উতলা ফাগুন -এছ ইছলাম, পশ্চিম মইনবৰী, বৰপেটা 

P.C. BSI
উতলা ফাগুন 
শীতৰ অন্তত
বসন্তৰ আগমন
কুলি-কেতেকীৰ মাতত
ফাগুন ফাগুন লাগিছে গাত ।
 গছে গছে মেলিছে
 নতুন নতুন কুঁহিপাত
 উতলা ফাগুনে  কঁপাইছে
 গোটেই সেউজী জগত।
আমে মলিয়ালে
কঠালে পেলালে মুচি
আই বসুন্ধৰা ৰজঃস্বলা এৰি
হৈ পৰিল একেবাৰে শুচি ।
বাটে-ঘাটে সৰাপাত
শিমলুৱে সলালে পাত
বা-মাৰুলিয়ে ধুঁৱলি-কুঁৱলী
কৰিছে গোটেই জগত ।
উতলা ফাগুনৰ বতৰত
ফাকুৱাৰ ঐ উছৱত
শিহঁৰণ উঠে মোৰ গাত
বলিয়া বলিয়া ভাৱ মনত।
পছোৱা বতাহত
মন মোৰ হৰষিত
এজাক বৰষুণ পৰিল
ধৰণি সজীৱ হৈ উঠিল।