মৌনতা- বাহাৰুল ইছলাম, বালিজান, মৰিগাঁও

P.C. iStock
মৌনতা
মৌনতাৰো আছে নিজা অস্তিত্ব
আছে আৱৰণহীন দেহা
কঁপা কঁপা ওঁঠৰ ভাঁজে ভাঁজে
শুই থাকে কিছু তিতা, মিঠা, কেহাৰ
আটক ধুনীয়া তহবিল।
মৌনতাৰো থাকিব পাৰে হৃদয়
থাকিব পাৰে তনু-মন
শুকাই-ক্ষীণাই যাব পাৰে তাৰ ৰং
ঠিক সৰাপাতৰ দৰেই
হয়তো একেখন আলয়তে থাকে সিহঁত দুয়ো
কিজানি ভাষাৰ মাধুৰ্য হেৰোৱাই
নীৰৱতাৰ সাগৰত হাবুডুবু কৰিছে।
মৌনতাৰো থাকিব পাৰে এক অনন্য স্বকীয়তা
জীৱন-যৌৱনৰ কিছু সঞ্চিত সম্পদ
যাৰ ওমত অংকুৰিত হয় বীজ
লালিত-পালিত হয় আপোনা-আপুনি
বহন কৰে এক দীঘলীয়া সময়ৰ ইতিহাস
জড়তা গুচি এদিন শান্ত হ’ব
ভ্ৰান্ত ধাৰণাৰ উপশম ঘটিব।
এই মৌনতাৰো থাকিব পাৰে ভাষা
অগ্নি গৰ্ভত বিপ্লৱ কৰি থকা
কাল-ধুমুহাৰ অমানিশা বুকুত সাঁচি
ভাৱনাৰ মোহনাত পৰি ৰয়
অক্লান্ত সৈনিক ৰূপে।