলৈ প্ৰচেষ্টা চলাই থকা হৈছে। আমাৰ কাম-কাজত বৈজ্ঞানিক ভিত্তি আছে। সাহিত্য সভাক স্থিৰতা আনিবলৈ কিছু পৰিকল্পনা কৰা হৈছে। সাহিত্য সভাৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিবলৈ শ্ৰম কৰিছোঁ। অসম সাহিত্য সভা নামৰ আন্দোলনটো শক্তিশালী ৰূপত আছে। অসমীয়া জাতি তাৰ লগত সংপৃক্ত হৈ আছে। অসমৰ সকলো মানুহ অসম সাহিত্য সভাৰ পতাকা তলত আছে। গতিকে সাহিত্য সভাৰ দায়বদ্ধতা আছে। আনহাতে এই অনুষ্ঠানতে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, উপ-সভাপতি পদুম ৰাজখোৱা, প্ৰধান সম্পাদক দেৱজিৎ বৰাক ডিব্ৰুগড় সাহিত্য সভাকে ধৰি কানৈ মহাবিদ্যালয় শাখা সাহিত্য সভা আদি শাখা সাহিত্য সভাসমূহে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক হিচাপে ডাঃ শান্তনু লহকৰে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰাৰ বিপৰীতে অসম সাহিত্য সভাৰ কুঁহি অনুষ্ঠানৰ আহ্বায়ক হিচাপে দায়িত্ব প্ৰদান কৰা হয় প্ৰশান্ত শইকীয়াক। অনুষ্ঠানৰ আৰম্ভণিতে আৰাধনা দত্ত আৰু সংগীবৃন্দই আৰম্ভণি গীত পৰিৱেশনৰ পাছতে অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান। এই অনুষ্ঠানত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি বদন গগৈ, সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সদস্য নোমল চন্দ্ৰ গগৈ, জিলা সাহিত্য সভাৰ উপ-সভাপতি প্ৰশান্ত নেওগ, ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ বিদায়ী সম্পাদক ভূৱন মোহন গোস্বামী, বিদায়ী সাংগঠনিক সম্পাদক অজয় সিংহ, নৱনিৰ্বাচিত সাংগঠনিক সম্পাদক সুনীল গুৰুং, নৱনিৰ্বাচিত আঞ্চলিক সম্পাদক ডাঃ শান্তনু লহকৰ, অসম সাহিত্য সভাৰ বৈদেশিক উপ-সমিতিৰ আহ্বায়ক ড০ শশীকান্ত শইকীয়া, অসম সাহিত্য সভাৰ যুৱ সাংসদ সমিতিৰ আহ্বায়ক গৌতম গগৈকে প্ৰমুখ্যে কৰি বিভিন্ন জিলাৰ আৰু শাখাৰ বিষয়ববীয়া কে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে,আজিৰ অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক অনুবাদক দেৱী প্ৰসাদ বাগ্ৰদীয়াৰ সমষ্ট গ্ৰন্থ সম্ভাৰৰ স্বত্ব অসম সাহিত্য সভাক প্ৰদান কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে। আনহাতে উক্ত সভাতেই অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিকৰ সম্পাদক ডা° শান্তনু লহকৰে বিদায়ী সম্পাদক ভূৱন মোহন গোস্বামী পৰা দায়িত্ব ভাৰ লোৱা লগতে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক হিচাপে সুনীল গুৰুঙে অজয় সিং পৰা দায়িত্ব ভাৰ গ্ৰহণ কৰে। আনহাতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ উপ-সমিতিত ইন্দ্ৰ গগৈ,সুৰজ দত্ত সহ কেইবাজনকো নিযুক্তি পত্ৰ প্ৰদান কৰে।